সহস্ৰ ভাৱৰ ঢৌ খেলাই










আৱেগিক চঞ্চলতাই
সন্ধিয়াৰ মৌনতাত
সহস্ৰ ভাৱৰ ঢৌ খেলাই

নিৰৱে হৃদয়ত সাৱতে
মাৰ যোৱা সূৰুযৰ
প্ৰতিস্ফুত ৰূপ

সন্ধিয়াৰ ৰূপত
বুকুয়েদি বৈ যায়
মুক্ত বতাহৰ অনুভৱ

জাগ্ৰত অনুভূতিবোৰ 
বিয়পি ভাহি যায় 
সীমাহীন পৰিধিলৈ 

মনালিছা লিংডোৰ ৰহস্যময় অস্তিত্বৰ সন্ধানত























আহিছো মেঘৰ আলয় শ্বিলঙলৈ
মনালিছা লিংডোৰ
ৰহস্যময় অস্তিত্বৰ সন্ধানত

আহিছো শ্বিলঙলৈ
ডাৱৰৰ মধুময় ৰূপৰ মাজত
সেমেকা শীতৰ সুগন্ধী বিছাৰি

চঞ্চল মনত আশাৰ ধল লৈ
বিছাৰি ফুৰিছো 
সেউজী সপোন সনা গীতৰ সুৰ

ঠিকনা বিছাৰি 
চিটিকি ফুৰিছো মই 
মেঘেৰে আৱৰা পাহাৰ বগাই

শুভ্ৰ প্ৰপাতৰ ৰিণি ৰিণি শুনা
প্ৰতিধ্বনিত সুৰত 
কাণ পাতি থিৰ হৈ ৰওঁ

সজীৱ শুভ্রতাৰ বুকুত
বিছাৰি নেপালো কতেনো হেৰাল
সুৰত চঞ্চল যৌৱনৰ গুণ গুণ

সিক্ত কন্ঠৰ কোমলতা বিছাৰি 
হাবাথুৰি খালো পাহাৰে পাহাৰে
হৃদয়ে উচুপী উঠিছিল নিৰৱে

কিয় এই ৰঙীন ৰং ফাগুণৰ










সপোন এটিৰ মুখামুখি হৈ ৰ’লো
ফুলে ফুলে দুলি আছে ভোমোৰা

সুৰেৰে সুৰত গথা 
এটি অনুভৱৰ শিহৰণে
বুকুত কঁপনি তুলে

মাজে মাজে শুনো হাইউৰুমি
পদূলিৰ মদাৰ জোপাত

মনত ভাৱত ঢৌ খেলে 
কিয় এই ৰঙীন ৰং ফাগুণৰ

কৃষ্ণচূড়ার ৰঙে আৱৰে
আকাশৰ ৰঙীন হাঁহি 

নিশা ফুলা ৰজনীগন্ধাৰ সুৱাসত 
মন হেৰাই ভটীয়নী সোঁতত

নিছিগা তানৰ সুৰ এটি
বৈ য়ায় হিয়াৰ কাষেদি

পুৱাৰ সূৰুযৰ প্ৰথম আভাত
মুখত ফুতি উঠে
গুপুতে সাঁচি ৰখা সপোন

থমকি থমকি যৌৱনৰ উচ্চল সুৱাসে
ৰঙীন পখিলা দৰে 
বতাহত মতলীয়া হৈ উৰে

সুৰৰে লগৰী হৃদয়ৰ সুৰভি
হৈ পৰে সোঁৱৰণীৰ মধুৰ স্মৃতি

চিনাকী নৈৰ পাৰে পাৰে












নৈপৰীয়া কহুৱাই উদাসী বতাহক 
মৰম সিক্ত অনুভূতিৰে 
আলফুলে সাৱতি 
ৰিক্ত হৃদয়ত তোলপাৰ লগাই

প্ৰাণ পাই বতাহৰ 
বাঢ়ি আহে প্ৰত্যাশা
নিজৰেই ঘন উশাহত
নিৰৱ নিশাটি পৰিপূৰ্ণ কৰে

জোনাক ভৰা আকাশৰ 
মৌনতাৰ আৰ লৈ
সুৰে-সুৰে আৱৰি ঢৌ তুলে
চিনাকী নৈৰ পাৰে পাৰে 

বতাহ জাকৰ আৱেগিক চঞ্চলতাত
নিসংগ কহুৱাৰ বাঢ়ি যায় উল্লাস
উত্তাল সন্ধিয়াৰ এই ৰূপে
খুলি দিয়ে মনৰ দুৱাৰ


অচিনাকি এই ভাৱ








নদীত যদিহে ঢৌ নোঠে
আকাশে ভয় কৰে
আন্ধাৰৰ নিৰৱতাই 
কাঢ়ি নিব পোহৰ

শেষ হব গান
নেথাকিব পলাশ শিমলূৰ ৰং
মন উৰুঙা কৰা
ফাগুন আকৌ নাহে

ভাবি মন মৰহি যায়
যদি জীৱনৰ গান শেষ হয়
হাঁহিৰ বন্যা মাৰ যাব
সূৰুয হেৰাই গ’লে

মই নীৰবে ভাবি থাকোঁ
একো অৰ্থ নাপাওঁ
ক্ষনে ক্ষনে গুম গুমায়
অচিনাকি এই ভাৱে

হিয়াত সিঁচি দিলে ৰঙীন পখিলাৰ মন









আন্ধাৰৰ নিৰৱতাই 
পোহৰ কাঢ়িব খোজে 
মন মৰহিব খোজে 
সৰি পৰা পাহিৰ দৰে

গুপুতে সাঁচি ৰখা সপোন
যদি জীৱনৰ গান হয়
সোঁৱৰণীৰ মধুৰ স্মৃতি
হাঁহিৰ বন্যা হৃদয়ৰ

সুৰভি সনা জোনাকত
পাৰ ঘাট নিচিনি
যৌৱনৰ ভটীয়নী সোঁততে 
মেলি দিলো নাওঁ

নদীত যদিহে ঢৌ নেথাকে
থমকি ৰব যৌৱন
জীৱন নৈৰ নিছিগা ধাৰৰ সোঁতি
সুৰে সুৰে গথা মধু শিহৰণ


