আহিনৰ সন্ধিয়া












চাকিৰ কঁপি কঁপি 
ক্ষীণ হোৱা পোহৰৰ দৰে
গধূলীৰ বেলিটোৰ পোহৰ
ঢৌবোৰৰ কঁপনিৰ তালে তালে 
তিৰবিৰাই নোহোৱা হ´ল

চাৰিওফালে অত ত’ত সিঁচৰতি
মনৰ ভাৱবোৰ গোটাই ভাবিছো
দিখৌৰে উজাম নে ভটিয়াম

কঁপি কঁপি বৈ যোৱা 
মেটেকাখিনিলৈ চাই
আহিনৰ সন্ধিয়া 
মনটো দোমোজাত পৰিল

বঠা এৰি ঢৌৰ কঁপনিত হালিজালি 
আশাৰে আকাশলৈ চাই ৰলো
জোনটিয়ে লৈ আনে নেকি
কিবা দিকৰ বতৰা 

এমুঠী জিয়া আবেগৰ স্পন্দন মিচিকিয়া হাঁহি













মিচিকিয়া হাঁহি
এমুঠী জিয়া আবেগৰ
অনুভুতিৰ স্পন্দন

উত্তাল ঢৌৰ সজীৱতা হৈ
ৰি ফুৰে
সীমাৰ প্ৰান্তে প্ৰান্তে

আসেপাশে অনুভৱ হয়
গতিশীল জীৱনৰ
সজীৱ মাদকতা

বসন্তৰ বোৱতী ঢৌয়ে
অহৰহ খেলি থাকে
এই সজীৱ স্পন্দনত

এটি মৌন পৰশৰ সুৰ
হৃদয়ত বাজি 
অঙ্গে অঙ্গে ফুটি উঠে
প্ৰাণচাঞ্চল্যৰ শিহঁৰণ

এক নিবিড় আকৰ্ষণ
অনুভৱ হয়
জীৱন্ত আত্মাত 

মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
হৃদয় ভৰি পৰে ভালপোৱাৰে

জীয়াই থকাৰ
এটি উদগ্র বাসনাই
প্রাণ পাই উঠে
ন-সৌন্দৰ্য্যৰ ৰূপলৈ

আদৰি নিবলৈ
সযতনে সাঁচি থওঁ
অংকুৰিত কল্পনাৰ 
উন্মুক্ত প্লাৱন

লহৰৰ মায়াজাল ৰছি
প্ৰকৃতিৰ এটি সুৰসমলয়
অহৰহ প্ৰতিধ্বন্নিত হয়
আকাশে বতাহে

এই অজান সংগীতৰ মাদকতাত
আশাবোৰ ভাঁহি যায় 
ৰঙা নীলা সপোনৰ
মিঠা সুৰৰ ঝংকাৰ হৈ

পুৱতী নিশাৰ আৰে আৰে















শৰীৰৰ আহে আহে
বাট হেৰুয়া এটি অনুভৱ
নিৰৱে বিৰিঙিল
পুৱতী নিশাৰ আৰে আৰে

কুৱলীৰ আলসুৱা বুকুত
নিজকেই হেৰুয়াই
উশাহ লও
পূৱাৰ চেঁচা বতাহজাকত

এধানমানি কুৱলীৰে
হিয়া ভৰাই
অনুভৱ কৰো
সৰি পৰা শেৱালীৰ সুগন্ধি সুৱাস

এটি অচিনাকি ঢৌৱে
মনৰ তন্ময়তা ভাঙি
অস্থিৰ কৰি তোলে মন
অবুজ ভাষাত

বিৰিণাৰ পাতত ঢৌ খেলাই
বৈ যোৱা এছাটি পচোৱাই
উদুলি মুদুলি মোৰ অনুভৱত
লৈ আহে এটি ঘনিষ্ঠ উত্তাপ

তৰপা তৰপকৈ জমি যোৱা
লক্ষভ্ৰস্ত হৈ থমকি ৰোৱা
নিৰ্বিকাৰ ক’লা ডাৱৰবোৰ
উৰি যায় নিমিষতে

এটি ন-উচ্ছাসৰ
ৰিমঝিম অনুভূতিৰ আবেগে
শিহৰন তুলে
হিয়াৰ কোনে কোনে

মিঠা মিঠা বোল সানি
চেঁচা বতাহ চাটিয়ে
কাণে কাণে কৈ যায়
প্ৰভাতৰ নতুন আশাৰ বতৰা

লক্ষভ্ৰস্ত যাত্ৰাৰ এনে সময়বোৰত















বাট হেৰুয়াই
উমি উমি বুকুত জ্বলা
এটি অচিনাকি ঢৌৱে
সৰ্পিল গতিৰে
শৰীৰৰ আহে আহে
সৃষ্টি কৰে ভয়

