আন্ধাৰৰ আৰ লৈ

সিঁচৰিত আন্ধাৰৰ আৰ লৈ
মৌন হৈ বহি থাকি আপ্ৰাণ চেষ্টা কৰিছো
দৈনন্দিল জঞ্জালৰ
লেঠেৰি নিছিগা চিন্তাৰ পৰা আতৰি থাকিবলৈ

ভাবিছো আন্ধাৰত চকুৰে নেদেখিলে
মন মগজুৰ পৰাও আতৰি যাব
চক্ৰবেহুৰ দৰে মেৰিয়াই ধৰা
সমাধানহীন সমস্যাবোৰ

জীৱন যুদ্ধত যুজিযুজি
থকা-সৰকা হোৱা শৰীৰত
সহিব নোৱাৰা জুইৰ তাপ

জীৱন নামৰ কমাৰশালত
তীব্ৰ তাপত
পিটি পিটি গঢ়ি তোলা শৰীৰত অসহ্য জলন

ভাবিছো আন্ধাৰৰ কোমল পৰশত
কিছু বেদনাৰ উপশম হব

জন্ম লৈছিলো মানুহ হৈ
কেতিয়াবা ভাৱ হয়
এয়ে নেকি জীৱন

সময়ৰ বাট

উভটি গৈছিলো কিছুদুৰ
একুৰি দুকুৰি বাট নহয়, 
সময়ৰ বাট
গৈছিলো উভতি অতীতলৈ
ময়েই যাওনে, হয়তো বহুতেই যায়
ভাল লাগে অতীত নামৰ ছবিখন চাই 
বোলছবিৰ পৰ্দাত ভাহি যোৱাৰ দৰে
মনৰ পৰ্দাত জিলিকি উঠে ছবিবোৰ
কিমানযে ৰং বিৰঙৰ ছবি 
শৈশৱ, কৈশোৰ,.....
খেলধেমালি, বোকাপানী,..
হাঁহি, কান্দোনৰ সংমিশ্ৰণত সৃষ্টি
এক ধাৰাবাহিক কথাছবি
মাজে মাজে সোঁৱৰণিৰ পাতবোৰ লুটিয়াই
বহি থাকো নিজান চুক এটাত

শীতৰ সন্ধিয়াৰ মায়া

সেমেকা সন্ধিয়া
মৌনতাৰ আৰ লৈ
গছ পাতৰ আৰে আৰে
কুৱলীৰ শীতল পৰশে
আৱৰি ধৰে আকাশৰ পূব প্ৰান্ত

পশ্চিমৰ আকাশত
ডাৱৰৰ আঁৰ লৈ জলে
ৰূপালী জ্যোতিৰ শিখা

নৱমীৰ নতুন জোনটোৱে
ভাঙি ধালি দিয়ে
জোনাকৰ ধল

সৌন্দৰ্য্যৰ এই জিলমিল
চিকুণ সপোনৰ মায়াত
বিস্মিত মই
চাই থাকোঁ অবাক দূষ্টিৰে

সপোনৰ চাকনৈয়াত সুখ হেৰুৱা দুখ

চকু বন্ধ কৰি এটা দীঘল উশাহ ললো
একমুহুর্তৰ কাৰনে মনৰ ভাবনাক
বুকুৰ ভিতৰত আবদ্ধ কৰি
ভাবিবলৈ চেষ্টা কৰিলো
শাওন-ভাদৰ বাৰিষাত মেটেকাও ফুলিল
বিধিৰ বিধান কোনে খন্দাব
আহিন পাবৰে হল
শইচৰ সপোনে পাহি নেমেলিলে
পথাৰখনত চন পৰিল
আকাশত মেঘবোৰে চেৰাপুঞ্জী হৈ
ফেপেৰি পাতিছে
সপোনৰ চাকনৈয়াত সুখ হেৰুৱা দুখ
আহিনৰ বিষন্ন ওঁঠত
জীৱনৰ অভিনৱ কোচকাৱাজ চলিছে বুকুত
দীঘল বন্ধ উশাহ এৰি দিলো
বিষাক্ত সপোন দুৰলৈ যা

ঠিক এনেকেইয়ে আহিছিল এবাৰ আহিন

শীতৰ সেমেকা সন্ধিয়া
ভাহি অহা শেৱালীৰ সুৰভিত
নৈ পাৰৰ ঘাঁহনিৰ তিতা নিয়ৰত খোজ দিওতে
চকুত পৰিল আহিনৰ কেঁচা ধানৰ কোমলীয়া থোক
ঠিক এনেকেইয়ে আহিছিল এবাৰ আহিন
পাহাৰখনৰ উপৰেদি
গছ বিৰিষৰ ফাঁকে ফাঁকে
নৈখনৰ বুকুয়েদি
জাকে জাকে উৰি আহিছিল চৰাই
সিহঁতৰ ডেউকাত উলমি হেনো আহিন আহিছিল
গোটেই গাঁওখনে ৰৈ আছিল চাই
মোৰ নীলাচোলাটোৰ আৰতে লুকাই আছিল 
নীলা ৰঙৰ গীতৰ কলিবোৰ
ক্ৰমাত পোহৰ জই পৰি গ’ল 
মই হাবাথুৰি খাই খেপিয়াই ফুৰিছিলো
হেৰাই যোৱা সুৰবোৰ
লাহে লাহে দূৰণিত হেৰাই গৈছিল 
চৰাইজাকৰ কোলাহলবোৰ 

