গুচি যোৱা ৰেলৰ উকি

ভটীয়নী সোঁতত দিখৌয়েদি যোৱা বহু দিন হ'ল
বতাহত লৰি থকা কহুৱা বনৰ দৃশ্য 
আৰু ঢোলৰ চাপৰ কথা 
মাজে মাজে মনত পৰে

জীৱন সংঘাতত ওপজা ফিৰিঙতিত 
সাৰ পালো হঠাতে

অৱচেতন মনত
শুনিলো পাহাৰী নিজৰাৰ ধ্বনি

চকুত জিলিকিল
বিজুলীৰ দৰে বুৰঞ্জীৰ পাতবোৰ

জীয়াই থকাৰ আশাৰ
গাঁথনিৰ ফাকে ফাকে
হঠাতে জিলিকি উঠে
প্ৰাণৰ নিখুঁত অভিনয়

আগ বাহি যায় 
জাকে জাকে জোঁট লগা
সন্ধ্যাৰ  মিছা আয়োজনবোৰ

অপেক্ষাৰ অৱসাদত
সাৰ পাই শুনো মাথোন
গুচি যোৱা ৰেলৰ উকি