কেতিয়াবা জীৱন সমুদ্ৰত বুৰ গৈ
ঢৌৰ কোবত কক্ বক্ কৰি
শেষ হব খোজা আশা বোৰ বতাহত উৰি ফুৰে
প্ৰতি লহৰত এটি মাথো সুৰ বাজি উঠে
যদিও দুখৰ
সহস্র শাখা প্রশাখা মেলি উপচি পৰে অন্তৰ আকাশ
তাৰ প্ৰতিধ্বনিত
কোনোবা জোনাক নিশা
প্ৰীতিৰ বতাহে হিয়া কঁপায়
কি বিচাৰো
দূৰ দিগন্ত বিয়পি থকা বাধাহীন উৰ্ম্মিমালা
সাগৰত উঠা ধুমুহাৰ উতলা সঙ্গীত
অনুভৱ বসন্তৰ কোমল ইঙ্গিত
মোৰ হিয়াৰ আকাশত
সাজোঁ দুখৰ বোকাৰে সপোনৰ মায়া