ডুব যাম এনেকৈ এদিন

যোৱানিশাৰ বৰষুণত সেমেকি আছিল আলিবাটতো
বাটৰ কাষৰ খালকিটাত মাছৰ খলকনিৰ শব্দ
আলিকাষৰ শাৰী শাৰীকৈ থকা গছৰ পাতত
পানীৰ টোপালবোৰ এতিয়াও পৰি আছিল
অনাই বনাই যেতিয়া ঘুৰি ফুৰিছিলো
চকু দুটাই গোপনে খেপিয়াই ফুৰিছিল বনৰীয়া সুখ
তোমালোকে বাৰু মন কৰিছানে কেতিয়াবা
আকাশখন হাওলি আহি মেঘ, বিজুলিয়ে কৰা অশ্লীল অভিসাৰ
ঘৰৰ নাওৰা দি নামি আহিছিল
এইবাৰ এমোন ধান বেছিকৈ পাইছিলো
চকুহাল জুৰে মুদি দি খাল হৈ যোৱা চোতাখনলৈ চালো
আঘোনিক চহৰৰ ডাক্টৰক দেখুৱাব লাগে
ককালৰ বিষত কুঁজা হৈ পৰিছে
মনতে কেলেন্দাৰৰ পাটবোৰ লুটিয়ালো
দেখিছো তাৰিখবোৰ একেই আছে
সলনি হৈছো মাথো আমি
আগতেও এনে হৈছে
পিছলেও হোৱাৰ আশা আছে
এইযে হাবাথুৰি খাই সাতুৰি ফুৰিছো
বয়সৰ ভৰত ডুব যাম এনেকৈ এদিন

তৃষাত শুকুৱা মোৰ কণ্ঠই

তৃষাত শুকুৱা মোৰ কণ্ঠই
বৃষ্টি বিচাৰি বিচাৰি গায়
আজি কোনে ধূলি আঁতৰাই
জীৱন প্ৰেৰণা আনিব জগাই

মেঘে ঢকা আকাশত
দৃষ্টিত এটুপিও বৰষুন নাই

ধূলি ধোঁৱা উৰিছে
চকু লোতকে ভৰিছে
সেউজী বননিত আজি
কোনেও ডেউকা নোকোবাই

নিঠৰ বতাহ জাকত
জঠৰ ডাৱবোৰ 
যেনি তেনি উৰিছে

তৃষাত শুকুৱা মোৰ কণ্ঠই
বৃষ্টি বিচাৰি বিচাৰি গায়
আজি কোনে ধূলি আঁতৰাই
জীৱন প্ৰেৰণা আনিব জগাই

কোনে বীণে বায়

কোনে বীণে বায়
আদৰিলে সন্ধিয়া
পোহৰে হাঁহি হাঁহি ললে বিদায়

নিমাতী জোনাকিয়ে
চকু টিপিয়াই
কাকেনো বিচাৰে
ওঁঠতে হাঁহিটি লৈ

কোনে বীণে বায়
আদৰিলে সন্ধিয়া
পোহৰে হাঁহি হাঁহি ললে বিদায়

হাঁহিৰে বিদায় দিয়া মোক

তুমি সজল চকুৰে নেচাবা তেনেকৈ
কাতৰ কন্ঠেৰে নেগাবা বিদায় গীত

হাঁহিৰে যদি  আতৰে জীৱনৰ দুখ
আজি তেনে হাঁহিৰে বিদায় দিয়া মোক

এই ব্যথাভৰা চকু আৰু কঁপি উঠা ওঠ
নোৱাৰো সহিব দুৰ্বল প্রাণ মোৰ

হে অচিনাকি পথৰ পথিক
হাঁহিৰে বিদায় দিয়া সজল চকুৰে নেচাবা মোক

হে অচিনাকি পথৰ পথিক
বুজো মই তুমি বুজা 
কোনেই নুবুজা মোৰ দৰদী দুখ

হে অভিমানি অচিন পথিক 
ভাবি নকৰিবা দুখ
নুবুজিলে কোনেও তোমাৰ দুখ

আজি হৃদয়ে কান্দিছে জানি
তুমি বিদায় জনাইছা মোক

হে অভিমানি অচিন পথিক
তুমি যাব খুজিছা যোৱা
কোনেও নেপালে ভাল সেই ভাবি নকৰিবা দুখ
যাব খুজিছা যোৱা 
মাথো হৃদয়ত লৈ নেযাবা কোনো দুখ