মোৰ অনুভৱে অনুভৱে জ্বলে

বিচাৰি চাওঁ
দূৰণিৰ বননিত চৰাইৰ
প্ৰাণৰ হিল্লোল
অন্তৰ আকাশ উপচি পৰে
তাৰ প্ৰতিধ্বনিত

জোনাক নিশা
বিচাৰো দূৰ দিগন্ত বিয়পি থকা
তৰাৰ ফুলনি নতুবা
ধুমুহাৰ উতলা সঙ্গীত

অনুভৱ কৰো ফুলনিত বসন্তৰ সুৰভি
চকুত জ্বলে সপোনৰ মায়া
বৈ আহে স্নিগ্ধ ফুলৰ সুবাস
উত্তাল তৰংগ হৈ

মোক লৈ যায়
দোকমোকালিৰ কোমল বতাহে
ৰ’দালিৰ ভাঁজে ভাঁজে
নিজান বনলৈ

এই উজ্জ্বল স্স্পৰ্শই
নিস্তেজ মন উদ্দাম কৰি
উখল মাখল পথাৰৰ
স্তব্ধতা ভাঙে

বননিৰ পৰা উৰি আহিছিল
এটি মুকলি সুৰ
খহি পৰিছিল এটি এটি কৰি
মোৰ দুখ আৰু যন্ত্ৰণা

মোৰ অনুভৱে অনুভৱে জ্বলে
পোহৰৰ অদ্ভুত স্পন্দন
অনুভৱ কৰিছিলো
ডালে ডালে বৈ অহা
পাতৰ সেউজীয়া তৰংগৰ
অপাৰ বিস্ময়