দুঃস্বপ্নৰ জাল

নদীৰ ঢলে
এৰি থৈ গুচি যোৱা
দুঃস্বপ্নৰ জাল

আহে ভাঙি-ছিঙি বছৰে বছৰে
প্ৰাণৰ সেউজীয়া ৰঙত
আঁকি দিয়ে ফুটছাঁইৰ বৰণ

এখন পৃথিৱীত
গছ-লতা ফুল মষিমূৰ কৰি
বালিৰ দ’লেৰে গঢ়ে সমাধি

এই বালিৰ মৰুভূমিত
জীৱনে ক’ৰবাত বাট হেৰুৱায়

দূৰণিৰ গাঁওখনিত
ৰাতিৰ বতাহে ছটিয়াই
ধ্বংসৰ অশান্তি
গঢ়ে বিভীষিকাময় জীৱন

ভাগৰ লাগিছে মোৰ
যাত্ৰা শিলাময়
সংঘাতত ওপজে ফিৰিঙতি

জীৱন্ত সূচনা
কিলবিল নৃত্য দিঠকৰ
জীৱনৰ গাঁথনিৰ ফাকে ফাকে
বৈ যায়  বিবৰ্ণ বতাহ

দুচকুত জাকে জাকে জোঁট লাগে
মিছা অপেক্ষাৰ অৱসাদ
বন্ধ দুৱাৰ আৰু এবুকু পলস