মূর্ত প্রভাতৰ সংগীতত
প্ৰভাতি সূৰুযৰ হেঙুলীয়া কিৰণত
নিয়ৰৰ প্ৰতিটো বিন্দুত
বাজি উঠে গান
সেই গানতে মন নাচে
ৰৈ ৰৈ বাজি থাকে
চিনাকি বাঁহীৰ সুৰহৈ
মনৰ দুৱাৰ খুলি
আপোনপাহৰা হৈ
চিঞৰি চিঞৰি
ভাললগা গানৰ সুৰ এটা
আন্দোলিত হয় চেতনাত
মূর্ত হয় প্রভাতৰ সংগীতত
এটা আনন্দৰ ভাব
স্পষ্ট সৃষ্টিৰ ধাৰা
ক্ষণে ক্ষণে দোলা দি
প্রতিধ্বনিত হয়
মনত আবিষ্ট এই
কোমল ৰচনাৰ ভাষা
অস্পষ্ট যদিও
নতুনত্বৰ আবেগ সনা
হৃদয়ৰ স্পন্দনবোৰ
কংক্ৰিতৰ ফাঁকে ফাঁকে
সূৰুযৰ কিৰণ বোৰে
মেলি দিলে
সূৰ্য্যাস্তৰ ৰঙীণ আভা
মনটো হাহকাৰ কৰি উঠিল
উচ্ছল যৌৱনৰ উষ্ণতাত
অকাই পকাই যোৱা
নৈৰ কাষলৈ আগুয়াই গ’লো
সুহুৰিয়ালে স্তব্ধ হৈ থকা
হৃদয়ৰ শ্পন্দনবোৰে
জিলিকি জিলিকি উঠিছিল
হেৰাই যোৱা জীৱনৰ প্ৰতিটো কিৰণ
মই চাই আছিলো
অন্ধকাৰত ডুব যাব খোজা
বেলিটোৰ ঢৌত জিলিকা
মিচিকীয়া হাঁহি
অজান দেশত মই
এটা অদ্ভূত ৰাতি
আচৰিত এটা আবেগত আবদ্ধ
আন্দোলিত এটি অনুভৱ
এজোৰ চকু ভাঁহি উঠিল
মনৰ মাজত ।
সময়ৰ সীমা চেৰাই
অজান দেশত
নীৰলে মই অপেক্ষা কৰিছিলো ।
কিচকিচিয়া ক’লা চুলি
থমকি ৰৈছিলো
সীমাহীন কৌতুহল বুকুত ।
কিয় জানো আজি
মন মমতাত বিগলিত
এটা সুতীব্ৰ আবেগ
দুতুপাল সৰো সৰোকৈ
থকা চকুপানী ।
প্ৰশ্ন অলেখ মনত
কোনো উত্তৰ নাছিল
সময়ৰ সীমা চেৰাই
অজান দেশত মই
নিস্তব্দ নিতাল ৰাতি ।