তুমি নাছিলা
আছিল এখনি আকাশ
নাছিল কোনো সীমা
আছিল মাথো প্রভাতৰ ফুল আৰু বতাহৰ মৰম
আছিল মাথো প্রভাতৰ ফুল আৰু বতাহৰ মৰম
প্ৰতি লহৰত বাজি উঠা সুৰ
ই যেন আৰতিৰ ধ্বনি
দূৰণিৰ বননিৰ শেৱালিৰ কোমল সুবাস
উপচি পৰে অন্তৰ ভৰি
হিয়াত লাগে কঁপনি
দিগন্ত বিয়পি নীলা লক্ষ ঢৌ
স্মৃতিৰ সীমা চুমি
মোৰ হৃদয়ত ৰঙা তেজ ঢালি জ্বলাই চাকি
সপোন মায়াৰ কবিতাৰ যেন এটি সুঁতি