ফাগুনৰ মায়াত পৰি












ফাগুনৰ মায়াত পৰি
কমোৱা তুলাৰ দৰে 
জোঁট লাগি খেলিমেলি হয়
কবিতাৰ ধাৰা

ছন্দ হেৰুয়াই মনৰ ভাববোৰ
গছৰ ডালে পাতে
জতে ততে উলমি
দোলি থাকে বতাহত

মোৰ অজ্ঞাতে
নিঃশব্দে বৈ আহে
এটি উৰুঙা ভাব

লুইতৰ ফেনিল উত্তাল জলৰ দৰে
আত্মাত খামুচি ধৰি
থিতাপি লয় বুকুত


ৰিণি ৰিণি জাগি উঠে
হৃদয়ৰ কোণে কোণে
এমুঠী জিয়া আবেগ

শব্দৰ সন্ধানত

মনৰ ভাববোৰ 
প্রকাশৰ দূৱাৰ বিছাৰি
ফুটোফুটো কৰে
শব্দৰ সন্ধানত

কথাবোৰ  মনলৈ আহিলে
বুকুত অনুভৱ কৰো 
কিবা যেন নাই

মনত সৃষ্টি হোৱা ত্ৰাসত
সন্ধান কৰো শব্দৰ

সহিব নোৱাৰো
ধাৰাষাৰ গতিত বৈ অহা
ভাবৰ তিব্ৰ আঘাত 

কঁপি উঠা বুকুত
অনুভূতিৰ পাহাৰসম ভাৰ

কলিজাৰ ধপধপনিত
শৰীৰৰ প্ৰতিটো বিন্দুত
উপলব্ধি হয়
এটি অনিচ্চয়তা

সময় আগুৱাব নোখোজে
এক অজান আশংকাত
দুচকুয়ে মাথো সাৰথি বিছাৰে

উপায় বিহীন হৈ
শংকিত মই 
এক্ষন্তেক নৰৈ ল’ৰ মাৰো
শব্দৰ সন্ধানত 

পৰি ৰয় সময়














নিৰ্জ্জনতাত সময়বোৰ পাৰ হয়
অনুভৱৰ আৱেগত

নিজ সুৰেৰে বৈ
জীৱন্ত হৈ উঠে
মনত দেওঁ দি ফুৰা ভাৱবোৰ

এই বিচিত্ৰ ছন্দৰ কল্পনাবোৰ
হঠাতে নিবিড় হৈ
বগাই ফুৰে যেনি তেনি

পৰি ৰয় সময়
এই চলনাৰ আলিঙ্গনত

উত্তাল তৰংগৰ ভাঁজে ভাঁজে














দূৰণিত শুনো
বননিৰ চৰাইৰ প্ৰাণৰ হিল্লোল
তাৰ প্ৰতিধ্বনিয়ে
মোক লৈ যায়
নিজান বনলৈ

ডালে পাতে বৈ অহা
এটি মুকলি সুৰৰ
বিস্ময় তৰংগৰ উজ্জ্বল স্স্পৰ্শই
খেলা কৰিছিল মোৰ অনুভৱত

মৃদু বতাহত 
ৰ’দালিৰ ভাঁজে ভাঁজে
সেউজীয়া পাতৰ নৃত্যৰ মাদকতাত
খহি পৰিছিল মোৰ দুখ আৰু যন্ত্ৰণা

পাতে পাতে ঘহা
সুৰীয়া শব্দৰ ৰিমঝিম ঝংকাৰত
হৃদয়ত জ্বলিছিল স্পন্দিত শিখা
আতৰি গৈছিল মনৰ শূন্যতা

নিঃশব্দ এই মায়াবী সপোনৰ শিহৰণে
সঁচা এমুঠী অনুভৱ লৈ
সিঁচিছিল জীৱন স্পন্দনৰ
উথলি উঠা নৃত্যৰ মাদকতা

উগুল থুগুল অন্তৰত
হৃদয়ৰ আবেগবোৰ
এটি এটিকৈ নামি আহিছিল
এই উত্তাল তৰংগৰ ভাঁজে ভাঁজে

এটি অব্যক্ত অনুভূতি










মোৰ মন কোঠালিত  
তোলপাৰ লগাই
সন্ধিয়া আকাশৰ
পোহৰ আৰু আন্ধাৰৰ
ছয়াঁময়া অন্তহীন আৱৰণে

ৰূপ বিস্ময়েৰে ভৰা
প্ৰকৃতিৰ এই আৱাহন
এটি অব্যক্ত অনুভূতি 
অনুচ্চাৰিত প্ৰতিধ্বনি
বিচিত্ৰ ৰূপ-তৰঙ্গৰ

চাই থাকোঁ হেঁপাহৰে
আতিথ্যৰ এই কবিতা

বাসনাৰ লক্ষ ঢৌ
দুলি ফুৰে মনত
এটি উষ্ণ আৱেগ হৈ

চোতালৰ ৰ’দালি অনুভৱত



চোতালৰ ৰ’দালি অনুভৱত 
এক শিহৰণ 
পাতৰ গুনগুননিত
দেও দি ফুৰিছিল মনত

আঁচল কঁপাই যোৱা বতাহজাকে
ধেমালিৰে যেন জুকাইছিল
মনৰ ভাববোৰ

পোৱা বেলাতে
মনৰ অশান্ত ঢৌৰ কম্পনত 
হৃদয়ৰ স্তৰে স্তৰে
বৈ যায় নুবুজা এটি ৰাগ

বুকুত ফুলা কহুৱাৰ
উখল মাখল ভাৱত
আগবাঢ়ি আহে
অন্তৰত ভৰি থকা অনুভূতিবোৰ

এই অনুভৱৰ সুবাসে
মোক উন্মনা কৰি 
সিঁচি যায় ৰিমজিম মাদকতা

ৰিণি ৰিণি  শুনো
বননিত আপোন সুৰত বজা
জীৱন তৰংগৰ মৃদু হিল্লোল


হূদয় উতলা বুকুত  
এটি আকুল উদাৰ সুৰ
ঢৌ খেলি আগুৱাই
ভাহি যায় বতাহত