কলিজাটো বুকুত সাৱতি
ব্যাকুল মন
নিৰৱ হৈ থাকে

লক্ষভ্ৰস্ত যাত্ৰাৰ এনে সময়বোৰত
মনত বয়
ৰহস্যময় অনিশ্চিত ধাৰা

অস্থিৰ মনৰ ভাজে ভাজে
অনুভৱ কৰো
এটি অচিনাকি গুণগুণনিৰ
জয়াল জয়াল লগা
চঞ্চল ঢৌৰ কঁপনি

মোৰ চৌকাষে চলি থকা
এন্ধাৰ ক’লা ছাঁয়াৰ
বিচিত্ৰ খেলাত
নিথৰ হৈ ৰও ক্ষন গনি

জীৱনৰ ভাজে ভাজে

খহি পৰি মূক হৈ ৰয়
বুকুত শিপাই থকা অনুভূতি

বুকুত গঢ়া 
সপোনৰ হেঙুলীয়া বোল 
টুকৰা টুকৰ হৈ 
বতাহত বিয়পি যায়

এনে ক্ষণবোৰত
মনত তোলপাৰ লাগে
সুখ দুখৰ সোঁৱৰণীত

নিৰ্জ্জনতাৰ অজ্ঞাত ভয়ত
দিক্হাৰা হৃদয়ত ভাহি উঠে
স্বপ্ন ভঙাৰ প্ৰহেলিকা

চকুত জিলিকি উঠে
নিয়তিৰ ৰহস্যময় খেলা

অনিশ্চিত ভবিষ্যতৰ উপলব্ধিত
ৰিক্ত হৃদয়ত 
নিশব্দে বৈ থাকে 
পানীৰ চেঁচা সোঁত

আন্ধাৰৰ মাজে মাজে
আশাৰ জিলিকনি এটিয়ে
সত্তাত প্ৰতিবাদ কৰে

জীৱনৰ ভাজে ভাজে 
ভাৱৰ তৰংগবোৰৰ সৃষ্টি 
এনে খেলিমেলিবোৰে 
মনটো আগুৰি ধৰি
জীৱন গতিত লৈ আহে 
এটি স্থৱিৰতা

ভেটা ভাঙি অহা ঢৌবোৰ




















ভেটা ভাঙি ঢৌবোৰ
যেতিয়া কোবাল গতিত আহে
দিক্‌হাৰা হৃদয়ত উপচি পৰে
উন্মাদ চঞ্চলতা

আলোৰিত ধাৰাষাৰ ধলৰ 
গৰ্জনত কঁপি উঠে প্রাণ 

আঘাতপ্ৰাপ্ত উদ্বাউল মনত 
ভৰি পৰে শূণ্যতা

বুকুৰে নিগৰি বৈ আহে
নিথঁৰ চেঁচা সোঁত

বুকুৰ আশাবোৰৰ
ভগ্ন খণ্ডবোৰে
ককবকাই খেপিয়াই ফুৰে
জীৱন নদীৰ পাৰ

‎বুকু ভঙা বেদনাৰ 
ক্রমবৰ্দ্ধমান যান্ত্রনাত
থানবান হৃদয়ত
ভৰি পৰে ক্লান্তিৰ ছায়া

চক্রবেহুৰ মেৰপাকত বন্দি জীৱন

জীৱনৰ অকোৱা পকোৱা বাটত
ঠিকনা বিহীন হৈ যান্ত্রিকতাৰ চক্ৰবেহুত পৰি
অলস মন্থৰ দেহত বিয়পি যায় 
কিছুমান শব্দৰ কলকলনি

আশা নিৰাশাৰ মাজত দুবাহু মেলি 
সুখ-দুখৰ চঞ্চল চমক
হিয়াত বাগৰে

হে জীৱন
স্বপ্নৰ জাল ৰচি
গুজৰি-গুমৰি দশোদিশে খলকনি তুলি কৰা যাত্ৰাৰ
সীমাহীন গতিৰ
দূৰ দিগন্ত  বিয়পি থকা জীৱন অভিধানৰ  
বিচিত্ৰ কাহিনীৰ এইযে চেতনা
তাতো কিছো ৰোমাঞ্চ্ আছে

অবুজ মাদকতাৰ স্বকীয় উপলব্ধিৰ
জীৱনে খোজ লয় খলা বমা পথেৰে

এই অস্তিত্বৰ জিলমিল ৰূপৰেখাই
বুকুত ৰচে বিচিত্ৰ সুৰ
খলা-বমা পথবোৰত চমকি ৰৈ
জগাই উষ্ণ আমেজ 

এক অনুভূতিৰ সাথঁৰ
শৰীৰৰ প্ৰতিটো বিন্দুত উপচি পৰে

চক্রবেহুৰ মেৰপাকত বন্দি
জীয়াই থকাৰ উদ্দেশ্য
অকোৱা পকোৱা বাটৰ
এটি যেন সুসম্পূৰ্ণ সমাহাৰ

