মূর্ত প্রভাতৰ সংগীতত














প্ৰভাতি সূৰুযৰ হেঙুলীয়া কিৰণত
নিয়ৰৰ প্ৰতিটো বিন্দুত
বাজি উঠে গান

সেই গানতে মন নাচে
ৰৈ ৰৈ বাজি থাকে
চিনাকি বাঁহীৰ সুৰহৈ

মনৰ দুৱাৰ খুলি
আপোনপাহৰা হৈ
চিঞৰি  চিঞৰি
ভাললগা  গানৰ সুৰ এটা
আন্দোলিত হয় চেতনাত

মূর্ত হয় প্রভাতৰ সংগীতত
এটা আনন্দৰ ভাব
স্পষ্ট সৃষ্টিৰ ধাৰা
ক্ষণে ক্ষণে দোলা দি
প্রতিধ্বনিত হয়

মনত আবিষ্ট এই
কোমল ৰচনাৰ ভাষা
অস্পষ্ট যদিও
নতুনত্বৰ আবেগ সনা