বাৰিষা

এইযে আৱৰণ আকাশজুৰি আছে
তাতে লুকাই আছে আতঙ্কৰ আন এটি নাম বাৰিষা
যোৱা ৰাতিৰ বৰষুণ জাকত তিতি আছিল চোতালখন
খেৰৰ চালিৰ পৰা টোপটোপকৈ পৰা 
পানীৰ টোপালবোৰে কেচা মাটিত সৃষ্টি কৰিছিল সৰু সৰু গাতবোৰ
মাজে মাজে পোহৰৰ একাবেকা ৰেখাৰে গৰজি 
আকাশখনে জনাইছিল এতিয়া ভৰ বাৰিষা
অকলশৰীয়া এনে সময়বোৰত
আকাশৰ প্ৰতিটো গাজনিত চকখাই মনৰ আশাবোৰ 
চোতালৰ সৰু সৰু গাতবোৰৰ পৰা চিটিকিপৰা পানীৰদৰে
বুকুৰপৰা অলপ অলপকৈ খহি পৰিছিল