অন্ধকাৰ ভৱিষ্যৎ












উচূপী উঠিছে
সেমেকা পথাৰ

মনত জাগিছে
এটি ভাষাহীন  
অচিনাকী অনুভৱ

হৃদয় অস্থিৰ 
বাট হেৰুৱাই
উমি উমি জ্বলে 
অন্ধকাৰ ভৱিষ্যৎ

সেই দুখ কঢ়িয়াই
ৰৈ আছো ময় নিৰলে

খহি পৰা সপোনৰ
কাতৰ বিননিত
হিয়া ভাঙি নিগৰি আহে
দুখৰ চকুলো

নিৰাশাত নিৰৱ হৈ
পাৰ কৰো সময়

তৰপা তৰপকৈ 
চেঁচা হৈ 
জমি যোৱা ক্ষণবোৰত
মনত বয় অনিশ্চয়তাৰ ধাৰা

ৰঙবিহীন পথৰ 
এই অনুভূতিয়ে লৈ আহে
উৰুঙা উৰুঙা লগা
এটি অৱসাদ

অজুব সুৰৰ বুৰবুৰণি












সৰাপাতৰ গুনগুননিৰ মাজেৰে 
থমকি থমকি 
কেতেকীৰ ভাগি অহা কণ্ঠত
হিয়াত বাজি উঠে  
চাঞ্চল্যৰ এটি মৃদু স্পন্দন

চুচুক চামাককৈ এজাক বতাহে
আৱেগৰ ধল বোৱাই  
হৃদয়ত ধালি দিয়ে 
উতলা বিচিত্ৰ নীৰৱ ৰাগিণী

মনৰ অশান্ত ঢৌৰ উৰ্মীমালা
বতাহৰ আচলত ধৰি
ধাবমান হয়

মায়াৰ ফান্দত পৰি 
বৈ যায় হৃদয়ৰ স্তৰে স্তৰে
উগুল থুগুল এটি নুবুজা ৰাগ

এই অজুব সুৰৰ বুৰবুৰণি
বুকুত নিঃশব্দে বগাই ফুৰি
এৰি থৈ যায়
কিছু আনন্দ আৰু কিছু বিষাদ

এক নতুন পোহৰৰ অনুভৱেৰে

জোনাক নিশা
অবুজ মন ঢাপলি মেলে
আকাশৰ বুকুলৈ

সন্ধিয়াৰ আকাশৰ
স্নিগ্ধ সৰল সন্মিলিত সুৰৰ
এনে মূহূৰ্তবোৰত
মোৰ শৰীৰত ফুতি উঠে
এক সজীৱতা