জীৱন সুৰৰে যে লগৰী
পুৱাৰ সূৰুযে  
আশা দিলে আকাশক
উচ্চল সুৱাসেৰে

জোন জাগি আকাশতে
সপোন হৈ ৰ’ল 
উদাসীন মনত
নীৰবে সানি গ’ল ৰং  

সংগী বিহীনতাৰ উৎকন্ঠা
নোহোৱা কৰি 
হিয়াত সিঁচি দিলে
ৰঙীন পখিলাৰ মন

এজাৰ ফুলাৰ আশাৰে










পাৰ হৈছিল বছৰবোৰ
সলনি হৈছিল সময়

নতুন ৰূপত জকমককৈ 
ফুলিছিল এজাৰ ফুলবোৰো

কথাবোৰ ভাবি ভাবি অবাক দৃষ্টিৰে চালো
চোতালৰ আম জোপাৰ কুলিজনীলৈ

কুলিৰ অমিয়া মাতে 
বসন্ত অহাৰ জাননী দিলে

বুকুৰ মাজলৈ জুমি চালো
অন্তৰত থকা পাহাৰখনি দেখি
এনে লাগিল 
এন্ধাৰে  ধাকি ৰাখিছে সকলো

মনটো খেলিমেলি লাগিছিল
চকুলো মচি মচি
মৌন হৈ সহ্য কৰিছিলো

মনৰ মাজতে ফুলি ৰৈছিল 
বেজাৰৰ ফুলনিখন 
পাৰ কৰিছিলো গধূলিবোৰ
নঙলা মুখলৈ চাই

অপেক্ষাত আছিলো
আকৌ মনৰ ফুলনিখনিত
এজাৰ ফুলাৰ আশাৰে

বন্দিনী ৰূপে দোমোজাত পৰি












এবুকু হেঁপাহে শেৱালি সৰা পূৱাতে
মায়াৰ মোহত পৰি নিয়ৰত তিতে

সুৰত বন্দী হৃদয়ে দোক-মোকালিতে
নাচি উঠা ৰাগিণীত হাবাথুৰি খালে

বন্দিনী ৰূপে দোমোজাত পৰি
কলিজাৰে নিজৰাটি আগুৱালে বাগৰি

বুকুৰে বান্ধৈয়ে ভুমুকি মাৰিলে
চিনোঁ চিনোঁ লগা বাটেৰে

হিয়াৰ সাঁচি থোৱা সপোনটিয়ে
সাৱটি বহে সৰি পৰা নিয়ৰত

নাচি উঠে মন 
শেৱালিৰ সুৰভিত

চিনোঁ চিনোঁ লগা 
এটি নতুন ভাৱেৰে

সপোনে অজুহাত পালে দিবহি জগাই







উটুৱাই দিছিলো মন
লুইতৰ জিলমিলিয়া ঢৌত
গুন গুনাই এজাক বতাহে 
মৰমী অনুৰাগ আনিব বোৱাই

আন্ধাৰ ৰাতি মঞ্চ ভাঙি
পাৰ হৈ গ'ল এজাক ধুমুহা
উৰি গ'ল পজা
থমকি ৰ’ল জীৱন 

আকাশৰ তৰা গণি
এতিয়া আছো নিঠৰ হৈ 
সপোনে অজুহাত পালে
আকৌ আহি দিবহি জগাই

বৈ যাওক থমকি ধুমুহা এজাক









নৈৰ কোৱাল সোঁতে খহায় কোমল পাৰ
অপেক্ষা ক্ষণ গণি মন হেৰাই 
জানো আকৌ ভাগিব সংসাৰ

নিশা জোনাকীয়ে কথা পাতে
ভৰা নৈৰ পাৰে পাৰে 
আলফুলকৈ ফুলা কঁহুৱাই কান্দে
খহনীয়াত হেঁপাহ ঢুকাই
নিষ্ঠুৰ বানে নিয়ে যেতিয়া সকলো উটাই

শুনো নিতে জীৱনৰে গান 
ৰঙীন সপোনবোৰ জানো কতে হেৰাই 
মন কঁপে সপোন ভাঙিলে
নীৰবে ভাবি থাকোঁ 
হেঁপাহেৰে ক'ত তৰো পাল

নেলাগে নিবিচাৰোঁ আৰু
নীলা আকাশত জীৱন
মিলি যাব খুজে প্ৰাণ বতাহত
বৈ যাওক থমকি ধুমুহা এজাক
ভাঙি থৈ মোৰে সপোন

