মাজে মাজে
হৃদয়ৰ মণিকোঠৰ
পোহনীয়া চৰাইটিয়ে
দুভাগ নিশা ৰিঙিয়াই কৈছিল
পাহাৰৰ সিপাৰে
এতিয়া গড়াখহনীয়াৰ বতৰ
ওফন্দি উঠিছে ধৰাৰ
বুকু
আহিছে ঢল ফেনে ফূটুকাৰে
শুনিছো শুকুলা মেঘৰ আৰ লৈ
দেও দি ফুৰা বিজুলীৰ
উচ্ছাসৰ আস্ফালন
সৃষ্টি হয় অজানিতে আৱেগ
এষাৰ মনৰ কথা
সুৰ হৈ ওলাই আহে
মৌনতাৰ
দুৱাৰ দলিত
ধীৰে ধীৰে
গতি কৰে
শূন্য আশাৰে হৃদয়ৰ কাষে কাষে
চিপ চিপ শব্দ আৰূ
ওফণ্ডি উঠা আৱেগ
অনুভৱ কৰো পিঞ্জৰাবদ্ধ ময়