শীতৰ পূৱা








শীতৰ আৱেশত পূৱতী নিশাৰ দূবৰীৰ বুকুত
মৌনতাৰ নিস্তব্ধতা ভাঙি নিয়ৰৰ বুকু ফালি 
উফৰি পৰিছে সূৰুযৰ কিৰণ

এচেৰেঙা মিঠা ৰ'দ পাই
হৃদয় দাপোনত ভাহি উঠে আৱেগৰ সুৰ

সিঁচৰিত বনৰীয়া সুবাসেৰে
ভাহি যায় অন্তৰৰ আঁহে আঁহে এটি ঝংকাৰ

শীতৰ পূৱা নৈৰ যুঁৱলিত বহি
কোমল বতাহৰ স্নিগ্ধ পৰশত 
স্মৃতিবোৰে কোলাহল কৰে 
নৈৰ আন্দোলিত ঢৌৰ তালে তালে

নৈৰ সিপাৰ নেদেখা
ডাঠ কুঁৱলীৰ আৰৰ নিৰৱতাত উন্মনা হৈ কঁপে
ঠিকনাবিহীন এক আৱেগিক অনুভূতি

নিগৰি নিগৰি অহা অবুজ ভাষাৰ গানবোৰ
বৈ হেৰাই যায় কুৱলীৰ ৰিহাৰ আৰত

শীতৰ আমেজ-2











ৰঙৰ তুলিকাৰে সঁজা
এয়া এক
উৎসৱৰ আয়োজন

আকাশ বিয়পি থকা
শুকুলা চাদৰত
পোহৰে লুকাভাকু খেলি
সৃষ্টি কৰিছিল
অলেখ ছবিৰ সমাহাৰ

মৃদু মলয়াৰ লগত
ধেমালী কৰি কুঁৱলীয়ে
সিঁচি দিছিল
পাতে পাতে নিয়ৰৰ বোল

অলিয়ে গলিয়ে বিচাৰি ফুৰিছিলো
পূৱতী আন্ধাৰত সৰি পৰা
জোনাকৰ বোলসনা
মুকুতাৰ টোপালবোৰ

ৰূপালী দলিচা










কল্পনা কৰিব পাৰো মই
এখনি আকাশ ডাৱৰে আৱৰা
ঢাকি দিব পাৰো বেলি
তথাপিও জানো বেলি়টোৰ
উজ্জ্বলতা নোহোৱা হব

দুবৰিৰ বুকুত
নিয়ৰৰ টোপালবোৰে সজা
ৰূপালী দলিচা কাৰবাবে

শীতৰ ৰাতিপোৱা
শুনিছানে কেতিয়াবা
কুঁৱলী আৰু নিয়ৰৰ গুপুত কথা

শীতৰ ৰাতিপোৱা
দেখিছানে কেতিয়াবা
সূৰুযক আদৰিবৰ বাবে
প্ৰতি পূৱাবেলা
দুয়োৰে দলিচা গঠাৰ নিত্য প্ৰথা ।

বুকু ফালি বৈ আহে













পূৱতী নিশাৰ
শীতৰ ৰাগিনীৰ আৱেশত
দূৱৰীৰ বুকুত সজা
নিয়ৰৰ দলিচাত উফৰি পৰিছে
হৃদয় দাপোনত ভাহি উঠা আৱেগ

মৌনতাৰ নিস্তব্ধতা ভাঙি
এচেৰেঙা মিঠা ৰ'দ
ভাহি গ’ল সুৰৰ ঝংকাৰ হৈ

সিঁচৰিত বনৰীয়া সুবাসেৰে
কোনো অজান প্রেয়সীৰ
প্রতিশ্রুতিৰ মিলন সংগীত
বুকু ফালি বৈ আহে

