সুস্পষ্ট এক অনুভূতিৰ
দুষ্প্ৰাপ্য এটি ৰং
তেজৰ সোঁতত বৈ থাকে
মোৰ অনুভূতিত
ধুমুহাৰ কোলাহল
চকুৰ আগত
ৰঙীণ জীৱনৰ শাখা-প্ৰশাখা
প্ৰতিটো শব্দত
শৰীৰত বিয়পি পৰে
বিজুলীৰ একা বেঁকা ৰেখা
কক্ষপথ বিচাৰি
আঁক বাক কৰি যায়
অন্তৰ আত্মা
মগজুত উদ্ভৱ এই চেতনা
বাট বিচাৰি বৈ যায়
কলমৰ নিজৰা হৈ
কংক্ৰিতৰ ফাঁকে ফাঁকে
সূৰুযৰ কিৰণ বোৰে
মেলি দিলে
সূৰ্য্যাস্তৰ ৰঙীণ আভা
মনটো হাহকাৰ কৰি উঠিল
উচ্ছল যৌৱনৰ উষ্ণতাত
অকাই পকাই যোৱা
নৈৰ কাষলৈ আগুয়াই গ’লো
সুহুৰিয়ালে স্তব্ধ হৈ থকা
হৃদয়ৰ শ্পন্দনবোৰে
জিলিকি জিলিকি উঠিছিল
হেৰাই যোৱা জীৱনৰ প্ৰতিটো কিৰণ
মই চাই আছিলো
অন্ধকাৰত ডুব যাব খোজা
বেলিটোৰ ঢৌত জিলিকা
মিচিকীয়া হাঁহি