ভঙা-গঢ়াৰ খেল

লেহেমীয়া গতিৰে আগবঢ়া দিনটো
দীঘল দীঘল উশাহ টানি টানিও পাৰ কৰিব পৰা নাই
ৰ’দটো খাওঁ খাওঁকৈ উলাইছে
মোৰ ছালৰ ওপৰেদি ঘামৰ টোপালবোৰৰ নিজৰা এটি বৈ গৈছে
সিদিনা সোমবাৰ আছিল,
ভগৱান নিজেই সাক্ষী আছিল সেই মহেন্দ্ৰ ক্ষণৰ
এইখিনিতেই আছিল
প্ৰতিটো বানতে মই দুখৰ সাগৰত ডুবো
আশা, সপোন, কল্পনা, কামনা বাসনা বুকুত বান্ধি
চোতালৰ ধূলিত আঙুলিৰ কলমেৰে আকোঁ সৰল-বক্ৰ ৰেখাৰ অজস্ৰ ছবি
আমজোপাৰ ফেৰেঙনিৰ ফাকেৰে চুকা ৰ’দটো আহিছে
তাৰেই ফল পিঠিত ঘামৰ হাতৰ বুলনী
এই সময়তে লাগে কোমল এজাক বতাহ
খুটিয়াই খুটিয়াই চাই থাকোঁতেই
মই মোক চিনি নোপোৱাৰ অজুহাতত
সময়ে উজুটি খায়,
ভঙা-গঢ়াৰ খেলখনত 
দেহাত দিনটোৰ ভাগৰে হেঁচে

বাৰিষা

এইযে আৱৰণ আকাশজুৰি আছে
তাতে লুকাই আছে আতঙ্কৰ আন এটি নাম বাৰিষা
যোৱা ৰাতিৰ বৰষুণ জাকত তিতি আছিল চোতালখন
খেৰৰ চালিৰ পৰা টোপটোপকৈ পৰা 
পানীৰ টোপালবোৰে কেচা মাটিত সৃষ্টি কৰিছিল সৰু সৰু গাতবোৰ
মাজে মাজে পোহৰৰ একাবেকা ৰেখাৰে গৰজি 
আকাশখনে জনাইছিল এতিয়া ভৰ বাৰিষা
অকলশৰীয়া এনে সময়বোৰত
আকাশৰ প্ৰতিটো গাজনিত চকখাই মনৰ আশাবোৰ 
চোতালৰ সৰু সৰু গাতবোৰৰ পৰা চিটিকিপৰা পানীৰদৰে
বুকুৰপৰা অলপ অলপকৈ খহি পৰিছিল

অনুভূতিবোৰ শিহৰিত হয়

বাট চাইছিল শুকান মাটিৰ বুকুলৈ চাই
বিছাৰি ফুৰিছিল প্ৰতিটো প্ৰভাতত
বুকুৰ মাজত হাঁহাকাৰ কৰি থকা আশাবোৰ 
এমুঠি কোমল ৰদৰ পৰশ পাই 
হৃদয়ৰ অনুভূতিবোৰ শিহৰিত হয়
সৰীসৃপৰ দৰে বগুৱাবাই যোৱা এনে পোৱাবোৰত
বুকুৰ ভিতৰৰ পৰা ৰিঙিয়াই অহা
উদুলি মুদুলি ভাৱবোৰে
আকি দিয়ে মনত 
হেজাৰ পখীৰে ভৰা আকাশৰ 
খেলিমেলি বিন্দুবোৰ

শাওণৰ পথাৰ

ৰিমঝিম বৰষুন
সেমেকা পথাৰ
গতিশীল মন
মতলীয়া হৃদয়
নদীময় হৃদয়ত
ভাৱনাৰ জোৱাৰ
ৰামধেণুৰ মায়াজাল
প্ৰেৰণাৰ সুবাস
শাওণৰ পথাৰত
উৰিফুৰে মন 

ভালুকপুঙৰ প্ৰশান্তিৰ বননিত

জীৱনৰ মেৰপাকত
উন্মনা অবুজ মনত ভৰি পৰিছিল
নিস্তব্ধতা ভৰা এক বি়ষাদ

ভালুকপুঙৰ প্ৰশান্তিৰ বননিত বহি দেখিলো
সোঁৱৰণীৰ জখলাৰে নামি আহিছে 
অন্তৰৰ আঁহে আঁহে জমা হৈ থকা
স্মৃতিবোৰৰ আন্দোলিত ঢৌ

পাহাৰৰ শীতল বতাহৰ স্নিগ্ধ সুবাসত
অন্তৰৰ আঁহে আঁহে বৈ আহিল 
ৰঙৰ তুলিকাৰে সঁজা 
স্মৃতিবোৰৰ উত্তাল তৰংগৰ ঢৌ

বাৰে বাৰে উকি মাৰি মনৰ নিৰৱতা ভাঙি
তেজত বিয়পি পৰিছে সুৰৰ ঝংকাৰ হৈ

এই সুৰৰ পৰশত বিষাদ আতৰি
দেহ মন ভৰি পৰিছে আজি
জীয়াই থকাৰ নতুন আশাৰে