চঞ্চল বতাহজাক










চঞ্চল বতাহজাকে
মোক লিৰিকি বিদাৰি
ৰিহাখনিত ঢৌ খেলাই

বহি আছিলো
এটা অনুভূতিক সাৱটি
ৰঙা বেলিটোলৈ চাই

কলিজাত আত্মগোপন কৰি থকা
অশৃংখল শব্দবোৰ
বাগৰি আহে নিঃশব্দে

আপ্লুত মনত
এই পৰশত
এটি শিহৰণ জাগে

অনুভৱৰ জখলাইদি
নামি আহে
জীৱনৰ আধা অঁকা ছবিবোৰৰ স্মৃতি

ধূলিৰে ধূসৰিত পৃষ্ঠাবোৰ
উশাহৰ স্পন্দনত
খোলি যায় এখিলা এখিলাকৈ

মনৰ শূন্যতা পূৰ হয়
এই উমাল সান্নিধ্যৰ
জীপাল সুগন্ধৰে

এটোপাল নিয়ৰ হৈ













সোঁৱৰণিৰ জখলাৰে নামি
গভীৰ সেউজীয়াৰ আৰত
সাৰ পাই দেখিলো
থোপা থোপে ফুলা শেৱালিৰ গছ

ভাৰাক্ৰান্ত দেহ-মন লৈ
এটোপাল নিয়ৰ হৈ
এঙামুৰি দি
দলিয়াই পেলালো দুখ

জুমি চোৱা ৰ’দে
শীতৰ লঠঙা ডালত পৰি থকা
মোতেই জিলিকি
সপোন আঁকে

বুকুজুৰি বৈ যায় ভালপোৱা

দূবৰিক ভালপোৱা
টোপা টোপে সৰি থকা
ক্ষণস্থায়ী মোৰেই সহোদৰে
হাজাৰ দুঃখত এধানি হাঁহি পাই
মুঠি মুঠিকৈ সৰি পৰে