হেৰুৱা দিনৰ সংজ্ঞা বিচাৰি

উজাগৰি ৰাতিৰ নিসংগতা
মৌন সাক্ষী এটি তৰা,
স্মৃতিৰ অভিধান বুকুত লৈ
অবুজ বিষাদ ভাষাহীন মৌনতা
নিস্তব্ধ নিশা উপলব্ধি হুমূনিয়াহ,
বেদনাৰ বুকু ভঙা খোজ
ক্রমবৰ্দ্ধমান কাল ৰাত্রি
যান্ত্রনাৰ অবিৰাম নিশ্বাস,
কণিকাত অশ্রুৰ ছায়া আঁউসীৰ
নিসংগ উদাসীন হাহাকাৰী হৃদয়,
হেৰুৱা দিনৰ সংজ্ঞা বিচাৰি
উত্তাল বিজুলিৰ কোলাহল ডাৱৰত
সৃষ্টি ধাৰাষাৰ বৃষ্টি অশ্রুৰ ।