এই স্পৰ্শৰ আমেজ
জীৱনৰ সেউজীয়া অৰণ্যখনিলৈ
গলি এটাইদি আগুৱাইছিলো
চিনাকি যদিও
অচিনাকি হৈ পৰিছিল আলিটো
প্ৰাচিন কামিজোৰত হাত বোলাই
পূৰণি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিছিলো
শুকান পাতত খৰমৰাই
টুকুৰা টুকুৰ স্মৃতিবোৰ
আকৌ যেন নিজে নিজে লগ লাগি
শামুক এটা বগোৱাদি
বুকুৰ মাজৰ শেলুৱৈ লগা চোতালখনত
বগাই ফুৰিছিল
অনুভৱ কৰিব খুজিছিলো
মোৰ সমগ্ৰ শৰীৰত বিয়পি পৰা
এই স্পৰ্শৰ আমেজ
আউলি বাউলী হৈ উৰি ফুৰা
কুৱলীৰ ঢৌবোৰ পাতত জিৰণীলৈ
গছৰ লাহী পাতবোৰ কঁপাই
টোপ টোপকৈ সৰি পৰিছিল
সেউজীয়া শীতৰ
এই চমত্কাৰ মূহুৰ্ত্তত
দুখবোৰ যেন চকখাই পলাইছিল
মই সোমাই পৰিছিলো অৰণ্যৰ গহিনতাত
স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা
দুখ কান্দোনৰ টুকুৰাবোৰ
গলি গলি
নিয়ৰৰ টোপালবোৰৰ লগত তাল মিলাই
লাহে লাহে হেৰাই গৈছিল