আকাশে বতাহে










মধুৰ সুবাস সিঁচি
ৰূপালী জোনাকে
সপোন আঁকি যায়
আকাশে বতাহে

জুৰ মলয়াই মন ঢৌৱাই
নেজানো কি মায়া সানে 
দুচকুত সপোন আঁকি
তৰাজাকেও জিলমিলায়

সন্ধ্যা তৰাই মালা গাথি
যেতিয়া মেলা পাতে
সুৰৰ লহৰ তুলি
প্ৰাণ পখীটিয়ে গুণগুনায়

দহি যায় বুকু
সখীয়তীৰ গীত শুনি
বৈ যায় দুখৰ নিজৰাটি
অবুজ নৈৰ নিছিগা ধাৰ হৈ

ভাৱৰ চাকনৈয়াত পৰি








নিমাতিঘাটত পানীৰ ঢৌৱে 
যেতিয়া পাৰত ঠেকেচে
মিশ্ৰিত এটি আৱেগে
বুকুৰ স্মৃতিবোৰ জগাই তুলে

জাকৰুৱা চৰাইজাকৰ কলকলনি
মুখৰিত গুণগুণনীৰে আকাশত ভাহে
মৌনতাৰ কোলাহল ভাঙি
পানীৰ সোঁতত ঢৌ তুলে

বুকুৰ বান্ধ ভাগি 
সুৰৰ ধ্বনি হিয়াত বাজে
দিশহাৰা হোৱা কলি এটি
হেৰুৱা বাটে ঢৌত কঁপে 

এটি সংঘাতৰ খেলিমেলি
অন্তৰে অনুভৱ কৰে
বুকুত ঠেঁহ পাতি 
অস্থিৰতাত মন জ্বলে

ভাৱৰ চাকনৈয়াত পৰি 
কঁহুৱাৰ সতে হিয়া লৰে 
সপোনটিকে বুকুত সাৱতি
গোপনে মনে বঠা মাৰে

কাণে কাণে কোনে আহি কলে









কাণে কাণে কোনে আহি কলে
ক্ষণিকৰ কাৰনে বিচাৰিছিলো 
পাহাৰ ভৈয়ামৰ সেউজীয়া পৃথিৱী
আৰু নৈ পাৰৰ বলিয়া বসন্ত

লুইতক ভেটা দি হাঁহি হাঁহি 
দিশহাৰা হৈ উন্মুক্ত আকাশত
ঢালি ল’লোহেতেন বুকুত 
জীৱনৰ হেৰুৱা ৰং

হৃদয়ত ঢৌ তুলা
কোমল কঁহুৱাৰ চেনেহ আঁকোৱালি 
গ’লোহেতেন অবাটে 
নুবুজা মায়াৰ পৰশ বিছাৰি

হৃদয়ে আলফুলে বুটলে









শাৰদী জোনাকে আকাশক সাৱটি 
ধৰাত চিটিকি পৰি মিচিকিয়াই হাঁহে 

নিয়ঁৰত সেমেকা সৰি পৰা শেৱালিয়ে
চটিয়াই সিঁচি যায়  সুৰৰে মূৰ্চ্চনা

দুৰণিৰ জুৰিটিয়ে ৰিঙিয়াই মাতে
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিহৰণ জাগে

