ঢিমিকি জ্বলে

পুৱতি নিশাতে নিজানত জ্বলে
তৰাৰে চাকিৰে শলিতা এদাল
চৰাইৰে উলাহত
ঢিমিকি জিলিকি
মেলানি মাগিলে 

জোনাকৰে মৌ লৈ
ভাবিছিলো উৰি যাম
দিগন্ত পাৰ হৈ

দূবৰিতে বহিছিলো
বুকুতে অভিমান লৈ

মোৰ গানতে গুমৰি
ঢৌৱে ঢৌৱে বাগৰি
বুকুতে কঁপনি তুলিছে

নুবুজোঁ একোকে
বাধা দিব নোৱাৰি 
পুৱতিৰ বতাহে
জাকে জাকে আহি 
মন উৰুৱাই নিয়ে

ভালপোৱাৰ আনন্দ


ভালপোৱাৰ আনন্দ
জাগ্ৰত জীৱন শক্তি
বুকুত ভৰি পৰে
নতুন সৃষ্টিৰ
সৰল হাঁহি
ভাঙি পৰে নিঃসঙ্গতা
উজ্বল হৈ জ্বলে
যাদুকৰি সানিধ্যৰ
কল্লোলিত সপোন

তোমাৰ উপস্থিতিৰ
সানিধ্য বিছাৰি
বাৰিষাৰ বতাহযেন
শাখা প্ৰশাখা মেলি
হেঁপাহৰ সপোন বুকুত বোৱাই
গুচি যাম মই
মোৰ প্ৰিয় ৰং বুকুত সাৱতি

শীতৰ প্ৰথমজাক চেঁচা বতাহ

লিহিৰি ৰদে বিৰিনাৰ আৰেআৰে
জুমাজুমিকৈ চাই
লাজুকি হাঁহিৰে জনালে 
শীতৰ আগমনৰ কথা
মিঠামিঠা সুবাসৰ পূঁৱতীৰ বতাহজাকত
ডেউকামেলি কিৰিলি পাৰি যোৱা
চৰাইজাকৰ আনন্দৰ কলকলনিত
শীতৰ প্ৰথমজাক চেঁচা বতাহত
মনতো ৰাইজাই কৰি উঠিল

শেলুৱৈ ভৰা চোতালখন

মজিয়াৰ পানীডোঙালৈ চাই
ঘৰটোৰ উৱলিযোৱা চালিখনলৈ চালো
শেলুৱৈ ভৰা চোতালখনত
পানী সিঁচি সিঁচি ভাগৰি যোৱা ৰমলা
ককাঁলৰ বিষত হালি পৰিছে
খুপিখুপি কোনোমতে পানীখিনি সিঁচি শেষ কৰিছিলহে মাথো
আকৌ এজাক আপদীয়া বৰষুনে গোটেইখন বুৰাই পেলালে
বতাহজাক আহিলেই উৱলিযোৱা খেৰৰ টুকুৰাবোৰ চোতালখনত পৰে
বহাগৰ প্ৰথমজাক বৰষুনতে এনে অবস্থা 
ধুমুহাজাক আহিবলৈ আছেই
আগতেও এনে হৈছে
চাওতে চাওতে ষোল্লটা বহাগ কেনি জানো পাৰ হৈ গ’ল
কমকচাৰি দুখ বাঢ়িছিল নিতৌ
হঠাতে এছাটি চেঁচা বতাহত কঁপি উঠিলো
উশাহত সামৰি ললো দুখবোৰ
তেজৰসোঁতত এজোলোকা যন্ত্ৰনা মেলি খোজললো পদুলীলৈ

মনৰ ভাববোৰৰ অনিচ্চয়তাত

উদাসীন মনত
নীৰবে গুম গুমায়
অবুজ ভাৱৰ 
মিশ্ৰিত এটি আৱেগ

মোৰ অজ্ঞাতে
মৌন ক্ষণবোৰত ওফন্দি উঠি
নিঃশব্দে বৈ অহা
এটি উৰুঙা ভাবে
বুকুত থিতাপি
আত্মাত খামুচি ধৰে

হৃদয়ৰ কোণে কোণে বিয়পি পৰা
মনৰ ভাববোৰৰ অনিচ্চয়তাত
শংকিত হৈ
ৰাতিৰ নিৰ্জ্জনতাত সাৰ পাই 
অজানিত খুদূৱনিত ককবকাই থাকো

দৈনন্দিন সৃষ্টিৰ চেতনা

জীৱনৰ অন্তহীন পথত
আবেগ অনুভূতিবোৰে
বিসংগতিৰ জোঁট-পোঁটত 
নিজ অস্তিত্ব  হেৰূৱাই
মনৰ মাজত তোলপাৰ কৰে

জয়াল জয়াল লগা 
ঢৌ খেলা অনোভৱৰ
মৃদু পৰশত
খহি পৰে মনৰ স্থিৰতা

খোজে পতি কঁপি উঠা
মোৰ মনত চলা এই সংঘাট
আৰু আত্মাৰ বিননিবোৰে
লুকাভাকু খেলি খেলি
আঁক বাক কৰি যায়
জৰ্জৰিত প্ৰাণটোত 

জীৱনৰ ঘাত প্ৰতিঘাতত
বাট হেৰুয়া
অজান উপলব্ধিবোৰে
চটিয়াই দিয়ে নিস্তব্ধ শূন্যতা

মই অচিন পথৰ যাত্ৰী
মোৰ সত্তাত সৃষ্টি 
এই অস্থিৰতাৰ সৰ্পিল পাকত
নিঃশব্দে উপঙি থাকে
দৈনন্দিন সৃষ্টিৰ চেতনা

আন্দোলিত অস্থিৰতা


কামনা বাসনাৰ গলিত স্ৰোত
শালিনতাৰ বান্ধোনত আবদ্ধ শৰীৰত
সুপ্ত এই উত্তপ্ত লাভা
তগবগাই শৰীৰত বিছাৰে উঁহ
বা-মাৰলীৰ পাকঘূৰণিত পৰি
আন্দোলিত এই অস্থিৰতাত
হেৰাই মনৰ সুস্থিৰতা

মনত জগাই তোলে নতুন আশা


হাবাথুৰি খোৱা মনে
সহাঁৰি বিছাৰি
এবুকু হেঁপাহ লৈ
আগুৱাই খলাবমা বাটেৰে

ধুমুহাত উভালখাই পৰা
বি়শাল গছজোপাৰ
ঠন ধৰি গজি উঠা
ডাল পাতবোৰে
নিঃসংগ মনত জগাই তোলে
নতুন আশা

প্ৰকৃতিৰ কি বিচিত্ৰ নিয়ম
জীৱৰ জীয়াই থকাৰ
এই প্ৰচেষ্টাই
হৃদয়ত বোৱাই
ভেটা ভঙা পানীৰ
আন্দোলিত গতিৰ ধাৰা