সন্ধ্যাৰ
সিপাৰে
অদৃশ্য
হ'ল বেলিটি
গহীন
নিশাৰ আন্ধাৰত
কাঁহ
পৰি জীন যোৱা পৰিৱেশ
ভাগৰত
সকলো নিমাত
ঢিমিকি
ঢামাকৈ জলি আছে
বন্তিগছি
জাগ্ৰত
চেতনাৰ সুপ্ত সৈন্যদল
দুৰ্ব্বল
প্ৰাণেদি বাগৰি গ’ল
এটি
মৃদু কম্পন হৈ
পাৰ
হৈ অহা দিনবোৰৰ
নুবুজা
বহুতো আশা
বহুতো
সপোন
কেঁচা
টোপনিৰ ভিৰৰ মাজত
ছলনাৰ
ধেমালিৰে
ক’ৰবাত
বাট হেৰুৱায়
এইদৰেই
আহে
ৰাতিৰ
বতাহত
নাই
অতৃপ্তিৰ অশান্তি