কি বিচাৰোঁ-2

এই দূবৰিত কি  বিচাৰোঁ
সৰি পৰা শেৱালিৰ কোমল সুবাস
যি মোক কৰেহি উন্মনা
মোৰ  অন্তৰ আকাশত উপচি পৰে
উৰণীয়া প্ৰীতিৰ বতাহ
গানৰ ভাষাৰে গাওঁ
এফাঁকি কৱিতা

কি বিচাৰো-1

কেতিয়াবা  জীৱন সমুদ্ৰত বুৰ গৈ
ঢৌৰ কোবত কক্ বক্ কৰি
শেষ হব খোজা আশা বোৰ বতাহত উৰি ফুৰে
প্ৰতি লহৰত এটি মাথো সুৰ বাজি উঠে
যদিও দুখৰ
সহস্র শাখা প্রশাখা মেলি উপচি পৰে অন্তৰ আকাশ
তাৰ প্ৰতিধ্বনিত
কোনোবা জোনাক নিশা
প্ৰীতিৰ বতাহে হিয়া কঁপায়
কি বিচাৰো
দূৰ দিগন্ত বিয়পি থকা বাধাহীন উৰ্ম্মিমালা
সাগৰত উঠা ধুমুহাৰ উতলা সঙ্গীত
অনুভৱ বসন্তৰ কোমল ইঙ্গিত
মোৰ হিয়াৰ  আকাশত
সাজোঁ দুখৰ বোকাৰে সপোনৰ মায়া

সত্যৰ সন্ধান

দিগন্তত জ্বলি উঠিল
সৃষ্টিৰ পাতনিৰ জ্যোতিৰ্ম্মালা
বৈ যায় এছাটি বতাহ
নতুনৰ বাতৰি বিলাই

কণ্ঠত কবিতাৰ গুণ গুণ
উদ্দেশ্য
সত্যৰ সন্ধান

চেতনা-বিহীন সংক্ষিপ্ত জীৱন
ধন-লিপ্সাৰ প্ৰচণ্ড বতাহ
প্ৰাণত উন্মাদনাৰ ভাব
জড়বাদী জগতৰ বিস্ময়
অন্তৰ বিভোৰ আশা নিৰাশাত


কবি প্ৰাণ

তোমাৰ পৰশ পালে
কবিৰ প্ৰাণেদি
বয় আবেগৰ জেউতি
অন্তহীন প্ৰেম-গীত গাই
কবিৰ আলসুৱা অন্তৰখনি
চিকমিক নিজৰাৰ দৰে
উৰি ফুৰে আৱেগৰ কণা

জীৱন-তৰঙ্গ

আৱেগত বন্দী
হূদয় বাসনাৰ
জীৱন সঙ্গীতময়
সুন্দৰ এখনি অন্তৰ-জগত
কোন মই?
এইযে মায়া
নিজ অস্তিত্বৰ
বিচিত্ৰ মধুৰ
বিস্ময়েৰে ভৰা
জীৱন-তৰঙ্গ
এটি সঙ্গীতৰ ধ্বনি
কিম্বা  মৃদু সোঁৱৰণি
শান্তিময় প্ৰকৃতিৰ
সুদূৰ প্ৰান্তত  শুনি
একা বেঁকা
এটি আৱেগৰ চুম্বন
নীৰলে কাণত বাজে সঙ্গীতৰ সুৰ
আনন্দ-বিষাদ গঁথা মিলনৰ গান
শীতৰ সন্ধিয়া শুনো
বননিত কল্লোলিত বিহঙ্গৰ ধ্বনি

এক আনন্দৰ পোহৰ

আকাশত  ঢৌ তুলি
বতাহত ধেমালি কৰা আঁচলখনিয়ে
সিঁচি দিলে ৰূপৰ চমক
জোনোৱালী ৰাতি
ঢালি দিলে   গীত তৰঙ্গত
ঝঙ্কাৰিত বীণৰ তান
চমকি উঠিল
শীতৰ সেমেকা সন্ধিয়া
পশ্চিম আকাশৰ এক প্ৰান্তত
অন্ধকাৰ ধৰণীৰ মৌন কোলাহল
চাঞ্চল্যৰ  যেন এক মৃদু স্পন্দন
নীলিম আকাশৰ মাজে মাজে
ইপিনে সিপিনে সিঁচৰিত
ছিগা-ভগা ডাৱৰৰ
ৰূপালী জ্যোতিৰ শিখা
আঁচলত জিল জিল কৰি
উকি মাৰে অকলে অকলে
মুহূৰ্ত্তৰ ভিতৰতে
অন্তৰৰ আঁহে আঁহে
বিয়পি পৰে
সৌন্দৰ্য্যৰ মৰীচিকাময়
জিলমিল  সপোনৰ
এক আনন্দৰ পোহৰ
বাস্তৱ ৰহস্যৰ বিস্মৃতিত পৰি
চাই থাকোঁ অবাক হৈ

ঢৌৰ কঁপনি

আজি বহুদিনৰ মুৰত
বাহিৰৰ উৰুঙা বতাহ জাকে
ৰিঙিয়াই মাতিছিল

স্বপ্নাতুৰ মোৰ গাত
এৰি অহা দিনৰ
ঢৌৰ কঁপনি জাগিছিল

ভোগদৈয়েদি ভটিয়াই গৈ
লুইতৰ বুকুৰ পৰা
তোমাক ৰিঙিয়াই মতাৰ
বাতৰি দিছিল

এখন ছবি

উদং ফেৰেঙণিৰ আৰত
এখন ছবি
পূৰ্ণিমাৰ জোন

জোনাকত জিলিকে
মুকলি আকাশ
আনন্দত মন উৰি যায়
দূৰণিৰ বননিলৈ

জোনাক নিশা
তৰুণ হিয়াত উঠে কঁপনি

ছন্দৰ তুলিৰে অকা
সোনোৱালী ছবি

নীলিম সলিলৰাশি
বিয়পি আছে দূৰ দিগন্তৰ
সীমা চুমি

প্ৰেমৰ পোহৰত দীপ্ত
মোৰ হিয়াৰ আকাশত
ৰঙৰ উছৱ

কিয় বাৰু
সোনালী পৃথিৱীত
দুখৰ বোকাৰে
আমি কিনো বেদনাত
মন উৰুঙা কৰো

শীতৰ অনুভৱ

দূবৰিত  বিচাৰো
সৰি পৰা শেৱালিৰ
কোমল সুবাস
অনুভৱো ৰো
কবিতাৰ এটি সুঁতি
অন্তৰত ভৰি পৰে তাৰ প্ৰতিধ্বনি
হৃদয় বাসনাৰ লক্ষ  ঢৌ
কবিতা ৰচো গানৰ ভাষাৰে

এটি প্ৰতিধ্বনি

আকাশে বতাহে প্ৰাণ তৃষ্ণাই
আকুল কৰা এটি প্ৰতিধ্বনি
বাজি থাকিল অব্যক্ত সুৰত

হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশত
পোহৰৰ শেষ কোলাহল

এটি দিনৰ
মাৰ যোৱা মৰীচিকাময়
বাস্তৱৰ ৰহস্যৰ জিলমিল

শীতৰ পৰশত গছবোৰৰ
মাজে মাজে নামি আহে
আন্ধাৰৰ শূন্যতা