কিয় আজি আকাশে












কিয় আজি আকাশে 
মনে মনে ৰদালিক ঢাকিলৈ
গুজৰি গুমৰি মেঘালিক কন্দোৱাই
সৰিছে টোপা টোপে 
ধাৰাসাৰ ধৰাৰ বুকুলৈ
মাটিত বাগৰি বাগৰি 
জুৰি হৈ বৈ যায় সৰু সৰু সুঁতি হৈ
বুকুত সাৱতি লৈ 
মেঘালীক নিছুকাই
খঙতে গুজৰি উঠা 
আকাশৰ গুমগুমনি বিজুলি চমকনিত
মেঘালীৰ চকুপানীৰ ভেটা ভাগি 
বৈ যায় সুঁতিবোৰ 
শোকৰ ঢল হৈ 
বিশাল সাগৰৰ বুকুলৈ
কিয় আজি আকাশে 
মনে মনে ৰদালিক ঢাকিলৈ
গুজৰি গুমৰি মেঘালিক কন্দোৱাই
সৰিছে টোপা টোপে 
ধাৰাসাৰ ধৰাৰ বুকুলৈ
কিয় আজি আকাশে 
গুজৰি গুমৰি কিয়নো মেঘালিক কন্দোৱাই 
সৰিছে টোপা টোপে 
ধাৰাসাৰ ধৰাৰ বুকুলৈ

বুকুৰে হেঁপাহবোৰ বিছাৰি

বুকুৰে হেঁপাহবোৰ বিছাৰি
অন্তহীন তৃষাৰে ঘুৰিলোঁ- ফুৰিলোঁ
হৃদয়ৰ পাত লুটিয়াই

বুকুৰে বিষাদ কঢ়িয়ালোঁ 
মেঘালী আকাশ বুকুতে সাৱতি
ধূমুহা গাজনিয়ে ধৰিলে আগুচি

বা-মাৰলীত উৰিলো-ফুৰিলোঁ
ধূলিৰ বতাহে সুহুৰি মাৰিলে
খুলি যায় হিয়াৰে দুৱাৰ

স্মৃতিৰ নিজৰাৰে বৈ গ’ল
প্ৰেম সাগৰৰে জোৱাৰ

বুকুৰে হেঁপাহবোৰ বিছাৰি
অন্তহীন তৃষাৰে ঘুৰিলোঁ- ফুৰিলোঁ
হৃদয়ৰ পাত লুটিয়াই

তোমাকে দেখিলো নৈৰে পাৰতে
ৰঙা বেলিৰে আৰলৈ আছিলা লুকাই
তুমি মোৰ হেঁপাহৰে অন্তহীন জোৱাৰ

ঢৌ তুলি ভাঙিলা বুকু

ঢৌ তুলি তুমি আহি ভাঙিলা বুকু
হিয়াতে সানি দিলা  ফাগুনৰে ফাকু 

সপোন সপোন এটি সপোন
বাজিছে হিয়াত উতলা সুৰৰে বাঁহি

ঢৌ তুলি তুমি আহি ভাঙিলা বুকু
হিয়াতে সানি দিলা  ফাগুনৰে ফাকু 

মিঠা মিঠা সুৰ ঢালি
আৰে আৰে কাঢ়ি নিলা মন

নিজম পৰত মনৰ মাজত
ঘনে ঘনে সৰিছে ফুলৰে পাহি

ফাগুণ আহি কাষতে ৰৈ
অশান্ত মনত বোৱালেহি জোনাকৰে জোঁতি

ঢৌ তুলি তুমি আহি ভাঙিলা বুকু
হিয়াতে সানি দিলা  ফাগুনৰে ফাকু 

বলিছে ফাগুণ হিয়াত সাৱতি লৈ
 এমুঠি ৰঙৰে ফাকু 

ঢৌ তুলি তুমি আহি ভাঙিলা বুকু
হিয়াতে সানি দিলা  ফাগুনৰে ফাকু 

মেলি দিলো নাও

মেলি দিলো নাও
চিনাকী ঘাটৰ বিপৰীতে...

নাজানিলো নাভাবিলো
এই ঘাটৰ পানী
কোন ঘাটলৈ যায়

হিয়াৰ কথা শুনি
নাভাবিলো একোকে

উকি মাৰি মাৰি
সোঁতৰ চেয়ে চেয়ে
গালো গীত প্ৰাণঢালি

নাজানিলো নাভাবিলো
এই ঘাটৰ পানী
কোন ঘাটলৈ যায়

মেলি দিলো নাও
চিনাকী ঘাটৰ বিপৰীতে

কহুৱা ফুলা বতৰত

কঁহুৱা....
কঁহুৱা ফুলা বতৰত
মনে জানো কি বিছাৰে

বতাহে বতাহে বৈ অহা ভাৱ এটিয়ে
মন কিয় জানো উৰুঙা উৰুঙা ৰে

কঁহুৱা....
কঁহুৱা ফুলা বতৰতে
মনে জানো কি বিছাৰে

সন্ধিয়া পৰত অকলশৰীয়া জোনাকিটিয়ে
কিনো বিছাৰি জ্বলা নুমা কৰে

কঁহুৱা....
কঁহুৱা ফুলা বতৰতে
সন্ধিয়াৰ বতাহজাকে 
লৈ আহে কিনো বান্ধোনৰে মায়া
মন কিয় জানো উৰুঙা উৰুঙা লাগে

