মন যায় লিখি যাবলৈ

ভবাৰ দৰে নহয় কথাবোৰ
কিয় জানো মনলৈ অহা ভাৱবোৰ ফোটাই তুলিব নোৱাৰো
আখৰেৰে পাতৰ বুকুত
লিখিব লগা বহুত কথাই আছে
দৈনন্দিন জীৱনৰ অলেখ কথা
প্রতিদিনে ঘটি যোৱা ঘটনাবোৰ
মন যায় লিখি যাবলৈ
কিন্তু ভবা কথাবোব ভাৱ হৈয়ে থাকি যায় মনব মাজত
হাতত কলম লৈ বহিলেই ভাৱবোৰ নোহোৱা হয়
কিয় জানো এনে হয়
লিখিম লিখিম বুলি ভাবি থকোতেই বহু কথা হেৰাই গ’ল পাহৰণিৰ বুকুত
টুকুৰা টুকুৰকৈ মনত পৰে কথাবোৰ
কেতিয়াবা লিখিলেও আধা লিখা হয় কথাবোৰ
কৰ পৰানো আৰম্ভ কৰিম তাকে ভাবি থাকোতেই যতি হেৰাই যায় ভাৱবোৰৰ
সেয়ে হয়তো লিখা হৈ নুঠে কেতিয়াওঁ
লিখাৰও যদি কিবা নিয়ম আছে নাজানো
আৰম্ভনিয়েই বা কেনেকৈ কৰিব লাগে তাৰো আভাস নাপাওঁ
লিখিলোয়েই যেনিবা কিন্তু শেষ কৰিম ক’ত
এইদৰে ভাবি থকোতেই যায় লিখা হৈ নুঠে কেতিয়াওঁ ।।

এটি জন্ম

অনুৰক্ত হৃদয়
অনুৰাগ আকুলতাৰ,
মনপৰশা সখী
মনপ্ৰসন্ন চেনেহৰ,
প্ৰাণ শান্ত স্থবিৰ
বান্ধোন প্ৰেমজৰীৰ,
নিৰৱ সন্তুষ্টী
শোৱনী সৰ্বশ্ৰেষ্ঠ,
এটি জন্ম
গভীৰ আনন্দ ।

স্ফটিক

প্ৰতিবিম্ব স্ফটিকত সূৰূযৰ
ৰূপভিন্ন মাথো বিনিময় হৃদয়
স্ফটিকত আবদ্ধ সূৰূয
স্ফটিকে ললে ধৰ্ম সূৰূযৰ
গুণমুগ্দ্ধ স্ফটিক সূৰূযৰ

প্ৰতিফলিত হেজাৰ ৰশ্মিৰে সূৰূয।

হেৰুৱা দিনৰ সংজ্ঞা বিচাৰি

উজাগৰি ৰাতিৰ নিসংগতা
মৌন সাক্ষী এটি তৰা,
স্মৃতিৰ অভিধান বুকুত লৈ
অবুজ বিষাদ ভাষাহীন মৌনতা
নিস্তব্ধ নিশা উপলব্ধি হুমূনিয়াহ,
বেদনাৰ বুকু ভঙা খোজ
ক্রমবৰ্দ্ধমান কাল ৰাত্রি
যান্ত্রনাৰ অবিৰাম নিশ্বাস,
কণিকাত অশ্রুৰ ছায়া আঁউসীৰ
নিসংগ উদাসীন হাহাকাৰী হৃদয়,
হেৰুৱা দিনৰ সংজ্ঞা বিচাৰি
উত্তাল বিজুলিৰ কোলাহল ডাৱৰত
সৃষ্টি ধাৰাষাৰ বৃষ্টি অশ্রুৰ ।

বিষাদৰ সুৰ

কৰবাত বাজি উঠিল
এখনি বীন মাজনিশা,
সপোন এটাই যেন
উচূপী উঠিছে,
কিজে এক অনুভূতি
মনত জাগি উঠিছে,
সেই অনুভূতিৰ ভাষা যেন
অতি চিনাকী,
কিয় জানো বিষাদৰ এক কলা ডাৱৰে
মন চানি ধৰিছে,
তুমি জানো অনুভৱ কৰিব পাৰিছা
বিষাদৰ সুৰটি কি,
কৰবাত বাজি উঠিল
এখনি বীন মাজনিশা ।

প্ৰতিক্ষা

তোমাক দিছিলো মাখো
বিবেচনাৰ বাবে,
তুমি দিলা সিদ্ধান্ত,
এতিয়া মাথো
প্ৰতিক্ষা কৰিছো
তুমি দিয়া দণ্ডৰ ।

কবিতাৰ শৰ

প্ৰক্ষেপ কৰিলা তুমি
কবিতাৰ শৰ পাত
বুকু ভেদি গ,
সুন্দৰ কন্ঠেৰে
গীত গালা তুমি
হৰি নিলা মন প্ৰাণ,
সুৰৰ লহৰে লহৰে
মন মোৰ উটি ভাহি গ,
আজি মোৰ সত্বা
তোমাতেই বিলীন………

