বাৰিষা

এইযে আৱৰণ আকাশজুৰি আছে
তাতে লুকাই আছে আতঙ্কৰ আন এটি নাম বাৰিষা
যোৱা ৰাতিৰ বৰষুণ জাকত তিতি আছিল চোতালখন
খেৰৰ চালিৰ পৰা টোপটোপকৈ পৰা 
পানীৰ টোপালবোৰে কেচা মাটিত সৃষ্টি কৰিছিল সৰু সৰু গাতবোৰ
মাজে মাজে পোহৰৰ একাবেকা ৰেখাৰে গৰজি 
আকাশখনে জনাইছিল এতিয়া ভৰ বাৰিষা
অকলশৰীয়া এনে সময়বোৰত
আকাশৰ প্ৰতিটো গাজনিত চকখাই মনৰ আশাবোৰ 
চোতালৰ সৰু সৰু গাতবোৰৰ পৰা চিটিকিপৰা পানীৰদৰে
বুকুৰপৰা অলপ অলপকৈ খহি পৰিছিল

অনুভূতিবোৰ শিহৰিত হয়

বাট চাইছিল শুকান মাটিৰ বুকুলৈ চাই
বিছাৰি ফুৰিছিল প্ৰতিটো প্ৰভাতত
বুকুৰ মাজত হাঁহাকাৰ কৰি থকা আশাবোৰ 
এমুঠি কোমল ৰদৰ পৰশ পাই 
হৃদয়ৰ অনুভূতিবোৰ শিহৰিত হয়
সৰীসৃপৰ দৰে বগুৱাবাই যোৱা এনে পোৱাবোৰত
বুকুৰ ভিতৰৰ পৰা ৰিঙিয়াই অহা
উদুলি মুদুলি ভাৱবোৰে
আকি দিয়ে মনত 
হেজাৰ পখীৰে ভৰা আকাশৰ 
খেলিমেলি বিন্দুবোৰ

শাওণৰ পথাৰ

ৰিমঝিম বৰষুন
সেমেকা পথাৰ
গতিশীল মন
মতলীয়া হৃদয়
নদীময় হৃদয়ত
ভাৱনাৰ জোৱাৰ
ৰামধেণুৰ মায়াজাল
প্ৰেৰণাৰ সুবাস
শাওণৰ পথাৰত
উৰিফুৰে মন