নুবুজা নিৰৱ ভাষাৰ ঢৌবোৰ

















নুবুজা নিৰৱ ভাষাৰ ঢৌবোৰৰ
নিঃশব্দ দীঘল উকিয়ে
বুকুত সিঁচিছিল এটি উদগ্র বাসনা

হেঁপাহৰ ৰঙীন যমুনা বোৱাই
ভেটা ভাঙি ঢৌবোৰ
তেজৰ সোঁতত ভৰি পৰিছিল
চাকনৈয়াৰ কল্লোলিত তৰংগ হৈ

দিক্‌হাৰা হৃদয়ত উপচি পৰিছিল
এটি সুৰৰ উত্তপ্ত ৰাগিণী
উন্মাদ চঞ্চল হৈ 
জ্বলি উঠিছিল এই অনুভৱ

স্মৃতিয়ে লুকা ভাকু খেলি
আকুলতাৰ চাকনৈয়াত পৰি
উৰি ফুৰিছিল আকাশে বতাহে 

উন্মত্ত প্রাণত 
আলোৰিত ধাৰাষাৰ ঢলৰ 
গুণগুণনি উঠিছল

নিৰৱতাৰ দৃৱাৰ সৰকি
মন ধাপলি মেলিছিল
স্মৃতিৰ পম খেদি

শূণ্যতাৰ আন্ধাৰত আৱদ্ধ
আঘাতপ্ৰাপ্ত এমুঠী জিয়া আবেগে
নাও মেলিছিল নিৰৱে

ভাৱৰ শীতলতাত 
উদ্বাউল মনত অনুভূতিবোৰ
ঘনে ঘনে কঁপিছিত নিৰৱে

নৈৰ যুঁৱলিত মৌনতাৰ নিস্তব্ধতাত














উন্মনা অবুজ মনত
নিস্তব্ধতাই সিঁচি দিছিল 
এক আৱেগিক অনুভূতি

নৈৰ যুঁৱলিত মৌনতাৰ নিস্তব্ধতাত 
সোঁৱৰণিৰ জখলাৰে নামি  দেখিলো 
অন্তৰৰ আঁহে আঁহে নিগৰি বৈ অহা
স্মৃতিবোৰৰ আন্দোলিত ঢৌ

ৰঙৰ তুলিকাৰে সঁজা
ক্ষণস্থায়ী এই আৱেগৰ সুৰ 
ভাহি উঠিছিল বতাহৰ স্নিগ্ধ সুবাসত

অন্তৰৰ আঁহে আঁহে
সৃষ্টি কৰিছিল খলিমেলি
উত্তাল তৰংগৰ ঢৌ

বাৰে বাৰে উকি মাৰি
নিৰৱতাৰ  গানবোৰ
তেজত বিয়পি পৰিছিল
সুৰৰ ঝংকাৰ হৈ

প্ৰেৰণাৰ বৰষুণ















আউসীৰ আন্ধাৰত
বুকুৰে নিগৰি বৈ অহা
হৃদয়ৰ সজীৱ
আৱেগভৰা ভাৱনাবোৰ
জাহ যায় বুকুত

ভৰি থকা শূণ্যতাত
মনত কোলাহল জাগে
এজাক প্ৰেৰণাৰ 
বৰষুণ বিছাৰি

ভাৱনাই আচল পাতে













আঁকিব খোজো
বুকুৰে নিগৰি বৈ অহা
জীৱনৰ ৰক্তাভ
লুণ্ঠিত আউসীৰ আন্ধাৰবোৰ

আৱেগভৰা অতীত
শীতল হৈ ৰয়
বুঢ়ালুইতৰ গতিৰ দৰে

থৌকি-বাথৌ মন লৈ
ভাৱনাই আচল পাতে
নামি আহিব কিজানি
সোঁতৰ চন্দে চন্দে
শব্দেৰে মুখৰিত
পাৰ হৈ যোৱা সময়বোৰ

নিথঁৰ চেঁচা হৈ পৰা হাঁহিবোৰ
সজীৱ হৈ ওফন্দি
সৰি পৰিব ন প্ৰেৰণাৰ
এজাক বৰষুণ হৈ

ৰূপহী নৈৰ চঞ্চল গতি













উটি যায় মন
বননিৰ আঁৰে আঁৰে বৈ যোৱা
ৰূপহী নৈৰ চঞ্চল গতিত

এক সেউজীয়া অনুভূতিয়ে
জীপাল কৰি তুলে
বুকুৰ আশাবোৰ
গঢ় লৈ উঠে
কল্পনাৰ সাঁকোখন
অঁকোৱা পকোৱা ঢৌত