শীতৰ আমেজ









শীতৰ পূৱা নিয়ৰৰ আঁচল টানি
এজোলোকা আনন্দ এঙামুৰি দি
নৈৰ যুঁৱলিত জিলিকি উঠিল

নিশাৰ ৰাগিনীত ফুল সিঁচি
শীতৰ লঠঙা ডালত
ওলমি থকা টোপালবোৰ
সৰি পৰিছে
এটোপ এটোপকৈ

দোকমোকালিৰ কোমল বতাহত
বৈ যোৱা শেৱালিৰ স্নিগ্ধ সুবাসত
মোৰ আঁহে আঁহে বৈ যায়
উত্তাল তৰংগৰ ঢৌ

ৰেলৰ উকি শুনি











ৰেলৰ উকি শুনি
চক খাই বিচনাত বহো
ধূসৰ হৈ পৰা ছবি এখন
ডুব যোৱা নাৱৰ দৰে
চুটি হৈ আহে

নামনি অভিমুখী ৰেলৰ উকিত
টোপনিৰ জালত
শুনো ভৰিৰ শব্দ

অনুভৱ কৰিব পাৰিছো
মোৰেই বাৰীৰ চুকৰ
কলপাত লৰিছে

এইদৰে পাৰ হয় অজস্ৰ ৰাতি
মোক খুঁটিয়াই-বখলিয়াই
পাৰ হৈ যায়
ৰেল উকি মাৰি

চক খাই চক খাই
সাৰ পাও প্ৰতিটো ৰাতি
তেজত বিয়পি পৰে
নিজকে বিচাৰি ফুৰাৰ হাবিয়াস

অতৃপ্তি












উপলুঙা কৰা স্মৃতিবোৰে
কোলাহল কৰি সুৰ টানে

জোনাকেও ডাৱৰক মাতে
ভাৱনাত কলা মেঘ ঢাকি

ওৰে ৰাতি তাত প্ৰতিবিম্ব হৈ ভাঁহে
অতৃপ্তিৰ পালতৰা নাও

ডাৱৰৰ ফাকেদি অহা পোহৰত দেখোঁ
জোনেও নোচোৱাকৈয়ে হাঁহে

দীঘলীয়া সময়বোৰ









অহা বাটে ভটিয়াই গৈছিল
দীঘলীয়া সময়বোৰ
আশাবোৰ শিপাইছিল বুকুত

ওঁঠৰ কপঁনিত
নিৰ্বাক হৈ ওলমি ৰৈছিল
দিনবোৰ আৰু ৰাতিবোৰ

নৈৰ আন্দোলিত ঢৌত
থৰথৰকৈ কঁপিছিল
পানীত উপঙি যোৱা
বিসৰ্জিত ফুলৰ পাহি

অপেক্ষাৰ ৰেখা








বালিত বহি
খোপাত গুজি লয়
পোহৰে ঢৌ তুলি যোৱা
ৰিহাৰ আঁচল

শুধ বগা নৈৰ সিপাৰৰ
চিনাকী নিৰৱতাৰ বাঁহী
বাজি থাকে বতাহত

বুকুৰ আলসুৱা
সাঁচি থোৱা খিলখিল নিজৰা
নামি আহিছিল
সোণবৰণীয়া তৰা হৈ

বিজুলী চমকি
কঁপালৰ ফুটটো
ডুব মাৰিছিল
কলঙৰ ঢৌ হৈ

ফুলৰ স্নিগ্ধতা সনা
এই পবিত্ৰ প্ৰেমে
ভৰিৰ আঙুলিৰে বালিত আঁকিছিল
অপেক্ষাৰ ৰেখা

অনুভৱ











পছোৱা বতাহত
হৃদয়ৰ খোৰোঙাৰে
খিলখিলাই নামি আহিল
এটি ঘনিষ্ঠ উত্তাপ

আন্ধাৰতে খেপিয়াই ফুৰিলো
বুকুত দ্ৰৱীভূত
বসন্তৰ গাত গা ঘঁহি নামি অহা
চাকনৈয়াৰ ঢৌ

আবেগিক অনুভূতি









উন্মনা হৈ উতলে
ঠিকনাবিহীন আবেগিক অনুভূতি
বৰ্ণহীন  কবিতাৰ ধোঁৱাবোৰ
দুপৰ নিশা উজাই
পালতৰা নাও বাই বাই
জহি-খহি যোৱা হৃদয়ে
অবাক হৈ বিচাৰে
বুকুৱেদি বৈ যোৱা
কপিলীৰ সোঁত