নীৰৱতা ভেদি
অনুভৱবোৰে পাহি মেলে
দোলা দি থকা
সেমেকা বতাহজাকত

কিছু অনুভৱ উজাই আহে
এন্ধাৰৰ নিমজ দেৱাল সৰকি
হৃদয়ৰ কোঠালীবোৰলৈ

এক নতুন পোহৰৰ অনুভৱেৰে
সজীৱ হৈ উঠে নীৰৱে থকা 
স্মৃতিৰ মিঠা সুৰবোৰ

মনৰ স্পন্দিত তৰংগৰ ধুমুহা বা-মাৰলি











স্মৃতিৰ তেজ ৰঙা পৃষ্ঠাবোৰে       
মাজে মাজে মনত কঁপনি তুলে

তোলপাৰ কৰে
হৃদয়ৰ ভগ্ন খণ্ডবোৰে

আকাশ নিনাদি
আজুৰি জ্বলে
উত্তাল আকাংক্ষাবোৰ

দিকহাৰা হৈ সপোনবোৰে
খেপিয়াই বিচাৰি ফুৰে
বিচূৰ্ণ ৰমক্ জমক খণ্ডবোৰ

মনৰ কোঠালীবোৰত বয়
বা-মাৰলীৰ সোঁত

বুকুৰ আশাবোৰৰ  
হুলস্থুলীয়া কল্লোলত
মন উৰি যায় 
দিগন্তলৈ হাত মেলি

দুচকুৰ পাহি
আগুৰি ধৰে
আকাশ ওফন্দি পৰা
অন্তহীন ধুমুহাৰ ডাৱৰে 

স্পন্দিত তৰংগৰ ধুমুহা বা-মাৰলিত
এনে মূহূৰ্তবোৰে
ভাৱনাত কঁপনি তুলে

মনত ভাহি উঠে
এক অজান অনুভতি
নীৰৱতা ভেদি
তেজৰ সোঁতত বয়
এন্ধাৰৰ নৃত্যৰ চলনা

ভিজা ৰাতিৰ ছন্দে ছন্দে

চৌদিশে ভাহি থকা
স্মৃতিৰ ঢৌবোৰ
থমকি ৰয় জোনাক নিশা

হৃদয় বাৰে বাৰে ওভতে
সোঁৱৰণিৰ দুৱাৰ দলিত
উজুটি খাই

মায়াত পৰি
ভিজা ৰাতিৰ ছন্দে ছন্দে
উন্মনা আৱেগে সাৱতে
তেজত ৰৈ যোৱা হাবিয়াসবোৰ

নিজানে অবুজ মন ঢাপলি মেলে
সপোনে গুনগুনাই মতা দিশলৈ

মন হেৰাই ক্ষনিকতে


















সুখ দুখৰ সীমা এৰি
উটুৱাই দিছিলো মন
তামস আকাশৰ স্তব্ধতা ভাঙি 

থমকি থমকি
মৌনতাৰ আৰ লৈ
বুকুয়েদি বৈছিল
মুক্ত বতাহৰ অনুভৱ

নৈপৰীয়া বতাহত
বুকুত সিঁচৰিত আশাবোৰ
বৈ যায় দূৰ-দূৰণিলৈ

ঢৌ খেলা বিৰিণাৰ
আত্মতৃপ্তিৰ অভিনৱ মাদকতাত
মন হেৰাই ক্ষনিকতে

সজীৱ আৱেদনৰ মধুৰ অনুভূতিৰ
মায়াত পৰি 
উন্মনা হৈ পৰে হৃদয়

বুকুত উবুৰি খাই পৰা হেঁপাহবোৰ
লহৰিত হৈ একাকাৰ হয়
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ সুৰত

সন্ধিয়াৰ ওৰণিৰ আৰে আৰে
নিৰৱে মাৰ যায়
অবুজ মায়াৰে ভৰা
দোমোজাত পৰা হৃদয়ৰ ভাৱবোৰ

ঢৌৰ খোজে খোজে
















অস্থিৰতাত মন জ্বলে
চটিয়াই সিঁচি যায় বুকুৰ বিশৃংখল তাড়নাবোৰ

অবুজন হৃদয়ে জুমি চাই দেখে
ভাঙি গুড়ি হোৱা আবেগবোৰ

উফন্দি উঠা ঢৌৰ চাকনৈয়াত
নৈপৰীয়া কহুৱাই থমকি ৰৈ
মিলি যাব খুজে বতাহত

পলে পলে বিয়পি পৰা
এমুঠী জিয়া আবেগে পথভ্ৰস্থ হৈ 
ভিৰ কৰে মনৰ আশে পাশে 

বুকুৰ বান্ধ ভাগি 
আবেগবোৰ অনুৰণিত হৈ নিঃশব্দে আগবাঢ়ে
ঢৌৰ খোজে খোজে

চিগা ভগা ফেনিল ঢৌবোৰ




















অস্থিৰ মনত
বাধাহীন উৰ্ম্মিমালাৰ
প্রতিটো লহৰত
কঁপি কঁপি উঠিছিল
জীৱন গতিৰ ঢৌ

ফেনিল পানীৰ নিৰৱ ঢৌবোৰে
দিক্‌হাৰা ধৰ্ষিতা হৃদয়ত সিঁচিছিল 
আলোৰিত প্রাণৰ 
ধাৰাষাৰ ঢলৰ ভাৱৰ শীতলতা

চিগা ভগা ফেনিল ঢৌবোৰ
চাকনৈয়াৰ মেৰপাকৰ পৰা মুক্ত হৈ
আঘাতপ্ৰাপ্ত এমুঠী জিয়া আবেগ লৈ
মাৰ যোৱা ঢৌত
উপচি পৰিছিল চৌদিশে
এই নিস্তব্ধতাই 
মনত সিঁচি দিছিল 
এক আৱেগিক অনুভূতি

নৈৰ যুঁৱলিত আৱদ্ধ
মনৰ অনুভূতিবোৰে
মৌনতাৰ নিস্তব্ধতাত
ভাৱত সৃষ্টি কৰিছিল খেলিমেলি

অন্তৰৰ আঁহে আঁহে
বাৰে বাৰে উকি মাৰি
নিগৰি বৈ অহা আৱেগবোৰ 
জাহ গৈছিল বুকুত
নিথঁৰ চেঁচা হৈ 

এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত













নীৰলে অপেক্ষা কৰি
কিয় জানো আজি
ভাৱ সাগৰত ডুবগৈ
অনুভৱ কৰিব বিচাৰিছো
কুৱলীৰে  আৱৰা
কৈশোৰৰ কুহুমীয়া বেলিটো

এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত
হৃদয়ৰ অনুভূতিৰ স্পন্দন
খামুচি ধৰি স্মৃতিৰ জোনাকত
ঢপলিয়াই ফুৰো

