পৰিচয়বিহীন আজি নিজ অস্তিত্ব

ফুটগধূলিতে গাওঁখন শুই থকাৰ দিন আজি আৰু নাই
সন্ধিয়া নুশুনো উৰুলিৰ ৰোল
দবা-কাঁহৰ শব্দত আজি নকঁপে বতাহ
গধূলীৰ জুহালত ককা আইতাৰ সাধু এটি সপোন যেন লাগে

প্ৰতিটো বসন্ততে মই উভতি অহাৰ কথা ভাবো
সময়ৰ খহনীয়াই মনৰ সিদ্ধান্তক খেলিমেলি কৰি যায়

পৰিচয়বিহীন আজি নিজ অস্তিত্ব
বুকুত কঢ়িয়াই ফুৰু এই দুখ

কোলাহলৰ মাজত বিষণ্ণ ৰাতি
স্তব্ধ হৈ ৰয় চকুপানীৰ টোপাল

বহুদিন হ’ল দেখা নাই চিনাকি বাট
নতুবা চিনাকি বাটৰ ধূলি

উভতি অহা কলা মেঘ দেখিলে
অস্থিৰতাৰ নিশ্বাসে শিলাখণ্ড বহুৱা বুকুত
বিষাদগধুৰ গানৰ কলি এটাই গুণগুণাই উঠে

নিগৰি নিগৰি আহে

পৃথিৱীৰ কোণে কোণে
পথাৰৰ মাজে মাজে
শিলনিৰে ভৰা পথত নতুবা
অজান অচিন কোনো ঘাটত
পোহৰ নতুবা আন্ধাৰৰ আৰত

নিগৰি নিগৰি আহে
পথাৰৰ মাজে মাজে
শিশু-বৃদ্ধ ডেকা-গাভৰুৰ মুখে মুখে
আকাশে বতাহে বিয়পি
হৃদয়ে হৃদয়ে বৈ থকা
আনন্দ বিষাদ সনা জীৱনৰ গান

জ্বলি উঠা দেখিছো
ধোঁৱাৰ মাজে মাজে
জ্বলা জুইৰ শিখাবোৰ
সাপৰ নিচিনাকৈ আকাশলৈ বগাই যোৱা

বহুকাল হ`ল পাহৰি যোৱা নাই
নামঘৰৰ ডবাৰ মাত
দিন যায় তথাপি কাণত বাজি থাকে

একেখন আকাশৰ শূণ্যতাত
নিতৌ দেখিছো
বেলিৰ জন্ম হোৱা মুহূৰ্ত

দেখিছো আবেলিৰ বেলিটোৰ বোকোচাত উঠি
আকাশ ৰাঙলী কৰি পছিমত পোহৰ হেৰাই যোৱা

এনেকৈয়ে  দিনবোৰ পাৰ হয়
দিনৰ শে়ষত ৰাতি হয়
জীৱনত কৰি যোৱা কাম
কেতিয়াও শেষ নহয়

ওৰে ৰাতি মই অনুভব কৰো তাৰ উত্তাপ
উজাই আহি বুকুত বিয়পি পৰে
স্পৰ্শ কৰিব খোজো
চুব নোৱাৰি
আন্ধাৰ শূণ্যতাত খেপিযাই ফুৰো

নীৰৱে কঁপা নিশাবোৰত

মাটি চাকিৰ ঢিমিকি পোহৰত
বতাহত বিয়পা ঝিলিৰ মাতত
সময় উভতি থমকি ৰয়

বতাহত বিয়পা গানৰ সুৰত
আত নপৰা যাত্ৰাৰ শেষত
বুকুত বয় শীতল সোঁত

গছৰ ছাঁবোৰৰ জয়াল ৰূপত
নীৰৱে কঁপা নিশাবোৰত
কেতিয়াবা শুনিছিলো ফেঁচাৰ মাত

কাজলবুলীয়া আন্ধাৰৰ আৰত
ফুচফুচাই বাজিছিল বতাহৰ জুনুকা
জোনাকীয়ে পাহৰিছিল উভতাৰ বাট

মনত হাজাৰ প্ৰশ্ন

মনত হাজাৰ প্ৰশ্ন
সমাধান বিছাৰি হাবাথুৰি খাও
অলসভাবে আতৰি যায় সময়
গণিগণি এইদৰেই গধূলী হিছাব কৰো দিনবোৰ

শাৰদীয় জোনাকত মনত জাগে আশা
বিৰিণাত জিলিকা জোনাক সৰা নিয়ৰত
ফুটি উঠে ৰহস্যৰ মায়াজাল
লুকা ভাকু খেলি ৰচি যায় সুখৰ মৰিচিকা

অমাবস্যাৰ আন্ধাৰৰ
জোনাকীৰ মায়াৱীৰূপত
মনৰ স্থিৰতা হেৰাই
হাবাথুৰি খাই


আন্ধাৰৰ জলঙাইদি


তুলসীৰ তলৰ চাকিৰ শেষ শিখা
আন্ধাৰত তিৰবিৰাই
কঁপি কঁপি মৃদু বতাহত
নোমাই যায় হঠাতে
এই দৃশ্যৰ অনুভৱত
কলিজাৰ পৰা বুকুলৈ  খহি পৰা
এমুঠি আৱেগত পিচল খাই
আন্ধাৰৰ জলঙাইদি
স্বাভিমানৰ পাহাৰ খহিয়াই
হেঁপাহৰ বাট কাটোতে
শৈলুৱৈ গজা ৰাতিবোৰত
ডেউকা কোবাই উৰি যায় নিশাৰ চৰাই