থৌকি বাথৌ মনত টোপা টোপে সৰে 
অনুভৱৰ বৰষুন চিফুঙৰ সুৰে সুৰে

আৰতিৰ সুৰধ্বনিত মনে সঁহাৰি দিয়ে
সুৰীয়া সংগীত কন্ঠ হৈ নিগৰে

সপোন সনা আশাৰ জোনাকে
বুকু ভৰায় ৰূপালী মায়াৰে

উখল-মাখল হৃদয়ত ঢৌ তুলে
বাউলী বতাহৰ মৰমী পৰশে 

নল খাগৰীত ওপচি পৰা  জোনাকত
এবুকু মৰমে মন আকোৱালি ধৰে 

ভৰি পৰে নিশাটি সীমাহিন পৰিধিৰে
জাগি  উঠে আশা নতুন প্ৰেৰণাৰে

হৃদয়ে সঁহাৰি পাই আলফুলে বুটলে
জোনাকত ভিজা  ৰূপোৱালী আশা

গধূলিৰ নিঃশব্দ গান









বুৰ যাও গধূলিৰ প্ৰাণোচ্ছল আৱেদনত
শুনো অসীমত বাজিছে নিঃশব্দ গান

বৈ থকা বতাহে গুনগুনাই আৱৰি লয়
পশ্চিমত ব্যাপি থকা হেঙুলীয়াৰ ৰং

অনুভূতিৰ প্ৰকাশে দুৱাৰডলিত ৰৈ
খেপিয়াই ফুৰে সাঁচি থোৱা স্মূতিবোৰ

নতুনকৈ জাগি উঠা নিঃশব্দ প্ৰতিশ্ৰুতিত 
সূৰুযেও টঙালী বান্ধে সাগৰলৈ গতি কৰি

নীলিম আভাই সীমাৰ পৰিধি নামানি
দিগন্তত খেলা কৰে নিৰ্জনতাৰ আৰলৈ

সন্ধিয়াৰ আৰে আৰে প্ৰতিধ্বনিত সুৰবোৰে
দৰদী মূৰ্চ্ছনা সিঁচে উন্মুক্ত বতাহত

ধল হৈ বাগৰে অস্থিৰতাৰ কঁপনি
বুকুভেদি যায় তাৰেই প্রতিধ্বনি

সন্ধিয়াৰ আনমনা সুৰটি শুনি
অবাটে পিছলি মনে  বিছাৰে ভাষা

গধূলিৰ মলয়াই ৰিহাৰ আচলত ঢৌ তুলিতে
আকাশী গংগা বিচাৰি বুকুত জোৱাৰ উঠে

কপালৰ ফৌঁটটি ঢাকি উৰি ফুৰা চুলিটাৰি
ঘনে ঘনে কঁপে  সংগীতৰ তালে তালে

শেৱালি সৰিলে নিয়ৰত মন তিতে 
বুকুৱে খুজিলেও ওঠত মাত নুফুটে

আকাশত বিজুলিয়ে বাণ মাৰিলে
উজ্বলি উঠি জীৱন ছন্দত পোহৰ ঢালে 

শেৱালীৰ বুকু নিয়ৰত তিতিলে
আৰতিৰ লগতে উৰুলি বাজে

দুপাৰৰ দুটি ঘাটে সীমাৰ পৰিধি নামানি
আকাশৰ ৰং সানি বৈ যায় দুয়োপাৰে

মৌন ক্ষণবোৰৰ মিঠা আৱেশত
আৱেগে বুকুত নতুন কোলাহল কৰে

বোৱতী বানত ওফন্দি উঠা তৃষা দেখি
লুইতেও  খোজ লয় অভিনৱ সোঁতেৰে

জোনাকেও ওৰণি লয় ডাৱৰৰ আৰ লৈ
মলয়া বতাহো এখুজি দুখুজিকৈ থমকি ৰয়

চৌদিশে ভাহি থকা অনুভূতিৰ প্ৰকাশে 
প্ৰাণোচ্ছল আৱেদনত উলাহতে ঢৌ উঠে

উজুটি খাই সোঁৱৰণিয়ে


শেৱালি সৰা পূৱাতে
তোমাৰ মিচিকিয়া হাঁহিটি দেখিলে
স্মৃতিৰ ঢৌবোৰ ভাহি আহে মনলে 

কিনো মায়াত পৰি উন্মনা আৱেগে
ঢাপলি মেলে পাহাৰে-ভৈয়ামে 
তোমাৰ হাঁহিটি চাবলে

গছৰে আৰলৈ হৃদয়ে
কান পাতি পাতি ৰখে 
তুমি অহা দিশতে

উজুটি খাই সোঁৱৰণিয়ে 
পিছলৈ বাৰে বাৰে ওভতে
কিয় সপোনে গুনগুনাই মাতে

তোমাৰ ৰিহাৰে আচল যেতিয়া বতাহত উৰে
কুৱলীয়ে ৰঙতে
টোপা টোপে নিয়ৰ হৈ সৰে 

তেজত ৰৈ যোৱা হাবিয়াসবোৰে
অনুভৱৰ সিপাৰে
নিৰৱে চকুলো নিগৰে

মোৰ অবুজন মনে
নোপোৱাৰ বেদনাতে
গলি গলি লুইত হৈ বুকুতে বাগৰে

শীতল বুকুত হেঁপাহবোৰে
ভিজা ৰাতিৰ ছন্দে ছন্দে  
নিসংগ আবেগক সাৱতে 

তোমাৰ কথা মনত পৰিলে
আবেগৰ স্মৃতিবোৰে
মাঁথো যাতনাহে দিয়ে

আৱেগেৰে জ্বলোৱা চাকিৰ মায়াত পৰি


আৱেগেৰে জ্বলোৱা চাকিৰ মায়াত পৰি
উন্মনা মনত এন্ধাৰে কি ৰং সানে
দূৰে দূৰে থাকি থাকি 
গুণ-গুণাই সোঁৱৰণিয়ে মাতে
নঙলা মুখতে উভটি যোৱা সপোনে
তাহানিৰে কথাবোৰ বিছাৰি মনলৈ ঢাপলি মেলে
সময় সলনি হৈ সকলো পূৰণি হ’ল
সোঁৱৰণিয়ে উজুটি খায়
স্মৃতিৰ ঢৌবোৰো অসহায়
নেদেখা ৰেখা টানি ৰাতিৰ মায়াত পৰি
মেঘৰ ছাঁয়াত সৰা পাতৰ সুৰত উৰে
টুকুৰা টুকুৰকৈ ভাঙি গুড়ি হোৱা আবেগে
অনুভৱৰ সিপাৰে ভগা কণ্ঠৰ গুণ-গুণনিত
তেজত উন্মদনাৰ ৰং সানি
সৰি সৰি পৰে
ভিজা ভিজা ৰাতিৰ ছন্দে ছন্দে 
উকা মনত চকুলো নিগৰে
বৈ যায় সুৰবোৰ কলিজাৰে
অবুজন হৃদয়ে জুমি চাই দেখে
মুক্ত কণ্ঠে বাজিছে দূৰণিৰ পাহাৰে-ভৈয়ামে
শীতল বুকুৰ হেঁপাহবোৰে নিসংগতাকে সাৱতি 

আৱেগৰ অকোৱা পকোৱা বাট












আবেলিৰ বেলিয়ে হেঁপাহেৰে ধুৱালে 
হেঙুলীয়া ৰঙেৰে ৰাঙলী কৰিলে
আৱেগৰ অকোৱা পকোৱা বাট

অস্ত আকাশৰ সপোন ৰহণ দেখি
নিৰাশাৰ ক’লামেঘ আতৰি পলালে
আশাৰে বিজুলীয়ে বুকুতে খেলিলে