বিদ্যুতৰ এটি স্ফুলিংগ
উৰি ফুৰি
লৈ আহে এটি 
চিনাকি ঢৌৰ কঁপনি

এক অবুজ বন্যাই
মনটো উটুৱাই লৈ যায়
অজান দিশলৈ

হৃদয়ৰ আৱৰণ খুলিলে
স্মৃতিৰ জোনাকীবোৰে
আৱৰী ধৰেহি
সোঁৱৰণিৰ পদুলি মুখত

অন্তৰৰ আঁহে আঁহে
চিনাকি অচিনাকি কুঁৱলীসনা
এৰি অহা কথাবোৰে
মোলৈ তধা লাগি চায়

জীৱনৰ বাটে বাটে
এই আৱৰণ খুলিলে 
হৃদয় জুৰায়

উগুল ঠুগুল নিস্তেজ মনত
এজাক বতাহ আহি 
যেনি তেনি বগাই ফুৰি
মনটো সতেজ কৰি তুলে

নৃত্য-ছন্দত মনত উক দিয়া আবেগৰ ধোঁৱাবোৰ











নৃত্য-ছন্দত মনত উক দিয়া 
আবেগৰ ধোঁৱাবোৰে
থিতাপি লৈছিল হৃদয়ত

ঠন ধৰি উঠা
উপলব্দ্ধিৰ এই গুণগুণনি
হৈ পৰিছিল এক জাগ্রত শক্তি

ৰহস্যময় এই ধোঁৱাৰ
নৈশব্দ অনুভূতিত
আশাৰ এক সানমিহলি ৰং
মন দপোনত বিৰিঙি উঠিছিল

বুকুত বাজি উঠা সুৰ
আৰতিৰ ধ্বনি হৈ
বিয়পি  গৈছিল
আনন্দৰ জোৱাৰ হৈ

লক্ষ ঢৌৰ খেলিমেলি













জীৱনে খোজ লয়
অনুভূতিৰ পম খেদি

বিবেকী যুদ্ধত
ফুটি উঠে অস্থিৰতা

খোজে পতি কঁপি উঠা
উগুল-থুগুল অন্তৰত জাগি উঠে ব্যগ্ৰতা

কিয় এই 
লক্ষ ঢৌ মন সাগৰত

নিঃশব্দে কল্পনাৰ ছবিত উপঙি থাকি 
অনুভৱবোৰত বাৰিষাৰ ঢৌ খেলাই

ধীৰে ধীৰে মাৰ যায়













শেষ পোহৰে হাঁহি হাঁহি
ঢালি দিয়ে পশ্চিমৰ আকাশত
জিলমিল সপোনৰ ৰং

মৌন অন্ধকাৰ  সাৱতি
পাত-সৰা গছবোৰ
আন্ধাৰৰ আঁচলত হেৰাই
তল পৰে জীৱনৰ উল্লাস

নিমাত-নিটাল এন্ধাৰৰ কোলাত
ধীৰে ধীৰে মাৰ যায়
সূৰ্য্যস্নাত ঘৰ্মাক্ত দেহৰ
দৈনন্দিন সৃষ্টিৰ চেতনা

সোঁৱৰণিয়ে ৰিঙিয়াই












অস্ত বেলিয়ে সীমা পাৰ হৈ
পাহাৰ বগাই নামি অহা
আকাশক ৰঙাকৈ আঁকিলে

এন্ধাৰ সাবটি 
নিশাৰ সপোন যাচি 
মাগিলে বিদায় 

পাহাৰ তলিত
ভৈয়ামৰে সীমাত
সেমেকা  গধুলি
সোঁৱৰণিয়ে ৰিঙিয়াই 

নাজানিলো আকাশে কিয়
উলাহেৰে ডাৱৰক সাবটিলে

ৰিণিকি ৰিণিকি
দূৰণিত শুনো
মৌন নিশাৰ
পখীটিয়ে গীত গায়

অনুভৱৰ চলনা













স্মৃতিয়ে লুকা ভাকু খেলি
আলোৰিত ধাৰাষাৰ ধলেৰে 
নিৰৱতাৰ দৃৱাৰ সৰকি
বুকুত সিঁচিছিল 
এটি সুৰৰ উত্তপ্ত ৰাগিণী