অনন্ত অপেক্ষাৰ ক্ষণবোৰ









উচপিচ বতাহৰ দৰে
অস্থিৰতাৰ নিঃশ্বাসত
অনন্ত অপেক্ষাৰ ক্ষণবোৰে
পূৰ্ণ নিৰৱতাৰে
দগ্ধ কৰিছে সকলো
ৰৈ থকা প্ৰিয়জনৰ
বুকূত শিলাখণ্ড বহুৱাই

অবুজ ভাষাত ফুটি উঠা গানবোৰ
বতাহে বতাহে বৈ যায়
অজান অচিন কোনোবা
গধূলীৰ আন্ধাৰত

কঁপিছিল তুলসীৰ চাকিশিখা
নিগৰি আহিছিল
তেজৰঙা চকুৰ লুটক

বিষাদৰ নিয়ৰত তিতি
শতচিন্ন শৰীৰটো গৈ থাকে
নিঃসংগতাৰ জয়াল বাটটোৰে

সোঁৱৰণিৰ এচেৰেঙা জোনাক












কুঁৱলীৰ ফাঁকে ফাঁকে বিৰিঙিছে
সোঁৱৰণিৰ এচেৰেঙা জোনাক

ৰঙা ৰঙা তেজসনা
ওপঙি থকা এচপৰা ডাৱৰে
নিৰৱে ঢাকিলে হেঁপাহৰ জোন

উমিউমি জ্বলি  দুখৰ হুমুনিয়াহে
সেমেকালে দুচকু

বিষণ্ণতাৰ দলঙেদি
বাগৰি পাৰহৈ আহিছিল
কুঁৱলীৰ পৰা সৰি পৰা
চেঁচা টোপালবোৰ

নিৰৱে পাৰ হওঁ সাগৰ

চিনাকি আলিবাটবোৰ
আজি অচিনাকি
বহুদিন পাৰ হৈ গ’ল

বুকুত আহি পৰিছে
ডাৱৰৰ মাজেদি অহা
এচেৰেঙা ৰ’দ

পুৱাতে গানগোৱা চৰাইটো
বহুদিন নিৰৱে আছিল

যোৱা কিছুদিন ধৰি টোপনি নাই
ভয় আৰু আতংকৰ ভাৱ এটা
দৌৰি ফুৰিছে মনৰ মাজত

নিজানত নিৰলে বহি
বুৰঞ্জীৰ পাত লুটিয়াই ভাবিছো
নিৰৱে পাৰ হওঁ সাগৰ

হঠাতে গানগোৱা চৰাইটোয়ে
বুকুত ধপধপাবলৈ ধৰিলে

বিজুলীৰ দৰে এটি শিহৰণ
বৈ গ’ল শৰীৰত

বেলিৰ পোহৰে তেতিয়া
মন দুৱাৰত টুকুৰিয়াই
অস্থিৰ হৈ পৰিছিল

পাখি মেলি উৰি যায়

একাবেকা বোঁৱতী সোঁতত
নৈ পৰীয়া সপোনে
বুকুলৈ কঢ়িয়াই লৈ আনে
মাটি আৰু জীৱনৰ
মধুভৰা গান

খলা-বমা পথাৰৰ মাজে মাজে
ওখোৰা মোখোৰা পথত
নদীবোৰেও লয়
সুকীয়া বাট

আন্ধাৰতো তিৰবিৰাই উঠে
অন্তৰৰো অন্তৰৰ পৰা
আনন্দ আৰু বিষাদেৰে ভৰা
মোৰ অৱস্থান

সেউজ হাবিৰ বুকুয়েদি বৈ অহা
প্ৰকৃতিৰ প্ৰতিটো শব্দত
উচপিচ বতাহৰ আলিংগন

বহুদিনৰ নিৰৱতাৰ পিচত
মনৰ ৰঙিয়াল চৰাইটো
পাখি মেলি উৰি যায়
শুকুলা মেঘৰ মাজে মাজে
ডেউকা কোবাই