মোৰ অভিধানত নিজানে নিজানে
থিতাপি লৈছিল তমসাৰ বিষাদে
উশাহত বিয়পা উৎকণ্ঠাই
উদাসীন বতাহত
চটিয়াই দিয়ে নিস্তব্ধ শূন্যতা
জীৱনে খোজ লয়
আন্ধাৰৰ আঁচলত ধৰি
আন্ধাৰৰ আৰত
উৱলি বিয়পি পৰে
মোৰ প্ৰতিকৃতি
মোৰ তেজৰ সোঁতত
অভিজ্ঞতাৰ আঁচোৰ
জীৱনৰ অৰ্থ বিছাৰি
বিবেকী যুদ্ধত
হেৰাই যোৱা পৰিচয়
ওপঙি ফুৰে অন্ধকাৰত
মই অচিন পথৰ যাত্ৰী
কঁপি উঠিছিল বুকু
বিচিত্ৰ এই কালৰাত্রি
মোৰ সত্তাত সৃষ্টি
এই অস্থিৰতাৰ সৰ্পিল পাকত
ভাঁহি যায় তুলুঙা নাও
বিষন্নতাৰ ঢৌবোৰৰ তালে তালে