ভেটা ভাঙি ঢৌবোৰ
তেজৰ সোঁতত বিয়পি পৰিছিল
কল্লোলিত তৰংগ হৈ

মন দিক্‌হাৰা হৈ
ধাপলি মেলিছিল
স্মৃতিৰ পম খেদি

এমুঠী জিয়া আবেগ
সন্ধ্যাৰ আৰতিত 
বুকুত সঘনে কঁপিছিল

উপচি পৰা ভাবৰ উন্মাদনাত
চিকিমিকি সপোনৰ ধল বোৱাই
হিয়াত বাজিছিল
সঙ্গীতৰ অশান্ত ঢৌ

আলফুলকৈ বাঢ়ি অহা
অনুভৱৰ এই চলনা
নিঃশব্দে চলিছিল 
হৃদয়ৰ স্তৰে স্তৰে 

অবাধে কাঢ়ি লৈ যায় হৃদয়













জোনাকৰ আবেশত প্ৰাণ পাই উঠে
এটা চাঞ্চল্যৰ মৃদু স্পন্দন

উল্লাসত উপচি পৰা লুইতৰ ঢৌত
চিকিমিকি কৰে সপোনৰ ৰিহা

প্ৰাণত ভাবৰ উন্মাদনাই ধল বোৱাই
বাজি উঠে হিয়াত সঙ্গীতৰ অশান্ত ঢৌ

আকাশচুম্বি এক আকাংক্ষা
কম্পিত হৃদয়ত ধাবমান হৈ আকাশ চুব খোজে

এই মায়াৰ জালত পৰি টলমল কৰে মনৰ ভাৱ
ধাপলী মেলি গুছি যায় বিস্ময়ৰ লুংলুঙীয়া বাটেৰে

শীতল জোনাকৰ মাদকতা ভৰা পৰশত
সোঁৱৰণিত বাজি উঠে নূপুৰৰ ধ্বনি

বিচিত্ৰ অনুভৱৰ এই সুবাস
হৃদয়ৰ স্তৰে স্তৰে  ভাহি মনটোক লৈ যায় চলনা কৰি

নিঃশব্দ নিজান এই জোনাক ৰাতি
বুকুত চলা কহুৱাৰ কম্পনৰ ঢৌ আলফুলকৈ বাঢ়ি আহি
অবাধে কাঢ়ি লৈ যায় হৃদয় 

সন্ধান এচমকা পোহৰৰ ৰশ্মি











ককবকাই ঢাপলি মেলিছিল
শূণ্যতাৰ আন্ধাৰলৈ নিঃস্ব হৃদয়
উচুপী উঠিছিল নিৰৱে
অতল গহ্বৰত ডুবি

পোৱা নোপোৱাৰ দুমুজাত পৰি
নিৰুদ্দেশ হৈ পৰিছিল পৰিচয়

খেলিমেলি মনৰ মাজত
দুখ আৰু আঘাতৰ
বৈছিল এখনি বোৱতী নৈ

নিস্তব্ধ নিশাৰ জিলমিলনিত
সজল চাৱনিৰে মন আত্মাই  
সন্ধান কৰিছিল
এচমকা পোহৰৰ ৰশ্মি

আত্মানুসন্ধানৰ পথত
জীৱন যুদ্ধত জীয়াই থকাৰ
ক্ষণ গনি নিৰৱে কঁপিছিল 
হেৰাই যাব খোজা
জীয়াই থকাৰ তীব্র হেঁপাহ

জীৱন সুৰৰ মূৰ্চনা













অবুজ ভাষাৰ 
জীৱন সুৰৰ মূৰ্চনাই
নি:শব্দ উপত্যকাৰ কোলাত
অনুভূতিক বোৱাই নিয়ে

কোলাহল ভৰা সময়বোৰ 
শীতল হৈ ৰয়
আকাশৰ নীলা প্ৰেৰণাত 

পথাৰৰ চিনাকি মাটিৰ গোন্ধই 
মনটোত জগাই তোলে প্রশান্তি
সিঁচি দিয়ে মনত 
এটি সপোনৰ মধুময় ছন্দ

তেজৰ স্পন্দনত
সুৰ তুলি সিঁচি যায় 
জীয়াই থকাৰ সুৰভি

নিজান সন্ধিয়া 
জোনাকীৰ মায়া ভৰা  নৃত্যই
হৃদয়ত সিঁচি যায়
ৰূপালী স্পৰ্শৰ উত্তাপ

আউল লগা জোতপোত মনৰ ভাৱ
এই গহীন পৰিবেশত
মুকলি হৈ লহৰিত হয়
এক বোজাব নোৱাৰা গুণগুণনীৰে

বতাহত লৰি থকা 
বিৰিনাৰ নৃত্যত
অন্তৰত আবদ্ধ আবেগ
বতাহত পমি যায়
গীতৰ কলি হৈ 

সেমেকা শীতল বতাহ চাটিয়ে
মনৰ কোণে কোণে ঢৌ তুলি
টানি নিয়ে মোক
স্নেহ ভৰা বাটেৰে

প্ৰকৃতিৰ প্ৰতিটো শব্দত
ফুটি উঠা শুভ্ৰ কোমল সুৰভিত
তন্ময়তাৰ চকু যায় দূৰ দূৰণিলৈ

সমগ্ৰ শৰীৰ বিয়পি
বুকুলৈ উজাই আহে
চমত্কাৰ এটি অনুভৱ

প্ৰকৃতিৰ এই শান্ত শীতল অনুভৱত
নিগৰি বৈ আহে
বুকুত সাঁচি ৰখা হেঁপাহবোৰ
মৃদু মলয়াৰ তালে তালে