সৰগৰ দুৱাৰ বিচাৰি

মন ভৰি উঠে
হাঁহিৰ সূৰ্য্যস্নাত স্বপ্ন শিখাৰে,

ব্যৰ্থতাৰ বোজাবোৰ পৰি ৰয়
মৃত পাহৰনিৰ আন্ধাৰ গলিত,

জীৱনে দেখে এক নতুন সপোন
মন ভৰি পৰে সোণালী হাঁহিৰে,

খেলি যায় এটি দুটি ঢৌ
উৰি যায় মন হেজাৰ আশাৰে
সৰৰ দুৱাৰ বিচাৰি

নীলঞ্জনা

নীলঞ্জনা তুমি মেঘজ্যোতি,
আকাশত চমকি ডাৱৰৰ আৰে আৰে
সৃষ্টি কৰা ত্বৰিত্‍  বিজুলী,
চাই থাকা মাজে মাজে
ধৰাৰ বুকুলৈ হুঙ্কাৰ কৰি,

ধাৰাষাৰ গতিৰে বৈ যায়  
ডাৱৰৰ চকুপানী
শীতল কৰি সহস্ৰ প্ৰাণ 

আজি কিয় জানো নিমাত তুমি,
হৃদয় থানবান, কৰিছে হাহাকাৰ,
শুনিব খোজে প্ৰাণে মোৰ
তোমাৰ মাত এষাৰ

আকুলতা

আকুলতা, ঠিকনা বিহীন মায়া
এটি স্পন্দন, এটি অনুভৱ হৃদয়ৰ
এটি আকৰ্ষণ প্ৰিয়জনৰ
হৃদয় নিৰুপায় অনামি মোহত

হৃদয় অস্থিৰ দুলি ফুৰে মন
তন্ মন্ আলোকিত দীপ্তিৰে
ভৰি পৰে বুকু উমাল উত্তাপত

ভৰি পৰে জোনাকৰ কোমলতা
ক্লান্তিৰ ছায়া আতৰি পলাই
বৈ যায বুকুয়েদি ভাল লগা
উপলব্দ্ধি প্ৰাণময় সম্পৰ্কৰ

সুখ আৰূ দুখ

সুখ আছিল ৰৈ দুৱাৰ দলিত
কোনে জানো আতৰাই থলে,
দুখৰ কান্দোনত সুখ কাতৰ,
উভতিও যোৱা নাই
মোৰ পদুলি এৰি,
সুখ আৰু দুখ হেনো
একেলগে নাথাকে
যদিও দুয়ো দুয়োৰে বান্ধৈ

চেতনাৰ অগ্নিদীক্ষা

মানুহৰ সংগ্ৰামৰ পথাৰত 
যুগে যুগে বিদ্ৰোহৰ জাগৰণ আহে
সভ্যতাৰ স্তৰে স্তৰে
বিদ্যমান তেজ ৰঙা ইতিহাস
এই ইতিহাস হৈ পৰে
চেতনাৰ অগ্নিদীক্ষা।

হৃ দ য় ৰ সু খ

প্ৰচণ্ড ধুমুহাৰ ধূলিৰ জোঁৱাৰ  
হুঙ্কাৰ আৰু নৃত্য প্ৰহেলিকাৰ ।

বৰ্ব্বৰতাৰ আসুৰিক অধিকাৰ
দানৱ জীৱনৰ উল্লাস
নিৰ্ম্মম নগ্নতা বাস্তৱৰ
মৰীচিকাৰ জিলমিল ।

শান্তিৰ সঙ্গীত নপৰে কাণত
হৃদয়ৰ সুখ মৰণৰ দূৱাৰ দলিত

সৃষ্টিৰ চেতনা








মাটিৰ কামনা  ঘৰ্মাক্ত দেহ
আৰু সৃষ্টিৰ চেতনা

প্ৰাণময় মোহময় সেউজীয়া পথাৰ
কৃষকৰ সাধনাৰ সপোন

বতাহৰ গতিত
ঢৌ উঠে ধাননিত

সোঁতৰ চেৱে চেৱে
সেউজীয়া সপোনে হাঁহে

কৃষকৰ দৃঢ়কন্ঠ
সপোন গঢ়াৰ উত্তাল তৰঙ্গ

কৃষকৰ ইতিহাস
সেউজীয়া পথাৰৰ প্ৰাণ

জীৱন-সৃষ্টি

উত্তাল তৰঙ্গৰ ঢৌ
বাঢ়ে নাচে আৰু হাঁহে

ঢৌৰ চেৱে চেৱে
বুকুৰ সপোন
দ্ৰুত অবিৰাম গতিত বাঢ়ে

ধৰণীৰ কোলাহল
জীৱন-সৃষ্টিৰ সোনালী সপোন

আনন্দৰ উল্লাস
জ্যোতিৰ শিখা হৈ
দিগন্তৰ সিপাৰে উকি মাৰে