ফাগুনৰ মায়াত পৰি
কমোৱা তুলাৰ দৰে
জোঁট লাগি খেলিমেলি হয়
কবিতাৰ ধাৰা
ছন্দ হেৰুয়াই মনৰ ভাববোৰ
গছৰ ডালে পাতে
জতে ততে উলমি
দোলি থাকে বতাহত
মোৰ অজ্ঞাতে
নিঃশব্দে বৈ আহে
এটি উৰুঙা ভাব
লুইতৰ ফেনিল উত্তাল জলৰ দৰে
আত্মাত খামুচি ধৰি
থিতাপি লয় বুকুত
ৰিণি ৰিণি জাগি উঠে
হৃদয়ৰ কোণে কোণে
এমুঠী জিয়া আবেগ
নিৰ্জ্জনতাত সময়বোৰ পাৰ হয়
অনুভৱৰ আৱেগত
নিজ সুৰেৰে বৈ
জীৱন্ত হৈ উঠে
মনত দেওঁ দি ফুৰা ভাৱবোৰ
এই বিচিত্ৰ ছন্দৰ কল্পনাবোৰ
হঠাতে নিবিড় হৈ
বগাই ফুৰে যেনি তেনি
পৰি ৰয় সময়
এই চলনাৰ আলিঙ্গনত