এটি সংঘাতৰ খেলিমেলিত মন













মৌনতাৰ আৰ লৈ
নিৰৱ হৃদয়ে
সহ্য কৰিছিল
এটি সংঘাতৰ খেলিমেলি

হৃদয়ত ঢৌ তুলা
ভাৱৰ চাকনৈয়াত পৰি 
ক্ষণিকৰ কাৰনে বিচাৰিছিলো 
উন্মুক্ত আকাশত জীৱনৰ হেৰুৱা ৰং

বুকুৰ কোলাহলত
দিশহাৰা হৈ বুৰ যাও 
এনে মৌন ক্ষণবোৰত

ওফন্দি উঠা আবেগৰ বোৱতী বানত
স্মৃতিৰ ঢৌবোৰ ভাহি যায় নিৰৱে 

অবুজন মনে
আৱেগৰ অকোৱা পকোৱা বাটত
ঠিকনা হেৰুৱাই
নিঃশব্দে অপেক্ষা কৰে

নুবুজা এই সময়ত
মনে প্ৰাণে প্ৰৱাহিত
পিয়াসি মনৰ স্পন্দন
বৰষা হৈ নামে

এটা চাঞ্চল্যৰ মৃদু স্পন্দন













আজি থমকি ৰ'লো হঠাতে
মই অনুভৱ কৰিছিলো 
এটা চাঞ্চল্যৰ মৃদু স্পন্দনে
চুচুক চামাককৈ আহি মনত কঁপনি তুলিছে

মন প্ৰভাৱিত কৰি নামি আহিছিল এজাক অবতৰীয়া বৰষুণ
এনে জটিল মুহূৰ্তবোৰত
অন্তৰৰ পৰা বৈ অহা অনুভূতিবোৰে মোৰ মনটোক লৈ চলনা কৰে

মনত জাগি উঠা দোমোজাত
জীৱনৰ কঠিন  বাটৰ সংঘাটৰ চাকনৈয়াবোৰে
মোৰ তপত নিশ্বাসত কঁপনি তুলে

অতীতৰ স্মৰণ আৰু ভৱিষ্যতৰ শংকাই
অৱচেতন মনত মাজে মাজে পাক-ঘূৰনি খায়

আকাশৰ গভীৰতালৈ চাই
জীৱনৰ সংঘাটৰ কিছু অনুভৱ বুটলি লৈ বিচাৰোঁ 
কিছু আনন্দ আৰু কিছু বিষাদ

অলপ অভিমান আৰু কিছু আৱেগ
সংমিলিত হয় এটি বিন্দুত
হৃদয়ৰ স্তৰে স্তৰে  বাজি উঠে নতুনকৈ জী উঠাৰ আশা

এই অপূৰ্ব্ব সৃষ্টিৰ চেতনা













সূৰুযৰ ৰশ্মিৰে প্ৰতিফলিত 
সেউজীয়া পাতৰ বুকুত
খেলি যায় এটি স্পন্দন
এটি আকৰ্ষণ

বতাহৰ গতিত সূষ্টি
উত্তাল তৰঙ্গৰ ঢৌয়ে
সপোনৰ মায়াজাল ৰচি
শৰীৰৰ প্ৰতিটো বিন্দুত
নিঃশব্দে বোৱাই
অনুভূতিৰ এক নিৰ্ম্মল আবেশ

আত্মহাৰা হৈ
এই অপূৰ্ব্ব সৃষ্টিৰ চেতনাত
অনুভৱ কৰোঁ 
জীৱনৰ সজীৱতা

মনৰ ৰূদ্ধ দুৱাৰ ভাঙি 
বুকুয়েদি বৈ যায 
বনৰীয়া সুবাসৰ সুগন্ধ 

মোৰ সমগ্র শৰীৰত
অপূৰ্ব্ব উদ্মাদনাৰ শিহঁৰণ জাগে
আকাশে বতাহে বৈ থকা
সুৰ সমলয়ৰ এই স্পন্দনত
প্রাণ পাই উঠে
জীৱন সংগীত

