পুৱতী নিশাৰ আৰে আৰে















শৰীৰৰ আহে আহে
বাট হেৰুয়া এটি অনুভৱ
নিৰৱে বিৰিঙিল
পুৱতী নিশাৰ আৰে আৰে

কুৱলীৰ আলসুৱা বুকুত
নিজকেই হেৰুয়াই
উশাহ লও
পূৱাৰ চেঁচা বতাহজাকত

এধানমানি কুৱলীৰে
হিয়া ভৰাই
অনুভৱ কৰো
সৰি পৰা শেৱালীৰ সুগন্ধি সুৱাস

এটি অচিনাকি ঢৌৱে
মনৰ তন্ময়তা ভাঙি
অস্থিৰ কৰি তোলে মন
অবুজ ভাষাত

বিৰিণাৰ পাতত ঢৌ খেলাই
বৈ যোৱা এছাটি পচোৱাই
উদুলি মুদুলি মোৰ অনুভৱত
লৈ আহে এটি ঘনিষ্ঠ উত্তাপ

তৰপা তৰপকৈ জমি যোৱা
লক্ষভ্ৰস্ত হৈ থমকি ৰোৱা
নিৰ্বিকাৰ ক’লা ডাৱৰবোৰ
উৰি যায় নিমিষতে

এটি ন-উচ্ছাসৰ
ৰিমঝিম অনুভূতিৰ আবেগে
শিহৰন তুলে
হিয়াৰ কোনে কোনে

মিঠা মিঠা বোল সানি
চেঁচা বতাহ চাটিয়ে
কাণে কাণে কৈ যায়
প্ৰভাতৰ নতুন আশাৰ বতৰা