কিয় মনত ঢৌ খেলে ফাগুণৰ এই ৰঙীন ৰঙত








জাগ্ৰত অনুভূতিবোৰ 
চঞ্চল মনত আশাৰ ধল হৈ
বিছাৰি ফুৰে ৰং

কিয় মনত ঢৌ খেলে 
ফাগুণৰ এই ৰঙীন ৰঙত 

থমকি থমকি পখিলাৰ দৰে 
মৰম সিক্ত অনুভূতিৰে 
বাঢ়ি আহে প্ৰত্যাশা

মৌনতাৰ আৰ লৈ
এটি আৱেগিক চঞ্চলতাই
নীৰবে গুম গুমায়

উদাসীন মনত
নীৰবে সানি যায় 
এবুকু হেঁপাহ

চিনোঁ চিনোঁ লগা বাটেৰে
সপোনটিয়ে উটুৱাই নিয়ে মন

মন কঁপে 
অবুজ ভাৱৰ 
চাকনৈয়াত পৰি

মিশ্ৰিত এটি আৱেগে
স্মৃতিবোৰ জগাই তুলে

মৌনতাৰ অস্থিৰতাত মন জ্বলে
নুবুজা মায়াৰ পৰশ বিছাৰি

বাউলী বতাহৰ উখল-মাখলত 
নল খাগৰীত ঢৌ উঠে

হৃদয়ে সঁহাৰি পাই 
আলফুলে বুটলে
ৰূপালী জোনাকৰ 
ৰিহাৰ আচল

মৌন ক্ষণবোৰৰ মিঠা আৱেশত
ওফন্দি উঠা প্ৰাণোচ্ছল উলাহত
অবুজ মন ঢাপলি মেলে 
উন্মনা হৈ

দূৰে দূৰে থাকি  
সোঁৱৰণিয়ে উজুটি খায়
স্মৃতিৰ ঢৌবোৰৰ 
সৰি সৰি পৰা ছিটিকনিত

ফাগুনৰ সন্ধিয়া
পথভ্ৰস্থ হোৱা মনে
উপকূল বিছাৰি
বৈ যোৱা সোঁতত 
এৰি দিয়ে আৱেগৰ বাসনা

শূন্যতাৰ বিষাদ বিসৰ্জন দি
পানী-যুঁৱলিত
মন উটি ফুৰে উন্মুক্ত হৈ