আন্ধাৰৰ আৰ লৈ

সিঁচৰিত আন্ধাৰৰ আৰ লৈ
মৌন হৈ বহি থাকি আপ্ৰাণ চেষ্টা কৰিছো
দৈনন্দিল জঞ্জালৰ
লেঠেৰি নিছিগা চিন্তাৰ পৰা আতৰি থাকিবলৈ

ভাবিছো আন্ধাৰত চকুৰে নেদেখিলে
মন মগজুৰ পৰাও আতৰি যাব
চক্ৰবেহুৰ দৰে মেৰিয়াই ধৰা
সমাধানহীন সমস্যাবোৰ

জীৱন যুদ্ধত যুজিযুজি
থকা-সৰকা হোৱা শৰীৰত
সহিব নোৱাৰা জুইৰ তাপ

জীৱন নামৰ কমাৰশালত
তীব্ৰ তাপত
পিটি পিটি গঢ়ি তোলা শৰীৰত অসহ্য জলন

ভাবিছো আন্ধাৰৰ কোমল পৰশত
কিছু বেদনাৰ উপশম হব

জন্ম লৈছিলো মানুহ হৈ
কেতিয়াবা ভাৱ হয়
এয়ে নেকি জীৱন

শীতৰ সন্ধিয়াৰ মায়া

সেমেকা সন্ধিয়া
মৌনতাৰ আৰ লৈ
গছ পাতৰ আৰে আৰে
কুৱলীৰ শীতল পৰশে
আৱৰি ধৰে আকাশৰ পূব প্ৰান্ত

পশ্চিমৰ আকাশত
ডাৱৰৰ আঁৰ লৈ জলে
ৰূপালী জ্যোতিৰ শিখা

নৱমীৰ নতুন জোনটোৱে
ভাঙি ধালি দিয়ে
জোনাকৰ ধল

সৌন্দৰ্য্যৰ এই জিলমিল
চিকুণ সপোনৰ মায়াত
বিস্মিত মই
চাই থাকোঁ অবাক দূষ্টিৰে

তৃষাত শুকুৱা মোৰ কণ্ঠই

তৃষাত শুকুৱা মোৰ কণ্ঠই
বৃষ্টি বিচাৰি বিচাৰি গায়
আজি কোনে ধূলি আঁতৰাই
জীৱন প্ৰেৰণা আনিব জগাই

মেঘে ঢকা আকাশত
দৃষ্টিত এটুপিও বৰষুন নাই

ধূলি ধোঁৱা উৰিছে
চকু লোতকে ভৰিছে
সেউজী বননিত আজি
কোনেও ডেউকা নোকোবাই

নিঠৰ বতাহ জাকত
জঠৰ ডাৱবোৰ 
যেনি তেনি উৰিছে

তৃষাত শুকুৱা মোৰ কণ্ঠই
বৃষ্টি বিচাৰি বিচাৰি গায়
আজি কোনে ধূলি আঁতৰাই
জীৱন প্ৰেৰণা আনিব জগাই

হাঁহিৰে বিদায় দিয়া মোক

তুমি সজল চকুৰে নেচাবা তেনেকৈ
কাতৰ কন্ঠেৰে নেগাবা বিদায় গীত

হাঁহিৰে যদি  আতৰে জীৱনৰ দুখ
আজি তেনে হাঁহিৰে বিদায় দিয়া মোক

এই ব্যথাভৰা চকু আৰু কঁপি উঠা ওঠ
নোৱাৰো সহিব দুৰ্বল প্রাণ মোৰ

হে অচিনাকি পথৰ পথিক
হাঁহিৰে বিদায় দিয়া সজল চকুৰে নেচাবা মোক

হে অচিনাকি পথৰ পথিক
বুজো মই তুমি বুজা 
কোনেই নুবুজা মোৰ দৰদী দুখ

হে অভিমানি অচিন পথিক 
ভাবি নকৰিবা দুখ
নুবুজিলে কোনেও তোমাৰ দুখ

আজি হৃদয়ে কান্দিছে জানি
তুমি বিদায় জনাইছা মোক

হে অভিমানি অচিন পথিক
তুমি যাব খুজিছা যোৱা
কোনেও নেপালে ভাল সেই ভাবি নকৰিবা দুখ
যাব খুজিছা যোৱা 
মাথো হৃদয়ত লৈ নেযাবা কোনো দুখ