ঠিক এনেকেইয়ে আহিছিল এবাৰ আহিন

শীতৰ সেমেকা সন্ধিয়া
ভাহি অহা শেৱালীৰ সুৰভিত
নৈ পাৰৰ ঘাঁহনিৰ তিতা নিয়ৰত খোজ দিওতে
চকুত পৰিল আহিনৰ কেঁচা ধানৰ কোমলীয়া থোক
ঠিক এনেকেইয়ে আহিছিল এবাৰ আহিন
পাহাৰখনৰ উপৰেদি
গছ বিৰিষৰ ফাঁকে ফাঁকে
নৈখনৰ বুকুয়েদি
জাকে জাকে উৰি আহিছিল চৰাই
সিহঁতৰ ডেউকাত উলমি হেনো আহিন আহিছিল
গোটেই গাঁওখনে ৰৈ আছিল চাই
মোৰ নীলাচোলাটোৰ আৰতে লুকাই আছিল 
নীলা ৰঙৰ গীতৰ কলিবোৰ
ক্ৰমাত পোহৰ জই পৰি গ’ল 
মই হাবাথুৰি খাই খেপিয়াই ফুৰিছিলো
হেৰাই যোৱা সুৰবোৰ
লাহে লাহে দূৰণিত হেৰাই গৈছিল 
চৰাইজাকৰ কোলাহলবোৰ