হিয়াতে গুজৰি
সুঁহুৰি মাৰি মাৰি  
যৌৱনে ঢাপলি মেলিলে

থৌকি-বাথৌ হৃদয়ত
ঢৌয়ে জিলিকনি মাৰিলে 
বৈ গ’ল বাৰিষাৰে ধল

সন্ধিয়াৰ আৰে আৰে


অসীমৰ সিপাৰে সন্ধিয়াৰ আৰে আৰে

এটি গুণগুণনী ৰিণিকি ৰিণিকি শুনো
পোহৰে পিন্ধিছে নিশাৰে ওৰণি


তৰাই ফুল বচা আকাশৰ কোলাতে

ভাগৰত জুৰুলা সূৰুযেও 
ললে টোপনিকে সাৱটি


নিয়ৰ উজ্বলিল জোনাকৰে পোহৰত

নিশাৰে সখী জোনাকী পৰুৱাই
লগ দিলে চকু টিপিয়াই


উৰি ফুৰা চঞ্চলা জোনাকীয়ে

নাচি বাগি ৰহণ সানি সিঁচিলে
আশাৰে ছন্দত সোণালী আভা


বাট চ'ৰাতে ফুলি সৰা

শেৱালীয়ে নিয়ৰত তিতিলে 
বুকুৰে বান্ধ খুলি 


বতাহত ভাহি ফুৰা 

শেৱালীৰ সুৰভিয়ে
নি:শব্দে ভূমুকি মাৰিলে


বুকুৰ মাজেৰে বৈ যোৱা শুনিলোঁ

হিয়াত গোপনে বজা 
স্নেহ ভৰা জুৰিৰে কলকলনি


এটি দুটি কৰি আকাশত জিলিকি

আজঁলি হিয়াৰে তৰাই মিচিকিয়ালে
চেনেহৰ বোল নিয়ৰ কণাত সানি


বাট হেৰুৱা বাদুলীয়ে

গছে পাতে খুন্দিয়াই
মৌনতা ভাঙি সৰালে পাত


কাজল বৰণ সন্ধিয়াৰ

এই ৰূপ বন্যা দেখি
ক'লা মেঘ দূৰতে লুকাল


এন্ধাৰ কাটি জ্বলি উঠে চাকি

ঘৰে ঘৰে উৰুলি মাৰি
হিয়াত তুলিলে আৰতিৰে লহৰ

বোৱাৰীয়ে মেলি দিলে মন  
ওৰণিৰ মাজেৰেই 
সুৰীয়া কণ্ঠেৰে জুৰিলে গীত

পথাৰৰ কঁহুৱাই হালি জালি
জোনাকক ৰঙতে মাতিলে
মিঠা সপোনৰ ৰহণ সানি

জিলিকি ৰয় লুইতৰ হেৰুৱা সুঁত








সন্ধিয়াৰ সোৱণশিৰিৰ পাৰত
উবুৰি খাই পৰা বুকুৰ হেঁপাহবোৰ
নৈৰ সুঁতত বিলীন হয় দিগন্তত

নৈপৰীয়া বতাহত ভাহি থকা
প্ৰাণস্পন্দনৰ উপলব্ধিবোৰ
এনাজৰী জীয়াই থকাৰ

কেতিয়াবা মেঘাচন্ন পৃথিৱীত
হৃদয়ৰ পাত লুটিয়াই অনুভৱত কৰো
মাদকতাসনা সুখৰ এই জিলিকনি

নিৰৱচ্ছিন্ন এটি ধ্বনি উঠে 
অনুৰণিত হয় স্বতঃস্ফূর্ত ভাৱে 
জিলিকি ৰয় লুইতৰ হেৰুৱা সুঁত

