আহিনৰ সন্ধিয়া












চাকিৰ কঁপি কঁপি 
ক্ষীণ হোৱা পোহৰৰ দৰে
গধূলীৰ বেলিটোৰ পোহৰ
ঢৌবোৰৰ কঁপনিৰ তালে তালে 
তিৰবিৰাই নোহোৱা হ´ল

চাৰিওফালে অত ত’ত সিঁচৰতি
মনৰ ভাৱবোৰ গোটাই ভাবিছো
দিখৌৰে উজাম নে ভটিয়াম

কঁপি কঁপি বৈ যোৱা 
মেটেকাখিনিলৈ চাই
আহিনৰ সন্ধিয়া 
মনটো দোমোজাত পৰিল

বঠা এৰি ঢৌৰ কঁপনিত হালিজালি 
আশাৰে আকাশলৈ চাই ৰলো
জোনটিয়ে লৈ আনে নেকি
কিবা দিকৰ বতৰা 

অন্তিম হেঁপাহ













জৰ্জৰিত প্ৰাণটো সাৱতি 
বজ্ৰ নিনাদৰ হুংকাৰত
এটি মহাপ্রলয়ৰ মায়াজাল ৰছি
আকাশৰ বুকু ভেদি যোৱাৰ
অনন্ত হেঁপাহ

দুচকুত সতেজ অনুভৱ লৈ
সমিশ্রিত ঢৌবোৰৰ মাজত
বিজুলী ধেৰেকণিত
নিজকে থানবান কৰাৰ হেঁপাহ