বাট হেৰুয়াই
উমি উমি বুকুত জ্বলা
এটি অচিনাকি ঢৌৱে
সৰ্পিল গতিৰে
শৰীৰৰ আহে আহে
সৃষ্টি কৰে ভয়
কলিজাটো বুকুত সাৱতি
ব্যাকুল মন
নিৰৱ হৈ থাকে
লক্ষভ্ৰস্ত যাত্ৰাৰ এনে সময়বোৰত
মনত বয়
ৰহস্যময় অনিশ্চিত ধাৰা
অস্থিৰ মনৰ ভাজে ভাজে
অনুভৱ কৰো
এটি অচিনাকি গুণগুণনিৰ
জয়াল জয়াল লগা
চঞ্চল ঢৌৰ কঁপনি
মোৰ চৌকাষে চলি থকা
এন্ধাৰ ক’লা ছাঁয়াৰ
বিচিত্ৰ খেলাত
নিথৰ হৈ ৰও ক্ষন গনি
খহি পৰি মূক হৈ ৰয়
বুকুত শিপাই থকা অনুভূতি
বুকুত গঢ়া
সপোনৰ হেঙুলীয়া বোল
টুকৰা টুকৰ হৈ
বতাহত বিয়পি যায়
এনে ক্ষণবোৰত
মনত তোলপাৰ লাগে
সুখ দুখৰ সোঁৱৰণীত
নিৰ্জ্জনতাৰ অজ্ঞাত ভয়ত
দিক্হাৰা হৃদয়ত ভাহি উঠে
স্বপ্ন ভঙাৰ প্ৰহেলিকা
চকুত জিলিকি উঠে
নিয়তিৰ ৰহস্যময় খেলা
অনিশ্চিত ভবিষ্যতৰ উপলব্ধিত
ৰিক্ত হৃদয়ত
নিশব্দে বৈ থাকে
পানীৰ চেঁচা সোঁত
আন্ধাৰৰ মাজে মাজে
আশাৰ জিলিকনি এটিয়ে
সত্তাত প্ৰতিবাদ কৰে
জীৱনৰ ভাজে ভাজে
ভাৱৰ তৰংগবোৰৰ সৃষ্টি
এনে খেলিমেলিবোৰে
মনটো আগুৰি ধৰি
জীৱন গতিত লৈ আহে
এটি স্থৱিৰতা