হৃদয়ৰ স্পন্দনবোৰ











কংক্ৰিতৰ  ফাঁকে  ফাঁকে
সূৰুযৰ  কিৰণ বোৰে
মেলি দিলে
সূৰ্য্যাস্তৰ ৰঙীণ আভা

মনটো হাহকাৰ কৰি উঠিল
উচ্ছল যৌৱনৰ উষ্ণতাত
অকাই পকাই যোৱা
নৈৰ কাষলৈ আগুয়াই গ’লো

সুহুৰিয়ালে স্তব্ধ হৈ থকা 
হৃদয়ৰ শ্পন্দনবোৰে

জিলিকি জিলিকি উঠিছিল
হেৰাই যোৱা জীৱনৰ প্ৰতিটো কিৰণ

মই চাই আছিলো
অন্ধকাৰত ডুব যাব খোজা
বেলিটোৰ ঢৌত জিলিকা
মিচিকীয়া হাঁহি