ব্যাকুল হৃদয়ত ফুটি উঠে
বুজা-নুবুজা
এসাগৰ সপোনৰ
ৰঙীন উপলব্ধিবোৰ

নিৰ্জনতাত বহি
মুহূৰ্তবোৰৰ বাঢ়ি অহা ঢৌত
দিশ সলনি হয় মনৰ

এই অনুভূতিত
নতুন প্ৰতিশ্ৰুতিয়ে
বুকুত গঢ় লৈ
আৱৰি ধৰে মন

স্বপ্নৰ বন্দৰত ৰৈ













বহুদিন কল্পনাৰ  সাঁকোখন গৰকা নাই
ঝিলিৰ মাতত নিৰ্জনতা ভাঙি
আৱৰি ধৰে মন 
এক সেউজীয়া অনুভূতিয়ে

দুডাল দূবৰি ওঁঠত লৈ
জীৱনৰ অৰ্থ নুবুজা
যৌৱনৰ চাকনৈয়াত সোমাই
স্বপ্নৰ বন্দৰতৰৈ
প্ৰতিটো মুহূৰ্ত নতুনকৈ উপলব্ধি কৰোঁ

পাহৰণিৰ সৰিয়হডৰাত
ফুটি উঠে ব্যাকুল হৃদয়ৰ
জীৱনৰ বুজা-নুবুজা 
বহুতো জোনাকীৰ জিক্‌মিক্‌ খেলা 

থমকি ৰয় জোনাক নিশা












চৌদিশে ভাহি থকা
স্মৃতিৰ ঢৌবোৰ
থমকি ৰয় জোনাক নিশা

হৃদয়ে বাৰে বাৰে ওভতে
সোঁৱৰণিৰ দুৱাৰ দলিত
উজুটি খাই

মায়াত পৰি
ভিজা ৰাতিৰ ছন্দে ছন্দে
উন্মনা আৱেগে সাৱতে
তেজত ৰৈ যোৱা হাবিয়াসবোৰ

নিজানে অবুজ মন ঢাপলি মেলে
সপোনে গুনগুনাই মতা দিশলৈ

বুকুত ৰৈ যোৱা হেঁপাহবোৰ
গলি গলি বাগৰে 
নিজৰাৰ শীতল সুঁতি হৈ 

জাক জাক সপোনৰ হুলস্থুলীয়া কল্লোল












মনত ধুমুহা উঠিলে লাগে
বুকুত যেন পৰিছে
হাতুৰীৰ কোব

হৃদয়ৰ ভগ্ন খণ্ডবোৰে
বুকুৰ বিষক নেওচা দি
তোলপাৰ কৰে

চিনাকি সীমা চেৰাই
অচিনাকি প্ৰান্তৰত
আকাশ নিনাদি
আজুৰি জ্বলাই
স্মৃতিৰ তেজ ৰঙা পৃষ্ঠাবোৰ       

উত্তাল আকাংক্ষাবোৰে
খেপিয়াই বিচাৰি ফুৰে
বিচূৰ্ণ প্ৰাণৰ ৰমক্ জমক লগোৱা
দিকহাৰা হৈ হেৰূৱা সপোনবোৰ

