অবুজ মন













চেনেহৰ বাট বিচাৰি
এটি অৰ্থহীন শূন্যতাত
দগ্ধ আত্ম-অভিমানৰ
প্ৰতিক্ষণ ফঁহিয়াই চাই
অভিমানৰ আঁচলখনি খহাই
শূন্য এটাকে লৈ ঘুৰি ফুৰোঁ
ফটফটীয়া জোনাকত হৃদয়খন
খুটিয়াই খুটিয়াই চাওঁ

এইযে হেঁপাহবোৰে
খৰমৰণি তুলে মনৰ মাজত
উদ্দেশ্যহীন ভাৱে ঘুৰি ফুৰে
অন্তৰৰ আঁহে আঁহে
বুকুত এৰি থৈ যায়
চিনাকি অচিনাকি সুৰবিলাকৰ
কিছুমান ইতিহাস

বুকুত বাজি ৰʼল মাথো











সোণোৱালী সপোনত বিভোৰ মনে
বুজা-নুবুজা সুৰেৰে ৰচিলে কত গান

কল্পনাৰ এই অভিনৱ গানত
সহস্ৰ সোঁতত জ্বলে
মোৰ গৰখীয়া মন

খেলিমেলিকৈ বজা গানৰ সুৰত
উদং উদং লগা মন
কোনে জানো হৰি নিলে

বুকুত বাজি ৰʼল মাথো
অস্ত আকাশৰ ৰহণ সনা
ক্লান্ত লুইতৰ হেঙুলীয়া বোল

জীৱন জানো মিছা

যদিও অস্থায়ী মানৱ দেহা
সংসাৰৰ সপোন, সুখ-দুখ, ভোগ, কামনা
আৰু প্ৰতিদিনে আগবাঢ়ি যোৱা 
পাখি লগা কাঁড়ৰ নিচিনা সময় 

দিন আহে ৰাতি যায়
সংসাৰত যুজ বাগৰৰ কোনো সীমা নাই

কল্পনাৰ চকুৰে যদি চোৱা যায়
অতীত আতৰি গ'ল
সন্মুখত বত্তৰ্মান জাগ্ৰত সময়

জীৱন সমুদ্ৰত কক্ বকাই
ঢৌৰ কোবত উদ্দেশ্যবিহীন হৈ
ভাগৰি পৰাটোতেই জানো 
জীৱন যাত্ৰা শেষ

আত্ম সত্বাৰ সন্ধানত

কঁপি উঠিছিলো মই,
শৰীৰত প্ৰবাহমান শীতল সোঁত
আত্ম সত্বাৰ সন্ধানত
তীব্ৰ প্ৰয়াস উপলব্ধি
শীতলতাৰ অনুভৱ
তুচ্চ জ্ঞান কৰা মনটো
আশাৰ ৰেঙনিৰে ভৰি পৰিল,
এটি নতুন উচ্চাসৰে উদ্দীপিত হৈ
আগবাঢ়ি গলো সন্মোখৰ ফালে ।।