নীলঞ্জনা তুমি মেঘজ্যোতি,
আকাশত চমকি ডাৱৰৰ আৰে আৰে
সৃষ্টি কৰা ত্বৰিত্ বিজুলী,
চাই থাকা মাজে মাজে
ধৰাৰ বুকুলৈ হুঙ্কাৰ কৰি,
ধাৰাষাৰ গতিৰে বৈ যায়
ডাৱৰৰ চকুপানী
শীতল কৰি সহস্ৰ প্ৰাণ
আজি কিয় জানো নিমাত তুমি,
হৃদয় থানবান, কৰিছে হাহাকাৰ,
শুনিব খোজে প্ৰাণে মোৰ
তোমাৰ মাত এষাৰ ।