নোপোৱাৰ অতৃপ্ততাৰ মাজতেই
পুলকভৰা মধুৰতাৰ গুঞ্জন শুনো
অনুভৱ হয় আত্মতৃপ্তিৰ

শুকুলা ডাৱৰ হৈ





শুকুলা ডাৱৰৰ আৰে আৰে
লুকা ভাকু খেলি খেলি
উৰি যায় মোৰ অবুজ মন

সপোন সপোন লগা
একেবাৰে নুবুজা
মনৰ এই ভাৱ 

দুৰণিৰ সীমা চেৰাই
বুকুভৰি আছে 
নীল আকাশৰ  ৰং

উৰুঙা ভাৱ এটিয়ে 
কিয় জানো লগ ললে
বুকুত জ্বলিছে জুই 

সোঁৱৰণীৰ কুৱলীভেদি 
এচেৰেঙা ৰঙা ৰ’দে আহি 
আমনি কৰে সুৰুঙাৰে 

পলে পলে  বিয়পি পৰা
বুকুত জ্বলা জুই
ভাহি যায় শুকুলা ডাৱৰ হৈ

ফাগুনৰ সন্ধিয়া












আঁজুৰি আঁজুৰি খহাও
শিৰাই শিৰাই ওলমি থকা 
কামনা বাসনাৰ থোপাবোৰ

হিয়াৰ চুকে কোণে
সযতনে সাৱতি ৰখা অনুভূতিয়ে 
তোপ দিয়ে লালসাৰ

অস্থিৰতাৰ চাকনৈয়াত পৰি
মনে হাহাকাৰ কৰে 
তোলপাৰ লাগে হৃদয়ত

আত্মতৃপ্তিৰ অভিনৱ মাদকতাই
নিৰৱে সোঁত সলাই 
বুকুত বাগৰে নি:শদে

ছন্দ বিহীন সুৰ এটা
কঁপি কঁপি ছায়াৰ দৰে
হিয়াত অহা-যোৱা কৰে 

ফাগুনৰ সন্ধিয়া
হৃদয়ত ঢৌ তুলি
আৰম্ভ হয় ঢিমিকি জ্বলা গান

বুকুৰ নিজানত ফাগুনৰ ৰঙ












অনুভৱৰ এক জোনাকী কিৰণে
আজিও ফুলি উঠি বোৱাই লৈ যায়
বুকুৰ নিজানত ফাগুনৰ ৰঙ

অনুভৱৰ লহৰত টোপা টোপে সৰে
হেৰাই যোৱা ফাগুনৰ গান
হিয়াত বোলাই ৰাঙলী আভা

দুচকুৰ নিদ্ৰাহীনতাৰ ভাগৰ
মাৰ যায় নিৰৱে 
মন উৰে কমোৱা তুলাহৈ

জীৱনৰ বাটত হেৰুৱা ঠিকনাই
গোপনে মোহনা বিছাৰে
ঢৌৰ চাকনৈয়াত

অন্তৰত জুমি চাই দেখো
দোমোজাত খেলিমেলি হৈ পৰা
বাট হেৰুৱা সোঁৱৰণীৰ পোহৰ

এনে লাগে মন আকাশত
এতিয়াও হেজাৰ তৰাই  ৰিঙিয়াই
উৰুখা চালৰ সুৰুঙাৰে

হৃদয়ৰ গভীৰতাত শুনো
ৰূপোৱালী জোনাকত তিৰবিৰাই থকা
জিৰ জিৰ নিজৰাৰ তান

এটি দীঘলীয়া উজাগৰি ৰাতি










সন্ধিয়াৰ ওৰণিৰ আৰে আৰে
আকাশৰ চুকে কোণে
একাকাৰ হৈ পৰিছে ধুমুহাৰ ছাঁয়া

দূৰণীৰ কলা মেঘে  দিগন্তত খেলা কৰে
বিজুলীক লগৰীয়া কৰি
উৎফুল্লিত উচ্ছ্বাসত প্ৰতিধ্বনিত শব্দবোৰ
বতাহত ভাহি যায় চৌদিশে

মেঘৰ গুণগণনিত বাৰিষাৰ ধল নামে
কাণত বাজে উন্মুক্ত বতাহৰ তীব্র সুহুৰি
বুকুভেদি যায় এটি শিহৰণ

এমুঠী জিয়া আবেগ দুস্বপ্নৰ ৰূপ লৈ
অন্তৰত উপচি পৰে ছাঁয়াৰ দৰে
চিঞৰি উঠিছিলো  অজানিতে

কষ্টৰে নিশ্বাস এৰি
নিঃশব্দে অপেক্ষা কৰো
এটি দীঘলীয়া উজাগৰি ৰাতিৰ

হৃদয়ত নাছিল মেঘৰ আৱৰন










হৃদয়ত নাছিল মেঘৰ আৱৰন
কল্পনাৰ আকাশত জিলমিল কৰিছিল
উফন্দি উঠা জোৱাৰৰ উৰ্মীমালা

বিষাদ আতৰি বুকুত বাজিছিল
ভালপোৱা বাঁহীৰ এটি অচিন সুৰ

অন্তৰ পোহৰাই সৰি পৰিছিল
গধূলিৰ মিঠা জোনাক
পথভ্ৰস্থ হৈ থমকি ৰৈছিল মন

জীৱনৰ অৰ্থই উপকূল বিছাৰি
হেঁপাহেৰে ওঁঠ কামুৰি
বুকুৰ কুঁৱলী ভেদি খেপিয়াই ফুৰিছিল
স্মৃতিৰ পেৰাত সোনালী পৰশ

অন্তৰ উপচি পৰা সহস্ৰ অনুভৱি শব্দই
ভিৰ কৰিছিল মনৰ আশে পাশে 

মুখৰিত অনুভৱবোৰক শৃংখলা দিবলৈ
মুকলি আকাশৰ তলত বহিছিল
শুকুলা পৃষ্ঠাবোৰত কবিতা ৰচিবলৈ


খহি পৰে হৃদয়ৰ শেষ নিস্থা










দূৰণীত ডাৱৰে আকোৱালী ললে আকাশ 
পাহাৰ শিখৰত ঝংকাৰিত মেঘৰ গুমগুমনিত
বিজুলীয়ে খেলা কৰে দিগন্তত 
হালি জালি চৌদিশে এটি ঢৌ খেলে
তীব্র উচ্ছাসত ভাহি যায় শব্দবোৰ
প্ৰতিধ্বনিত সুৰত উদ্বভাষিত হয়
উন্মুক্ত বতাহৰ উতফুল্লিত উচ্ছ্বাস
কল্লোলিত কন্ঠৰে বাৰিষাৰ ধল নামে 
ধুমুহাৰ ছাঁয়াই মৃদংগ বজায় আকাশত
গলিবলৈ ধৰে আৱেগৰ শিহৰণ 
বুকুভেদি যায় আকাশত চলা সংঘাত
কম্পিত হাতেৰে চকু মুখ ঢাকি ধৰো
চৌদিশে উপচি পৰা এন্ধাৰ আতৰাবলৈ
কাণেৰে সৰকি অহা শব্দবোৰৰ ফুচ-ফুচনিত
খহি খহি পৰে হৃদয়ৰ শেষ নিস্থা
শূণ্যত আহি ওলমি ফুৰে
বিশৃংখল হৈ পৰা মন মগজুত সমাগত
ছন্দহীন কবিতাৰ বর্ষাসিক্ত শব্দবোৰ

