এমুঠী জিয়া আবেগৰ স্পন্দন মিচিকিয়া হাঁহি













মিচিকিয়া হাঁহি
এমুঠী জিয়া আবেগৰ
অনুভুতিৰ স্পন্দন

উত্তাল ঢৌৰ সজীৱতা হৈ
ৰি ফুৰে
সীমাৰ প্ৰান্তে প্ৰান্তে

আসেপাশে অনুভৱ হয়
গতিশীল জীৱনৰ
সজীৱ মাদকতা

বসন্তৰ বোৱতী ঢৌয়ে
অহৰহ খেলি থাকে
এই সজীৱ স্পন্দনত

এটি মৌন পৰশৰ সুৰ
হৃদয়ত বাজি 
অঙ্গে অঙ্গে ফুটি উঠে
প্ৰাণচাঞ্চল্যৰ শিহঁৰণ

এক নিবিড় আকৰ্ষণ
অনুভৱ হয়
জীৱন্ত আত্মাত 

মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
হৃদয় ভৰি পৰে ভালপোৱাৰে

জীয়াই থকাৰ
এটি উদগ্র বাসনাই
প্রাণ পাই উঠে
ন-সৌন্দৰ্য্যৰ ৰূপলৈ

আদৰি নিবলৈ
সযতনে সাঁচি থওঁ
অংকুৰিত কল্পনাৰ 
উন্মুক্ত প্লাৱন

লহৰৰ মায়াজাল ৰছি
প্ৰকৃতিৰ এটি সুৰসমলয়
অহৰহ প্ৰতিধ্বন্নিত হয়
আকাশে বতাহে

এই অজান সংগীতৰ মাদকতাত
আশাবোৰ ভাঁহি যায় 
ৰঙা নীলা সপোনৰ
মিঠা সুৰৰ ঝংকাৰ হৈ

হাঁহিৰ অবুজ ভাষা

তোমাৰ মুখৰ সোণালী হাঁহিৰ
অবুজ ভাষাৰ
আলসুৱা এটি ঢৌ
লক্ষভ্ৰস্ত হৈ বৈ আহে 
মোৰ অনুভৱত 

সুগন্ধি শেৱালীৰ 
উৰুৱাই অনা সুৱাসৰ
এছাটি পচোৱাই
শান্তশীতল মন
অস্থিৰ কৰি তোলে

এই অনুভৱত
বাট হেৰুয়াই
উশাহ লও
পূৱাৰ চেঁচা বতাহজাকত

মোৰ দুখ, মোৰ আনন্দ
কঁপি উঠে
এছাটি বতাহৰ মৃদু চাকনৈয়াত

জৰজৰকৈ খহি পৰে
হৃদয় চোতালত 
এটি ন-উচ্ছাসৰ অনুভূতি

সোঁৱৰণিৰ বিচ্ছুৰিত 
মিঠা পলবোৰৰ 
অজান উপলব্ধিবোৰ
আহৰিত কৰিবলৈ
আপ্ৰাণ চেষ্টা কৰো 
দুহাত মেলি দি

নুবুজা বহুতো ভাৱ এইদৰেই আহে ৰাতিৰ আন্ধাৰত



আস্ফালিত প্ৰতিধ্বনিত
ৰাতিৰ বতাহে দুভাগ নিশা
কৰিছিল সংঘাত

ওফন্দি উঠি
দেও দি
বিজুলীৰ আৰে আৰে
নিজান বনৰ স্তব্ধতা ভাঙি
খহি পৰিছিল ডালে পাতে

অনুভৱ কৰিছিলো
অন্তৰ আকাশ উপচি পৰিছে
আন্দোলিত আবেগত

ভাৱনাবোৰে ক্রমান্বয়ে ছায়াঁৰ দৰে
থমকি থমকি
গহীন নিশাৰ আন্ধাৰত
ক’ৰবাত বাট হেৰুৱায়

দুৰ্ব্বল প্ৰাণেদি
বাগৰি গৈছিল
এটি মৃদু কম্পন

নুবুজা বহুতো ভাৱ
এইদৰেই আহে
ৰাতিৰ আন্ধাৰত

দশোদিশে  খলকনি তুলি
গভীৰ বেদনাৰ শ্বাস ৰূদ্ধকৰ
অজান শংকা বিয়পি যায়
বিশাল শূন্যতাৰ মাজত


পুৱতী নিশাৰ আৰে আৰে















শৰীৰৰ আহে আহে
বাট হেৰুয়া এটি অনুভৱ
নিৰৱে বিৰিঙিল
পুৱতী নিশাৰ আৰে আৰে

কুৱলীৰ আলসুৱা বুকুত
নিজকেই হেৰুয়াই
উশাহ লও
পূৱাৰ চেঁচা বতাহজাকত

এধানমানি কুৱলীৰে
হিয়া ভৰাই
অনুভৱ কৰো
সৰি পৰা শেৱালীৰ সুগন্ধি সুৱাস

এটি অচিনাকি ঢৌৱে
মনৰ তন্ময়তা ভাঙি
অস্থিৰ কৰি তোলে মন
অবুজ ভাষাত

বিৰিণাৰ পাতত ঢৌ খেলাই
বৈ যোৱা এছাটি পচোৱাই
উদুলি মুদুলি মোৰ অনুভৱত
লৈ আহে এটি ঘনিষ্ঠ উত্তাপ

তৰপা তৰপকৈ জমি যোৱা
লক্ষভ্ৰস্ত হৈ থমকি ৰোৱা
নিৰ্বিকাৰ ক’লা ডাৱৰবোৰ
উৰি যায় নিমিষতে

এটি ন-উচ্ছাসৰ
ৰিমঝিম অনুভূতিৰ আবেগে
শিহৰন তুলে
হিয়াৰ কোনে কোনে

মিঠা মিঠা বোল সানি
চেঁচা বতাহ চাটিয়ে
কাণে কাণে কৈ যায়
প্ৰভাতৰ নতুন আশাৰ বতৰা