আকাশে-বতাহে দশোদিশে খলকনি তুলি
উচ্ছ্বাস আনন্দৰ
ধ্বনিয়ে তোলপাৰ কৰি
তুলিছিল
নিৰ্জ্জীৱ স্পন্দনহীন দেহাটিত অতীত স্মৃতিৰ
মোহজাল তৰি
হ’ব
পাৰে ই এটি সপোনৰ
মায়া নতুবা
শূন্যত বিয়পি
পৰা ধুনীয়া জোনাক ৰাতি
এটি উদাৰ সুৰে আৰু এছাটি আবেগৰ বতাহে
গভীৰ বেদনাৰ
মাজতো মোক লৈ গৈছিল নিচিনা বাটেদি
নতুনত পুৰণিৰ
পাতনি মেলি বৈ গৈছিল
স্মৃতিৰ নিজৰা
ধীৰে ধীৰে
নিজম পৰা ৰাতিৰ আকাশত
কুঁৱলীৰ ৰূপালী
ৰিহাৰ আৱৰন গঢ়ি তুলাৰ
সমাৰোহ, আয়োজন
সপোনটো অবাধে
আহিল আৰু গ'ল
এনে এটি স্পৰ্শই
দি
থৈ যায় জীয়াই থকাৰ
আশা