বুকুত গলিত এটোপাল অশ্ৰু








দিগন্ততত ঝাওবন আৰত তেজৰঙা বেলিটো খহি পৰে
শুকুলা মেঘবোৰ ৰাঙলী কৰি

পৰিভ্ৰমী চৰাইজাকৰ কলকলনিত সৃষ্টি
বিচিত্র আৱেদনৰ মধুৰ অনুভূতিয়ে
শৰীৰত শিহঁৰণ তুলে

স্নিগ্ধ সুৰৰ এই আলোড়নত
বুকুত গলিত এটোপাল অশ্ৰু
সৰি পৰে বোৱতী নৈৰ তৰঙ্গত

বুকুৰ বিশৃংখল তাড়নাবোৰ 
ভাহি ফুৰে স্বচ্ছতাৰ সুৰ হৈ
 নল খাগৰিৰ বিস্তৃত ৰেখাত

প্ৰবাহমান এটি শীতল প্ৰবাহে
ধুই নিয়ে নিঃস্ব হদয়ৰ
বিষাদ গধূৰ বেদনাৰ উৎকণ্ঠা

নজনাকৈয়ে মগজুত থিতাপি লয়
স্ফুৰিত জোনাকৰ সতেজ কবিতাই
ঢৌ খেলে পূর্ণিমাৰ প্ৰতিশ্ৰুতি হৈ

মন আৰু শৰীৰ উদ্দীপিত হৈ
নিঃশব্দে আগবাঢ়ে এই আকৰ্ষনত
বুকুৰ আৰে আৰে নতুন আশা হৈ

অনুভৱ কৰি এটি পল









অনুভৱ কৰি এটি পল 
সাজিলা কাৰেং তৰিৎ সপোনৰ 

হেঁপাহৰ নাওঁখনি কঁপিছে সোঁতত
হৃদয়ৰ চুকে কোনে শুনিছো গীত

বৈ যোৱা সোঁতত ঢৌ খেলে
নামিছে বুকুত প্ৰেমৰে ধল

পানীত জিলিকে সূৰুযৰে ৰেখা
বতাহত ঘনে ঘনে উৰিছে পাল

মন হ’ল আজি উৰণীয়া
শুকুলা মেঘত দেখো তোমাৰে ছবি

আৱেগৰ দুৰন্ত বাসনা









বুকৰ পথত আঁজুৰি আঁজুৰি 
একাকাৰ হৈ পৰিছে
আৱেগৰ দুৰন্ত বাসনা  
বতাহৰ সোঁতত কঁপিছে
লহৰিত সুৰ কণ্ঠ

পাহাৰ ভৈয়াম বগাই
বৈ অহা এটা জুৰি
বাগৰে বুকুত সাৱটি লৈ
বননিত বৈ যোৱা সুৰ শব্দ
  
নিৰ্জনতাৰ চুকে কোণে
সন্ধিয়াৰ ওৰণিৰ আৰে আৰে
হিয়াত অহা-যোৱা কৰে 
সযতনে সাৱতি ৰখা ছন্দ বিহীন
এৰি অহা বাটৰ ধূসৰ স্মৃতি

ঝিলিৰ গভীৰ মাতত
মোৰ শিৰাই শিৰাই 
ঝংকাৰিত হৈছিল হাহাকাৰ

জুৰিটিৰ কলকলনিৰ শব্দ
অনুৰণনিত হৈছিল
বননীৰ মাজে মাজে

সন্ধিয়াৰ ফাগুনৰ বতাহত
ডাল পাতবোৰ কঁপিছিল ঘনে ঘনে

পাতৰ জিৰজিৰ শব্দৰ সমলয়
হৈ পৰিছিল 
মোৰ বুকুত ঢিমিকি জ্বলা 
পোহৰৰ গান

ঢৌৰ খোজে খোজে বৈ যায় দূৰণিলৈ








বেলিৰ কিৰণত উদ্ভাসিত বালিচৰ
ঢৌ খেলা বিৰিণাৰ উৰণীয়া মন

পুৱাতে মেলা নাও ঢৌত নাচে
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ সুৰত

লুইতৰ ৰূপোৱালী বালিচৰ  
তিৰবিৰ কৰে যেন ৰিহাৰ আঁচল

লুইতেও জিৰণি লয় 
মৰমী বতাহৰ পৰশ পাই

সোঁতৰ চাকনৈয়াত পাক উঠে
সখীয়তীৰ সুৰীয়া মাতত

শূন্যতাৰ বিষাদ বিসৰ্জন দি
মন উৰি ফুৰে উন্মুক্ত হৈ

অন্তৰ খহাই বয় কণ্ঠৰ শ্বাস-ধ্বনি
ঢৌৰ খোজে খোজে বৈ যায় দূৰণিলৈ

উলাহত মতলীয়া মনত
সিঁচি যায়  চঞ্চলতাৰ বিজুলী

পানী-যুঁৱলিত বহি গীত গাও
ৰ’দালিৰ কোমল পৰশ লৈ

চঞ্চল হয় মন হৰিণীৰ দৰে
জীৱনে ওভতনি মাৰে স্মৃতিৰ পাতত
  
বুকুত সিঁচৰতি নিৰ্লিপ্ততা আতৰি
কল্পনাৰ চকুত ভাহে ৰূপালী আঁচল

হেঁপাহৰ ৰঙীন উত্তাপ









তোমাৰ সান্নিধ্যৰ আশাত
মনৰ স্তৰে স্তৰে বলে চেতনাৰ বিদ্যুৎ
মোৰ অনুভূতিক বুকুত সাৱতি 
অনুভৱ এক অজানিত আনন্দবোধ

