ভালপোৱাৰ আনন্দ


ভালপোৱাৰ আনন্দ
জাগ্ৰত জীৱন শক্তি
বুকুত ভৰি পৰে
নতুন সৃষ্টিৰ
সৰল হাঁহি
ভাঙি পৰে নিঃসঙ্গতা
উজ্বল হৈ জ্বলে
যাদুকৰি সানিধ্যৰ
কল্লোলিত সপোন

তোমাৰ উপস্থিতিৰ
সানিধ্য বিছাৰি
বাৰিষাৰ বতাহযেন
শাখা প্ৰশাখা মেলি
হেঁপাহৰ সপোন বুকুত বোৱাই
গুচি যাম মই
মোৰ প্ৰিয় ৰং বুকুত সাৱতি

শেলুৱৈ ভৰা চোতালখন

মজিয়াৰ পানীডোঙালৈ চাই
ঘৰটোৰ উৱলিযোৱা চালিখনলৈ চালো
শেলুৱৈ ভৰা চোতালখনত
পানী সিঁচি সিঁচি ভাগৰি যোৱা ৰমলা
ককাঁলৰ বিষত হালি পৰিছে
খুপিখুপি কোনোমতে পানীখিনি সিঁচি শেষ কৰিছিলহে মাথো
আকৌ এজাক আপদীয়া বৰষুনে গোটেইখন বুৰাই পেলালে
বতাহজাক আহিলেই উৱলিযোৱা খেৰৰ টুকুৰাবোৰ চোতালখনত পৰে
বহাগৰ প্ৰথমজাক বৰষুনতে এনে অবস্থা 
ধুমুহাজাক আহিবলৈ আছেই
আগতেও এনে হৈছে
চাওতে চাওতে ষোল্লটা বহাগ কেনি জানো পাৰ হৈ গ’ল
কমকচাৰি দুখ বাঢ়িছিল নিতৌ
হঠাতে এছাটি চেঁচা বতাহত কঁপি উঠিলো
উশাহত সামৰি ললো দুখবোৰ
তেজৰসোঁতত এজোলোকা যন্ত্ৰনা মেলি খোজললো পদুলীলৈ

দৈনন্দিন সৃষ্টিৰ চেতনা

জীৱনৰ অন্তহীন পথত
আবেগ অনুভূতিবোৰে
বিসংগতিৰ জোঁট-পোঁটত 
নিজ অস্তিত্ব  হেৰূৱাই
মনৰ মাজত তোলপাৰ কৰে

জয়াল জয়াল লগা 
ঢৌ খেলা অনোভৱৰ
মৃদু পৰশত
খহি পৰে মনৰ স্থিৰতা

খোজে পতি কঁপি উঠা
মোৰ মনত চলা এই সংঘাট
আৰু আত্মাৰ বিননিবোৰে
লুকাভাকু খেলি খেলি
আঁক বাক কৰি যায়
জৰ্জৰিত প্ৰাণটোত 

জীৱনৰ ঘাত প্ৰতিঘাতত
বাট হেৰুয়া
অজান উপলব্ধিবোৰে
চটিয়াই দিয়ে নিস্তব্ধ শূন্যতা

মই অচিন পথৰ যাত্ৰী
মোৰ সত্তাত সৃষ্টি 
এই অস্থিৰতাৰ সৰ্পিল পাকত
নিঃশব্দে উপঙি থাকে
দৈনন্দিন সৃষ্টিৰ চেতনা

মনত জগাই তোলে নতুন আশা


হাবাথুৰি খোৱা মনে
সহাঁৰি বিছাৰি
এবুকু হেঁপাহ লৈ
আগুৱাই খলাবমা বাটেৰে

ধুমুহাত উভালখাই পৰা
বি়শাল গছজোপাৰ
ঠন ধৰি গজি উঠা
ডাল পাতবোৰে
নিঃসংগ মনত জগাই তোলে
নতুন আশা

প্ৰকৃতিৰ কি বিচিত্ৰ নিয়ম
জীৱৰ জীয়াই থকাৰ
এই প্ৰচেষ্টাই
হৃদয়ত বোৱাই
ভেটা ভঙা পানীৰ
আন্দোলিত গতিৰ ধাৰা