নিজকে বিচাৰি ফুৰাৰ হাবিয়াস













স্মৃতিবোৰে কোলাহল কৰে
নৈৰ ধিৰ গতিত ভটিয়াই যোৱা 
আন্দোলিত ঢৌৰ তালত

ঠিকনাবিহীন কিছু অনুভৱ
বৈ যায় আঁহে আঁহে 

নিজকে বিচাৰি ফুৰাৰ এই হাবিয়াসে 
জৰতা ভাঙে নি:সংগ দীঘলীয়া সময়বোৰৰ

কোনো অজান প্রেয়সীক লগ পোৱাৰ আশাৰে
তৰো পালতৰা নাও ভাৱ সাগৰত ডুব গৈ

উদুলি মুদুলি আকুল হৃদয়












মেঘালিৰ বুকুত ঢৌ খেলি
চিকমিকনি উঠে ডাৱৰত

বন্দনাৰে মুখৰিত 
আকাশৰ নীলা প্ৰেৰণাত 
পৃথিবীৰ বুকুলৈ নামি আহে
ধাৰাষাৰ বৰষুণ 

নাচি উঠে মন 
স্বপ্নৰ মায়াজাল ৰচি
সিঁচি দিয়ে বুকুত 
আনন্দৰ ঢৌ 

উখল মাখল হৃদয়ত 
অহৰহ বাজে
এক বোজাব নোৱাৰা গুণগুণনী

জীয়াই থকাৰ
এক উৰ্দ্ধগামী শিখাই
বুকুত জোৱাৰ আনি
আলোৰন কৰে
অস্থিৰ হৈ পৰে মন

উদুলি মুদুলি আকুল হৃদয় 
নিসংগতাৰ ফাকে ফাকে 
এখুজি দুখুজিকৈ উজাই 

এজাক উৰুঙা বতাহৰ খলক













মোক উন্মনা কৰি
এজাক উৰুঙা  বতাহে
ঢৌৰ খলক লগাই
তোলপাৰ কৰিছিল

সমাগত দিনবোৰৰ কথা ভাবি
সৃষ্টি হৈছি্ল হৃদয়ত 
অন্তহীন ঢৌ

মনৰ ভিতৰত বৈ যোৱা
অশান্ত বতাহ ছাটিয়ে 
বৰ্ষাৰ সংকেত লৈ
ধুমুহাৰ এটি স্বপ্ন জাল ৰচি
কল্পনাৰ মজিয়াত উন্মত্ত হৈ
আৱেগত খলকনি তুলিছিল

অন্ধ কুঁৱলীৰ ছায়াঁত আবদ্ধ হৈ থকা
মনৰ অতল তলিৰ অনুভৱবোৰে
তধা লাগি চাই অনিশ্চয়তাৰে
তোলপাৰ লগাই 
উপচি বোৱাই নিছিল
বিস্ময়েৰে ভৰা আৱেগক

নুবুজা নিৰৱ ভাষাৰ ঢৌবোৰ

















নুবুজা নিৰৱ ভাষাৰ ঢৌবোৰৰ
নিঃশব্দ দীঘল উকিয়ে
বুকুত সিঁচিছিল এটি উদগ্র বাসনা

হেঁপাহৰ ৰঙীন যমুনা বোৱাই
ভেটা ভাঙি ঢৌবোৰ
তেজৰ সোঁতত ভৰি পৰিছিল
চাকনৈয়াৰ কল্লোলিত তৰংগ হৈ

দিক্‌হাৰা হৃদয়ত উপচি পৰিছিল
এটি সুৰৰ উত্তপ্ত ৰাগিণী
উন্মাদ চঞ্চল হৈ 
জ্বলি উঠিছিল এই অনুভৱ

স্মৃতিয়ে লুকা ভাকু খেলি
আকুলতাৰ চাকনৈয়াত পৰি
উৰি ফুৰিছিল আকাশে বতাহে 

উন্মত্ত প্রাণত 
আলোৰিত ধাৰাষাৰ ঢলৰ 
গুণগুণনি উঠিছল

নিৰৱতাৰ দৃৱাৰ সৰকি
মন ধাপলি মেলিছিল
স্মৃতিৰ পম খেদি

শূণ্যতাৰ আন্ধাৰত আৱদ্ধ
আঘাতপ্ৰাপ্ত এমুঠী জিয়া আবেগে
নাও মেলিছিল নিৰৱে

ভাৱৰ শীতলতাত 
উদ্বাউল মনত অনুভূতিবোৰ
ঘনে ঘনে কঁপিছিত নিৰৱে

নৈৰ যুঁৱলিত মৌনতাৰ নিস্তব্ধতাত














উন্মনা অবুজ মনত
নিস্তব্ধতাই সিঁচি দিছিল 
এক আৱেগিক অনুভূতি

নৈৰ যুঁৱলিত মৌনতাৰ নিস্তব্ধতাত 
সোঁৱৰণিৰ জখলাৰে নামি  দেখিলো 
অন্তৰৰ আঁহে আঁহে নিগৰি বৈ অহা
স্মৃতিবোৰৰ আন্দোলিত ঢৌ

ৰঙৰ তুলিকাৰে সঁজা
ক্ষণস্থায়ী এই আৱেগৰ সুৰ 
ভাহি উঠিছিল বতাহৰ স্নিগ্ধ সুবাসত

অন্তৰৰ আঁহে আঁহে
সৃষ্টি কৰিছিল খলিমেলি
উত্তাল তৰংগৰ ঢৌ

বাৰে বাৰে উকি মাৰি
নিৰৱতাৰ  গানবোৰ
তেজত বিয়পি পৰিছিল
সুৰৰ ঝংকাৰ হৈ