চক্রবেহুৰ মেৰপাকত বন্দি জীৱন

জীৱনৰ অকোৱা পকোৱা বাটত
ঠিকনা বিহীন হৈ যান্ত্রিকতাৰ চক্ৰবেহুত পৰি
অলস মন্থৰ দেহত বিয়পি যায় 
কিছুমান শব্দৰ কলকলনি

আশা নিৰাশাৰ মাজত দুবাহু মেলি 
সুখ-দুখৰ চঞ্চল চমক
হিয়াত বাগৰে

হে জীৱন
স্বপ্নৰ জাল ৰচি
গুজৰি-গুমৰি দশোদিশে খলকনি তুলি কৰা যাত্ৰাৰ
সীমাহীন গতিৰ
দূৰ দিগন্ত  বিয়পি থকা জীৱন অভিধানৰ  
বিচিত্ৰ কাহিনীৰ এইযে চেতনা
তাতো কিছো ৰোমাঞ্চ্ আছে

অবুজ মাদকতাৰ স্বকীয় উপলব্ধিৰ
জীৱনে খোজ লয় খলা বমা পথেৰে

এই অস্তিত্বৰ জিলমিল ৰূপৰেখাই
বুকুত ৰচে বিচিত্ৰ সুৰ
খলা-বমা পথবোৰত চমকি ৰৈ
জগাই উষ্ণ আমেজ 

এক অনুভূতিৰ সাথঁৰ
শৰীৰৰ প্ৰতিটো বিন্দুত উপচি পৰে

চক্রবেহুৰ মেৰপাকত বন্দি
জীয়াই থকাৰ উদ্দেশ্য
অকোৱা পকোৱা বাটৰ
এটি যেন সুসম্পূৰ্ণ সমাহাৰ