সপোনৰ সমাধিত অপতৃণ

আউলি-বাউলি কুৱলীৰ ঢৌবোৰ
লিহিৰি ৰ’দত লাহে লাহে নোহোৱা হ'ল
জাৰত ঠেৰেঙা লগা মানুহবোৰে কিছু সকাহ পালে
গছপাতৰ লাহী ডালপাতত উলমি
পৰো পৰোকৈ থকা নিয়ৰৰ টোপালবোৰ
ৰ’দত জিলিকি আছিল
তেওঁৰ বয়স দুকুৰিৰ ওচৰা-ওচৰি
নৈখনৰ পাৰত বহি পানীলৈ চাই চাই
কুঁহিপাতহেন সেউজীয়া শীতৰ মিঠা ৰ’দৰ আমেজ লৈ
কেতিয়াবা নৈ পাৰৰ এজোপা গছৰ তলত বহি থাকে
কোনো অস্থিৰতা নাই যদিও বহুদিন তেওঁ ঘৰলৈ যোৱা নাই
ধীৰ গতিৰে বৈ যোৱা পানীখিনি দৃ্ষ্টিৰে স্পৰ্শ কৰি
অনুভৱ কৰিব বিছাৰে কিবা এক আকুলতাৰ টান
এনেকৈয়ে দিনবোৰে পাখিমেলি পাৰ হয়
সময়ৰ খহনীয়াই খহোৱা নৈখনৰ দৰে
অন্তৰৰ সেই আকোলতা ক্ৰমান্বয়ে ক্ষীণ হৈ আহে
স্মৃতিৰ পেৰাত সাঁচি থোৱা আকোলতাবোৰ
লাহে লাহে উৱলি গৈছিল
অচিনাকি হৈ পৰিছিল চিনাকি স্মৃতিবোৰ
লাহে লাহে তেওঁ হেৰাই গৈছিল
এটা সপোনৰ সমাধিত অপতৃণ হৈ