মিচিকিয়া হাঁহি
এমুঠী জিয়া আবেগৰ
অনুভুতিৰ স্পন্দন
উত্তাল ঢৌৰ সজীৱতা হৈ
উৰি ফুৰে
সীমাৰ প্ৰান্তে প্ৰান্তে
আসেপাশে অনুভৱ হয়
গতিশীল জীৱনৰ
সজীৱ মাদকতা
বসন্তৰ বোৱতী ঢৌয়ে
অহৰহ খেলি থাকে
এই সজীৱ স্পন্দনত
এটি মৌন পৰশৰ সুৰ
হৃদয়ত বাজি
অঙ্গে অঙ্গে ফুটি উঠে
প্ৰাণচাঞ্চল্যৰ শিহঁৰণ
এক নিবিড় আকৰ্ষণ
অনুভৱ হয়
জীৱন্ত আত্মাত
মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
হৃদয় ভৰি পৰে ভালপোৱাৰে
জীয়াই থকাৰ
এটি উদগ্র বাসনাই
প্রাণ পাই উঠে
ন-সৌন্দৰ্য্যৰ ৰূপলৈ
আদৰি নিবলৈ
সযতনে সাঁচি থওঁ
অংকুৰিত কল্পনাৰ
উন্মুক্ত প্লাৱন
লহৰৰ মায়াজাল ৰছি
প্ৰকৃতিৰ এটি সুৰসমলয়
অহৰহ প্ৰতিধ্বন্নিত হয়
আকাশে বতাহে
এই অজান সংগীতৰ মাদকতাত
আশাবোৰ ভাঁহি যায়
ৰঙা নীলা সপোনৰ
মিঠা সুৰৰ ঝংকাৰ হৈ