চোতালৰ ৰ’দালি অনুভৱত



চোতালৰ ৰ’দালি অনুভৱত 
এক শিহৰণ 
পাতৰ গুনগুননিত
দেও দি ফুৰিছিল মনত

আঁচল কঁপাই যোৱা বতাহজাকে
ধেমালিৰে যেন জুকাইছিল
মনৰ ভাববোৰ

পোৱা বেলাতে
মনৰ অশান্ত ঢৌৰ কম্পনত 
হৃদয়ৰ স্তৰে স্তৰে
বৈ যায় নুবুজা এটি ৰাগ

বুকুত ফুলা কহুৱাৰ
উখল মাখল ভাৱত
আগবাঢ়ি আহে
অন্তৰত ভৰি থকা অনুভূতিবোৰ

এই অনুভৱৰ সুবাসে
মোক উন্মনা কৰি 
সিঁচি যায় ৰিমজিম মাদকতা

ৰিণি ৰিণি  শুনো
বননিত আপোন সুৰত বজা
জীৱন তৰংগৰ মৃদু হিল্লোল


হূদয় উতলা বুকুত  
এটি আকুল উদাৰ সুৰ
ঢৌ খেলি আগুৱাই
ভাহি যায় বতাহত