মাৰ যোৱা সূৰুযৰ
সীমাহীন পৰিধিলৈ
ভাহি বিয়পি
যোৱা
মধুময় ৰূপৰ
প্ৰতিধ্বনিত সুৰত
কাণ পাতি থিৰ হৈ ৰওঁ
এটি অনুভৱৰ শিহৰণে
বুকুত কঁপনি তুলে
আকাশৰ ৰঙীন হাঁহি
আৰু ৰজনীগন্ধাৰ সুৱাসত
মন হেৰাই উৰি য়ায়
ৰঙীন পখিলাৰ দৰে
মনৰ সিক্ত অনুভূতিবোৰে
হৃদয়ত তোলপাৰ লগায়
উত্তাল সন্ধিয়াৰ এই ৰূপে
হিয়াত সিঁচি দিয়ে
ৰঙীন পখিলাৰ মন
এই সুৰত বন্দী হৃদয়ে
লুইতৰ জিলমিলিয়া ঢৌৰ লহৰত
মিলি যাব খুজে
নৈৰ নিছিগা ধাৰ হৈ
জাকৰুৱা চৰাইজাকৰ
মুখৰিত কলকলনিৰ গুণগুণনীয়ে
মৌনতাৰ কোলাহল ভাঙি
পানীৰ সোঁতত ঢৌ তুলে
বুকুৰ বান্ধ ভাগি
বাট হেৰুৱা কলি এটিয়ে
গোপনে মনত বঠা মাৰে
বুৰ যাও যাও বেলিৰ
গধূলিৰ প্ৰাণোচ্ছল আৱেদনত
বৈ থকা বতাহে গুনগুনাই আৱৰি লয়
মোৰ অবুজ মন