মোৰ উশাহত যদি ভাহি উঠে

মোৰ নোহোৱাবুলি জানিওঁ
মন নেথাকে  কিয় জানো  ৰৈ

পলে পলে গলি গলি
একেদৰে জ্বলি থাকে
 আৱেগৰ কি যে মায়া

মোৰ উশাহত অহা যোৱা কৰে
হৃদয়ত জ্বলা তপত একুৰা  জুই

তোমাৰ নীলা  দুচকুত
কি বিছাৰি হৃদয়ত  জ্বলে
এই আৱেগৰ মায়া

জীৱন পথৰ সুদূৰত দেখা
আশাৰ ৰঙীণ ৰংবোৰ
আঙুলি মুৰত গণি গণি
আজিওঁ আছো ৰৈ

দূৰে দূৰে থাকি আৰু কিমান জ্বলাবা
মোৰ হৃদয়ৰ জুই

নোৱাৰো বুজাব মনৰ কথাবোৰ
কিয় নোবোজা প্ৰাণৰ অনুভৱ মোৰ
দূৰে দূৰে থাকিম
তোমাৰ মৰমৰ প্ৰেৰণাৰে
আজিও আছো ৰৈ

প্ৰেমৰ প্ৰেৰণাৰে ৰাখিম জ্বলাই 
কোমল জোনাকেৰে
তোমাৰ বাবে সাঁচি ৰখা মৰমবোৰ

জীৱন পথত কেতিয়াবা যদি হাৰমানো
দিবানে প্ৰেৰণা আন্ধাৰ ক্ষণবোৰত
দি তপত নিশাহৰ বোল

মোৰ উশাহত যদি ভাঁহি উঠে
শীতল বেদনাৰ ধল
কৰিবানে উমাল
দি তপত নিশাহৰ বোল

পলে পলে গলি  গলি………………

মায়া ভৰা দুচকু

মায়া ভৰা দুচকুৰে
দূৰণিৰ জোনাকী হৈ
হিয়াজুৰি আছাহি বৈ

হৃদয়ে আৱেগক আৰু নোৱাৰে সহিব
নাহিবা আকৌ  বুকুভৰা বেদনা হৈ

নিৰৱে আছিল জীৱন সুৰভি
তোমাৰ মৰমৰ সুবাস লৈ

কন্দোৱাই  গুছি যোৱা  বাৰে বাৰে
মাথো মায়াৱিনী হৈ

হৃদয়ে আৱেগক আৰু নোৱাৰে সহিব
নাহিবা আকৌ  বুকুভৰা বেদনা হৈ

বুকুৰ উমেৰে সজোৱা সপোন
দুলি আছিল সাগৰৰ  এটি ঢৌ হৈ
নিৰৱে আছিল জীৱন সুৰভী
তোমাৰ মৰমৰ সুবাস লৈ

হৃদয়ে আৱেগক আৰু নোৱাৰে সহিব
নাহিবা আকৌ  বুকুভৰা বেদনা হৈ

এই নিজান সন্ধিয়া নেচাবা মোলৈ
মায়া ভৰা দুচকুৰে

হৃদয়ে আৱেগক আৰু নোৱাৰে সহিব
নাহিবা আকৌ  বুকুভৰা বেদনা হৈ

সপোনৰ সমাধিত অপতৃণ

আউলি-বাউলি কুৱলীৰ ঢৌবোৰ
লিহিৰি ৰ’দত লাহে লাহে নোহোৱা হ'ল
জাৰত ঠেৰেঙা লগা মানুহবোৰে কিছু সকাহ পালে
গছপাতৰ লাহী ডালপাতত উলমি
পৰো পৰোকৈ থকা নিয়ৰৰ টোপালবোৰ
ৰ’দত জিলিকি আছিল
তেওঁৰ বয়স দুকুৰিৰ ওচৰা-ওচৰি
নৈখনৰ পাৰত বহি পানীলৈ চাই চাই
কুঁহিপাতহেন সেউজীয়া শীতৰ মিঠা ৰ’দৰ আমেজ লৈ
কেতিয়াবা নৈ পাৰৰ এজোপা গছৰ তলত বহি থাকে
কোনো অস্থিৰতা নাই যদিও বহুদিন তেওঁ ঘৰলৈ যোৱা নাই
ধীৰ গতিৰে বৈ যোৱা পানীখিনি দৃ্ষ্টিৰে স্পৰ্শ কৰি
অনুভৱ কৰিব বিছাৰে কিবা এক আকুলতাৰ টান
এনেকৈয়ে দিনবোৰে পাখিমেলি পাৰ হয়
সময়ৰ খহনীয়াই খহোৱা নৈখনৰ দৰে
অন্তৰৰ সেই আকোলতা ক্ৰমান্বয়ে ক্ষীণ হৈ আহে
স্মৃতিৰ পেৰাত সাঁচি থোৱা আকোলতাবোৰ
লাহে লাহে উৱলি গৈছিল
অচিনাকি হৈ পৰিছিল চিনাকি স্মৃতিবোৰ
লাহে লাহে তেওঁ হেৰাই গৈছিল
এটা সপোনৰ সমাধিত অপতৃণ হৈ