পৰিচয়বিহীন আজি নিজ অস্তিত্ব

ফুটগধূলিতে গাওঁখন শুই থকাৰ দিন আজি আৰু নাই
সন্ধিয়া নুশুনো উৰুলিৰ ৰোল
দবা-কাঁহৰ শব্দত আজি নকঁপে বতাহ
গধূলীৰ জুহালত ককা আইতাৰ সাধু এটি সপোন যেন লাগে

প্ৰতিটো বসন্ততে মই উভতি অহাৰ কথা ভাবো
সময়ৰ খহনীয়াই মনৰ সিদ্ধান্তক খেলিমেলি কৰি যায়

পৰিচয়বিহীন আজি নিজ অস্তিত্ব
বুকুত কঢ়িয়াই ফুৰু এই দুখ

কোলাহলৰ মাজত বিষণ্ণ ৰাতি
স্তব্ধ হৈ ৰয় চকুপানীৰ টোপাল

বহুদিন হ’ল দেখা নাই চিনাকি বাট
নতুবা চিনাকি বাটৰ ধূলি

উভতি অহা কলা মেঘ দেখিলে
অস্থিৰতাৰ নিশ্বাসে শিলাখণ্ড বহুৱা বুকুত
বিষাদগধুৰ গানৰ কলি এটাই গুণগুণাই উঠে