অজুব সুৰৰ বুৰবুৰণি












সৰাপাতৰ গুনগুননিৰ মাজেৰে 
থমকি থমকি 
কেতেকীৰ ভাগি অহা কণ্ঠত
হিয়াত বাজি উঠে  
চাঞ্চল্যৰ এটি মৃদু স্পন্দন

চুচুক চামাককৈ এজাক বতাহে
আৱেগৰ ধল বোৱাই  
হৃদয়ত ধালি দিয়ে 
উতলা বিচিত্ৰ নীৰৱ ৰাগিণী

মনৰ অশান্ত ঢৌৰ উৰ্মীমালা
বতাহৰ আচলত ধৰি
ধাবমান হয়

মায়াৰ ফান্দত পৰি 
বৈ যায় হৃদয়ৰ স্তৰে স্তৰে
উগুল থুগুল এটি নুবুজা ৰাগ

এই অজুব সুৰৰ বুৰবুৰণি
বুকুত নিঃশব্দে বগাই ফুৰি
এৰি থৈ যায়
কিছু আনন্দ আৰু কিছু বিষাদ