জাক জাক সপোনৰ 
হুলস্থুলীয়া কল্লোলত
মনৰ কোঠালীবোৰত বয়
বা-মাৰলীৰ সোঁত

গঢ় লয় নতুন সপোন











এসাগৰ সপোনে
বুকুৰ আশাবোৰ  
জীপাল কৰি তুলে
গঢ় লৈ উঠে নতুন ভেটি

মৰমী পৰশত 
উৰি যায় মন
পুৰণিৰ ভেটিত

বাঢ়ি যায়
ওৰণীৰে মাজেৰে 
বিৰিঙি ওলোৱা হাঁহি

মন মোহা
নীলা সাতোৰঙী আকাশলৈ চাই  
গঢ় লয় নতুন সপোন

দিশ সলনি হয়
বতাহেও নেমানে কাকো
বননিত ঢৌ খেলায় 
মৃদু কম্পন তুলি

এটি অব্যক্ত সুখৰ ঢৌ


দিগন্তলৈ হাত মেলি
চাই ৰওঁ

আকাশৰ বুকুত
উবোৰ খাই পৰেছেহি 
হেঙুলীয়া ৰং
  
অজানিতে দুচকুৰ পাহিত 
এজাক সপোনে
আগুৰি ধৰে

থিৰ হৈ চাই ৰওঁ
সন্ধিয়াৰ আকাশত ওফন্দি পৰা
সন্মিলিত বিচিত্ৰ সুৰৰ সমলয়

মনৰ অজানিতে
এটি অব্যক্ত সুখৰ ঢৌ
বৈ যায় বুকুয়েদি

ডিঙা বাই উজাও

নিৰৱে পোতযোৱা 
স্নিগ্ধ সৰল ভাৱনাবোৰে
ফ'ৰকাল বতৰত কেতিয়াবা
এতিয়াও আমনি কৰে

নিঃসঙ্গতাৰ ডাৱৰ ফালি
ভাৱবোৰে খিৰিকীৰে জুমি চালে
এক অন্তহীন ধুমুহাই
মনত আমনি কৰে

স্পন্দিত তৰংগৰ ধুমুহা বা-মাৰলিৰ
শিহৰণ তোলা এনে মূহূৰ্তবোৰত
ডিঙা বাই উজাও
ভাৱনাত কঁপা হিয়ালৈ

অনুভৱৰ ছবি
















অচিন গাঁওৰ
চিনাকি পৃথিবীৰ অচিনাকি চিত্ৰকাৰ
শুকুলা পাতত আকি যাও
অনুভৱৰ ছবি

মোৰ অনুভৱত ভাহি উঠে
মৰম ভালপোৱা অভিমানবোৰ
আৰু
সেউজীয়া ধৰণীৰ বিস্তাৰিত ৰূপ

দিনৰ শেষত
কর্ম-ক্লান্ত মনত
এই অনুভৱে বোৱাই
মৰমী শীতল পৰশ

হ'ব নোখোজো মহান












হ'ব নোখোজো মহান
ধৈৰ্যত গাঁথি দি 
বনৰীয়া যৌৱনৰ চাকনৈয়াত পৰি
নদীৰ ঢৌত 
মন উতুৱাই দিয়াৰ বাসনা এৰি

বুকুৰ উমক নেওছা দি
অচিন পোচাকত নিজকে সাজি
নোৱাৰো হব 
সমাজৰ চকুত সজ্জন

দুখৰ চকুলোবোৰ শুকোৱাই
সপোনৰ বাটচ'ৰা এৰি
নোৱাৰো সুখী মানুহৰ
অভিনয় কৰিব

খিৰিকীৰে জুমি চাই
ভাবনাৰ দুৱাৰত কাণ পাতি
অভিমানৰ অনুভৱক হেঁচা দি
নেজানো আনন্দ উপভোগ কৰিব

এক সজীৱ অনুভতি










এক সজীৱ অনুভতি
উজাই আহিল
নীৰৱতা ভেদি
নতুনত্বৰ সোঁতত

অনুভৱবোৰ পাহি মেলিছিল
সেমেকা বতাহজাকত
হৃদয়ৰ এন্ধাৰ আতৰাই
হৃদয়ৰ কোঠালীবোৰত

দোলা দি ভৰি পৰিছিল
শিমলুৰ ৰঙেৰে
স্মৃতিত নীৰৱে থকা
মিঠা সুৰবোৰ

মনৰ এন্ধাৰ পোহৰ কৰি 
বাজি উঠিছিল তেজত  
অতীত হৈ যোৱা 
সুখ দুখৰ স্মৃতিবোৰ

নীৰৱে চলিছে নৃত্য







নীৰৱতাই পাহি মেলি
সেমেকা বতাহজাকত
দোলা দি থাকিল

কিছু অনুভৱ উজাই আহিল
এন্ধাৰৰ নিমজ দেৱাল সৰকি
তুলি ল'লোঁ অনুভৱৰ ডেউকাত

তেজৰ সোঁতত উপস্থিত স্মৃতিয়ে
নীৰৱতা ভেদি
জুমি চালে হৃদয়ৰ কোঠালীবোৰ

বাজি উঠে এন্ধাৰত
হৃদয়ত নীৰৱে থকা
অতীত স্মৃতিৰ মিঠা সুৰ

এক নতুন পোহৰ
সজীৱ হৈ উঠিছিল
পলাশ শিমলুৰ ৰঙেৰে

অনুভৱ কৰিছিলো    
এন্ধাৰৰ মেলাত 
নীৰৱে চলিছে নৃত্য