এক আনন্দৰ পোহৰ

আকাশত  ঢৌ তুলি
বতাহত ধেমালি কৰা আঁচলখনিয়ে
সিঁচি দিলে ৰূপৰ চমক
জোনোৱালী ৰাতি
ঢালি দিলে   গীত তৰঙ্গত
ঝঙ্কাৰিত বীণৰ তান
চমকি উঠিল
শীতৰ সেমেকা সন্ধিয়া
পশ্চিম আকাশৰ এক প্ৰান্তত
অন্ধকাৰ ধৰণীৰ মৌন কোলাহল
চাঞ্চল্যৰ  যেন এক মৃদু স্পন্দন
নীলিম আকাশৰ মাজে মাজে
ইপিনে সিপিনে সিঁচৰিত
ছিগা-ভগা ডাৱৰৰ
ৰূপালী জ্যোতিৰ শিখা
আঁচলত জিল জিল কৰি
উকি মাৰে অকলে অকলে
মুহূৰ্ত্তৰ ভিতৰতে
অন্তৰৰ আঁহে আঁহে
বিয়পি পৰে
সৌন্দৰ্য্যৰ মৰীচিকাময়
জিলমিল  সপোনৰ
এক আনন্দৰ পোহৰ
বাস্তৱ ৰহস্যৰ বিস্মৃতিত পৰি
চাই থাকোঁ অবাক হৈ