মন হেৰাই ক্ষনিকতে


















সুখ দুখৰ সীমা এৰি
উটুৱাই দিছিলো মন
তামস আকাশৰ স্তব্ধতা ভাঙি 

থমকি থমকি
মৌনতাৰ আৰ লৈ
বুকুয়েদি বৈছিল
মুক্ত বতাহৰ অনুভৱ

নৈপৰীয়া বতাহত
বুকুত সিঁচৰিত আশাবোৰ
বৈ যায় দূৰ-দূৰণিলৈ

ঢৌ খেলা বিৰিণাৰ
আত্মতৃপ্তিৰ অভিনৱ মাদকতাত
মন হেৰাই ক্ষনিকতে

সজীৱ আৱেদনৰ মধুৰ অনুভূতিৰ
মায়াত পৰি 
উন্মনা হৈ পৰে হৃদয়

বুকুত উবুৰি খাই পৰা হেঁপাহবোৰ
লহৰিত হৈ একাকাৰ হয়
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ সুৰত

সন্ধিয়াৰ ওৰণিৰ আৰে আৰে
নিৰৱে মাৰ যায়
অবুজ মায়াৰে ভৰা
দোমোজাত পৰা হৃদয়ৰ ভাৱবোৰ