সেউজীয়া পথাৰৰ কুঁৱলীৰ আৰত
ঢল বৈছে নিৰ্জনতাৰ ছাঁয়াত
কৌতূহল বুকুত আশ্চৰ্য নিৰ্মাণ

হেঁপাহৰ ৰঙীন উত্তাপ
উপস্থিত বিপুল সম্ভাৰ লৈ
আবিস্কাৰৰ আশা যাদুকৰী অনুভূতি

মনৰ স্বাভাৱিক ৰং এৰি
বাৰিষাৰ বতাহ যেন  
তোমাৰ সান্নিধ্যৰ স্বপ্নত
বুকুত ধুমুহাৰ কোলাহল

পিছল সাঁকো বগাই
তেজত বয় উংসৱৰ উল্লাস
তামস আকাশৰ স্তব্ধতা ভাঙি 
মূৰ্ত হয় প্ৰেম গীতত

বুৰঞ্জীৰ নিলিখা পৃষ্ঠা








ধমনিৰ শিহৰণ তেজত বিয়পে
বাঁহিটি বজালে ফাগুন আহে
লুইতৰ শুকান চাপৰিত
কহুঁৱা লৰে বতাহত জুম পাতি

অশান্ত মনত চঞ্চল কোলাহল
সূৰুযে আহি ভাঙে টোপনি

পুৱাতেই মন কিয় উচাতন
ক্ষণ বাগৰে উশাহ গণি গণি

নিশাৰ পিছত আৰম্ভনি
বুৰঞ্জীৰ নিলিখা পৃষ্ঠাৰ
                                                    
প্ৰতি দিন  প্ৰতি মাহ
মোৰ বাবে একোটা 
অপেক্ষাৰ হুমুনিয়াহ

বতাহৰ সোঁতত 
লহৰিত হৈ উৰে
বুৰঞ্জীৰ উকা পাত

আকৌ ভৰিব
নিলিখা পৃষ্ঠাবোৰ
চকুপানীৰ ছিয়াঁহীৰে

উজাগৰী নিশাবোৰত
লহৰিত হৈ একাকাৰ হব
অপেক্ষাৰ খৰমৰণি

উকা পাতত 
নাটৰ শেষ ৰাগিনীত
শব্দই নাচিৱ

আকৌ সজীৱ হ’ব
অপৰিতৃপ্ততাৰ আলিংগণ
নাটৰ আৱহ সংগীতত

উদুলি মুদুলি নাচনীৰ মন








মুখত এটি মধুৰ হাঁহি
বুকু উতলা কৰা
মৃদু সুৰে বয় প্ৰীতিৰ নিজৰা

বাউলি ফাগুনী ৰঙতে ৰঙীলি
নাচনিৰ হাতত জেতুকাৰ বোল

বিহুৰ ঢোল বাজে
শিপিনী গাভৰুৰ
ভমকা ফুলিয়া চাদৰ 
বতাহত কঁপে

বাজিছে বিহুৰ ঢোল
উদুলি মুদুলি নাচনীৰ মন

আকাশত নামে বিজুলী
ৰ’দে হাঁহে ফুলে ফুলে
মেঘালিৰ চুলিত ধৌ খেলি

সোনাৰুৰ পাঁহিৰ সজল চাৱনিত
সেন্দুৰিয়া ওঠত উঠে কঁপনি

বুকুত সপোন জাগে 
দুচকু মেলি চাই ৰয়
শেৱালি সৰা পদুলি

এখোজ দুখোজ কৰি 
আগ বাঢ়ে মন
মনত মিঠা সপোনৰ সুৰ

কোনে জানো মেলা পাতে
হিয়াত শিহৰণ তুলি
বতাহে আচলত ৰৈ নাচে

নুবুজা এই সময়









তোমাৰ দুচকুত দেখিছো মই
নিলীম সাগৰৰ গভিৰতা আৰু আশাৰ বিশালতা

আকাশৰ নীলা জুৰি
সপোন সামৰি বিয়পি আছে শীতলতা

মন মোৰ অজানিতে
সুখ দুখৰ সীমা পাৰ হৈ দিশহাৰা হয় ক্ষনিকতে

পচোৱাৰ উতলা বতাহত
জোনাক জিলিকে তোমাৰ বুকুত মায়াৱি ৰূপ লৈ

ৰৈ আছো আজি 
তোমাৰ কাষ চাপি মন জুৰাবলৈ

ভৰি যায় মন মিঠা মলয়াৰ পৰশত
আশাৰে পাল তৰা নাও এৰো

জোনাকৰ জিলিকনিত সোনালী সপোন 
দেহ মন ওপঙে ঢৌৰ লহৰত

বুকুত এসাগৰ মৰম লৈ
কাৰ বাবে আছা ৰৈ প্ৰতিদিন প্ৰতিপল

সপোন যেন লগা নীলাভ বিশালতাত
ভৰি আছে মৰম বাহু মেলি

সুৰ তুলি গুন গুনাও
হাঁহি কান্দোনৰ গীত আপোন পাহৰা হৈ

নুবুজো অবুজ মায়াৰে ভৰা
বুকু নিগৰি অহা পিয়াসি মনৰ স্পন্দন

তোমাৰ বুকুতেই বিচাৰো উন্মনা হৈ
মৰমৰ সীমাহিন পৰিসীমা 

আৱেগেৰ বৰষা হৈ নামে
মনে প্ৰাণে প্ৰৱাহিত নুবুজা এই সময়