দোমোজাত পৰি সোঁৱৰো














অন্ধকাৰময় সেউজীয়াৰ আৰত
বেলিটো ডুব যোৱা নাই

এন্ধাৰৰ ছাঁয়া
এতিয়াও বিয়পি পৰা নাই

হাঁহাকাৰ কৰি উঠে মনটো
বোজালেও নুবুজে উমিউমি জ্বলে
দোমোজাত পৰি সোঁৱৰো

অতৃপ্ত হৃদয়ত
এটি চঞ্চলা হৰিণী
জপিয়াই ফুৰে
থূপ খুৱা আৱেগবোৰ
বুকুলৈ উজাই আনে

বাউলি বতাহজাকত সিঁচৰতি
মনৰ ভাৱবোৰ উৰি ফুৰে
এটি সাঁথৰৰ দৰে